ETV Bharat / state

FIR against Himanta Biswa Sarma: মুখ্যমন্ত্রীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল

ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰা সন্দৰ্ভত বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র বসন্ত কুমাৰ শৰ্মা আৰু ভবানী কলিতাই হাতীগাঁও থানাত মুখ্যমন্ত্রীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে (APCC lodged an FIR against CM)। এজাহাৰ যোগে ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হয় । লক্ষণীয়ভাৱে দিছপুৰ আৰক্ষীয়ে গ্ৰহণ নকৰিলে এজাহাৰ ।

APCC
মুখ্যমন্ত্রীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল
author img

By

Published : Feb 16, 2022, 4:44 PM IST

গুৱাহাটী,১৬ ফেব্ৰুৱাৰী : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল কৰা হৈছে এজাহাৰ । লক্ষণীয়ভাৱে বুধবাৰে পুৱাৰ ভাগত দিছপুৰ থানাই প্ৰদেশ কংগ্ৰেছৰ এটা সজ‍াতি দলৰ পৰা এজাহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত আছিল যদিও অৱশেষত হাতীগাঁও থানাই গ্ৰহণ কৰে এজাহাৰ (APCC lodged an FIR against CM)। উল্লেখ্য যে ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰা সন্দৰ্ভত বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র বসন্ত কুমাৰ শৰ্মা আৰু ভবানী কলিতাই হাতীগাঁও থানাত মুখ্যমন্ত্রীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ।

এজাহাৰ যোগে ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হয় । ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰৰ নেতৃত্বত যোৱা এটা সজাতি দলৰ এজাহাৰ উত্তৰাখণ্ডৰ ঘটনা বুলি কৈ গ্ৰহণ কৰা নাছিল দিছপুৰ আৰক্ষীয়ে । হাতীগাঁও থানাত এজাহাৰ দাখিল কৰাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র ভবানী কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে উত্তৰাখণ্ডত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ যোগেদি আমি অপমানবোধ কৰিছো । মুখ্যমন্ত্রীয়ে নাৰী জাতিক অপমান কৰিছে ।

মুখ্যমন্ত্রীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল

ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস আছে বুলি উল্লেখ কৰি তেওঁ কয় যে দিছপুৰ থানাই বিভিন্ন অজুহাতত প্ৰদেশ কংগ্ৰেছৰ সজাতি দলে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে । হাতীগাঁও থানাতো প্ৰথমে ল'ব বিচৰা নাছিল যদিও অৱশেষত ল'লে বুলি তেওঁ কয় ।

উল্লেখ্য যে ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক । নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ মুখ্যমন্ত্রী শৰ্মাই প্ৰশ্ন তুলিছিল । মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল ।

তেলেংগনাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অপসৰণৰ দাবী জনাইছে । ইফালে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌশনলাল বিট্টুৱে মহাৰাষ্ট্ৰৰ ৰামনগৰ থানাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে । অসমতো কংগ্ৰেছে জোৰদাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । ঘটনাৰ তীব্ৰ নিন্দা কৰি সোমবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে গুৱাহাটীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল ।

লগতে পঢ়ক :হিমন্ত বিশ্বই ভাৰতীয় সভ্যতা সংস্কৃতিক অপমান কৰিছে: আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.