ETV Bharat / state

পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাই দিয়াৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্রতিবাদ - ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022)। কিন্তু নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া দিনটোক লৈ সন্তুষ্ট নহয় কংগ্ৰেছ দল । ৰঙালীৰ সাতবিহুৰ পৰম্পৰাৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ । নিৰ্বাচনৰ দিন পিছুৱাই দিবলৈ কংগ্ৰেছৰ দাবী ।

APCC protest
গুৱাহাটীত কংগ্ৰেছৰ প্রতিবাদ
author img

By

Published : Mar 26, 2022, 6:20 PM IST

গুৱহাটী,২৬ মাৰ্চ : ৰঙালী বিহুৰ সাতবিহুৰ পৰম্পৰাৰ মাজতে অহা ১৯ এপ্ৰিলত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ দিন ধার্য কৰা কাৰ্যৰ বিৰোধিতা কৰি অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে শনিবাৰে গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (APCC protest at Guwahati)। কাৰ্যসূচীত অংশগ্রহণ কৰা কংগ্ৰেছৰ নেতা-কর্মীসকলে হাতে হাতে বেনাৰ, পতাকা লৈ বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়-"অসমৰ জাতীয় উৎসৱ বাপতি-সাহােন ৰঙালী বিহুৰ সাতবিহুৰ পৰম্পৰাৰ মাজতে চৰকাৰে অহা ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ দিন ধার্য কৰা কাৰ্যক তীব্র ধিক্কাৰ দিছো । এই অবিবেকী সিদ্ধান্তৰ প্রতিবাদত আৰু তাৎক্ষণিকভাৱে এই সিদ্ধান্ত প্রত্যাহাৰ কৰি অসমৰ ৰাইজক বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ সুবিধা দিয়াৰ দাবীত এই প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰা হৈছে ।" তেওঁ কয় যে চৰকাৰৰ এই অবিবেকী সিদ্ধান্তৰ বিৰুদ্ধে যোৱা ২৪ মার্চত কংগ্ৰেছৰ তৰফৰ পৰা ৰাজ্যিক নির্বাচন আয়ােগৰ আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছিল যদিও আয়ােগে অসমীয়াৰ জাতীয় আৱেগ জড়িত হৈ থকা এই বিষয়টোক লৈ এই পর্যন্ত কোনাে সিদ্ধান্ত ঘােষণা কৰা নাই ।

পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাই দিয়াৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্রতিবাদ

তেওঁ কয় যে বিজেপিৰ বাবে নিৰ্বাচন (GMC election 2022) গুৰুত্বপূৰ্ণ । কংগ্ৰেছৰ মতে অসমীয়া আৰু অসমৰ জাতীয় উৎসৱ বাপতি-সাহােন ৰঙালী বিহু গুৰুত্বপূৰ্ণ । গতিকে সাতবিহুৰ পিছত কংগ্ৰেছে নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচাৰিছে (Congress protest demanding postponement of GMC elections)।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্রদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে অসমীয়াৰ স্বাভিমান ৰঙালী বিহুৰ মাজত কোনাে কাৰণতে চৰকাৰে নির্বাচন অনুষ্ঠিত কৰিব নােৱাৰিব (Congress not satisfied with GMC election date)। ৰঙালী বিহুৰ সকলাে আনন্দ উল্লাহ ধূলিস্যাৎ কৰি এইদৰে একপক্ষীয়ভাৱে নির্বাচন ঘােষণা কৰি চৰকাৰে অসমীয়া জাতিক চৰম অপমান কৰিছে ।

ইপিনে অসম প্রদেশ কংগ্ৰেছৰ নেতা মনজিৎ মহন্তই কটাক্ষ কৰি কয় যে আৰ এছ এছৰ প্রতিষ্ঠা দিৱস পাতি আহ্লাদিত হােৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জাতীয় উৎসৱৰ গৰিমা অনুভৱ কৰিব নােৱাৰাটোৱেই স্বাভাৱিক । প্রদেশ কংগ্ৰেছে কোনাে কাৰণতে এনে সিদ্ধান্ত মানি নলয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে । কাৰ্যসূচীৰ শেষত অসম প্রদেশ কংগ্ৰেছৰ তৰফৰ পৰা নিৰ্বাচন আয়োগলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :AASU Protest in Guwahati : বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত মহানগৰীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.