ETV Bharat / state

APCC holds meeting in Guwahati: প্ৰত্যক্ষ মিত্ৰতা অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ : ভূপেন বৰা - হাথ সে হাথ জোড়ো যাত্ৰা

দেওবাৰে অসম বিধানসভাৰ সভাকক্ষত প্ৰদেশ কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক (APCC holds meeting in Assam Assembly)। দলৰ ৰাষ্ট্ৰীয় নেতাৰো অংশ গ্ৰহণ । কংগ্ৰেছৰ পৰৱৰ্তী ‘‘হাতে হাত ধৰি যাত্ৰা’’ কাৰ্যসূচীৰ ৰূপৰেখা নিৰ্ণয় । ঘৰে ঘৰে যাব কংগ্ৰেছ নেতা-কৰ্মী । প্ৰতিটো পৰিয়ালক দিব ৰাহুল গান্ধীৰ পত্ৰ । ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই ।

APCC holds meeting in Guwahati
‘‘হাতে হাত ধৰি যাত্ৰা’’ কাৰ্যসূচীৰ ৰূপৰেখা নিৰ্ণয়
author img

By

Published : Jan 8, 2023, 7:28 PM IST

‘‘হাতে হাত ধৰি যাত্ৰা’’ কাৰ্যসূচীৰ ৰূপৰেখা নিৰ্ণয়

গুৱাহাটী, ৮ জানুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ (Lok Sabha election) প্ৰতি লক্ষ্য ৰাখি দলক শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণৰ উদ্দেশে আজি অৰ্থাৎ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ ৰথী-মহাৰথীসকল সমবেত হয় বিধানসভাৰ জি এন বি প্ৰেক্ষাগৃহত । অনুষ্ঠিত হয় কেইবাখনো বৈঠক (APCC holds meeting in Assam Assembly) ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি সকলো শীৰ্ষ নেতাৰ লগতে সাংসদ আৰু বিধায়কৰ উপৰি জিলা পৰ্যায়ৰ নেতাসকলেও অংশগ্ৰহণ কৰে এই বৈঠকত । বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হোৱা এই বৈঠকত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো নেতা উপস্থিত থাকে । জানিব পৰা মতে, সোমবাৰেও প্ৰদেশ কংগ্ৰেছৰ এই বৈঠক অনুষ্ঠিত হ’ব ।

লক্ষণীয় বিষয় যে, বিগত সময়ত প্ৰতিটো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা প্ৰদেশ কংগ্ৰেছ আভ্যন্তৰীণ সংঘাতৰো সন্মুখীন হৈ আহিছে । ইফালে বিগত সময়ত বহুকেইজন নেতাই দলো ত্যাগ কৰিছে । বিভিন্ন দিশৰ পৰা সংকটত থকা দলটোক উদ্ধাৰ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চেষ্টা অব্যাহত ৰাখিছে ।

শেহতীয়াকৈ কংগ্ৰেছৰ ‘‘ভাৰত জোড়ো’’ যাত্ৰাৰ (Bharat Jodo Yatra) অসমত সামৰণি পৰিছে যদিও দেশজোৰা যাত্ৰা এতিয়াও অব্যাহত আছে । ইফালে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ পাচতে আৰম্ভ কৰিব ‘‘হাথ সে হাথ জোড়ো যাত্ৰা’’ (Hath se hath Jodo Yatra)। ২৬ জানুৱাৰীৰ পৰা এই অভিযান আৰম্ভ হ’ব । অসমতো এই অভিযানৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ।

আজি অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৈঠকত এই সন্দৰ্ভতো আলোচনা কৰা হয় । বৈঠক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ‘‘হাতে হাত ধৰি যাত্ৰা’’ কাৰ্যসূচীৰ বাবে আজিৰ সভাত এক ৰূপৰেখা নিৰ্ণয় কৰা হয় । সেই অনুসৰি, ২০ জানুৱাৰীত উত্তৰ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ সামৰি বিহপুৰীয়াত সভা অনুষ্ঠিত হ’ব আৰু সেই সভাতেই উত্তৰ অসমৰ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হ’ব ।

লগতে পঢ়ক : Assam CM Attending 28th State Convention of ABVP: বামপন্থীসকলে সদায় ইতিহাস বিকৃত কৰি আহিছে

আনহাতে, বৰাকত সিদ্ধান্ত চূড়ান্ত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে, ২৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে বৰাক উপত্যকাত ‘‘হাতে হাত ধৰি’’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । আনহাতে, বাকী অসমৰ বাবে জিলা ভিত্তিক তথা সমষ্টি ভিত্তিক কাৰ্যসূচীৰ সময়সূচী চূড়ান্ত হোৱা নাই যদিও অসমৰ প্ৰতিটো পৰিয়ালৰ চোতাললৈ কংগ্ৰেছৰ নেতা-কৰ্মীসকল যাব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে ৰাহুল গান্ধীয়ে দিয়া এখন পত্ৰ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ দিয়া হ’ব ।

এ আই ইউ ডি এফৰ প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছে কেতিয়াও ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা দলৰ লগত খোজ নিদিয়ে তথা সম্পৰ্ক নাৰাখে । ৰাহুল গান্ধীৰ লগত বদৰুদ্দিন আজমলে সংগ দিব বিচৰাৰ প্ৰসংগত তেওঁ কয় যে ৰাহুল গান্ধীৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলে যাত্ৰাত সংগ দিয়াৰ সময়ত বহু কথা আলোচনা হৈছিল । সেই আলোচনাত মহাজোঁটবন্ধন ভংগ কৰাৰ কাৰণ সম্পৰ্কেও আলোচনা কৰা হৈছিল ।

তেতিয়া ৰাহুল গান্ধীয়ে কৈছিল যে এজন নেতাই বদৰুদ্দিন আজমলে তেওঁৰ সৈতে যাত্ৰাত সংগ দিব বিচৰাৰ কথা কৈছিল । কিন্তু ৰাহুল গান্ধীয়ে অসমৰ নেতাই বেয়া পাব বুলি সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল । এই কথা ৰাহুল গান্ধীয়ে নিজে কোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰে । তেওঁ লগতে কয় যে প্ৰথমে পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু হৈছে আৰু এই নিৰ্বাচনত কংগ্ৰেছে কাৰো লগত প্ৰত্যক্ষভাৱে মিত্ৰতা নকৰে ।

উল্লেখ্য যে, আজি অসম বিধানসভাৰ সভাকক্ষত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰ্যবেক্ষক তথা সাংসদ ৰঞ্জিত ৰঞ্জন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ দুই সম্পাদক ক্ৰমে পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু বিকাশ উপাধ্যায়ৰ উপস্থিতিত অনুষ্ঠিত হৈছিল উক্ত সভাখন ৷

এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সকলো বিধায়ক, বিষয়ববীয়া, জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখপাত্ৰ সকল, ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব, জিলা সভাপতিসকল উপস্থিত আছিল ৷

‘‘ভাৰত জোড়ো যাত্ৰা’’ৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিটো ব্লক আৰু বুথ পৰ্যায়ত ৰাইজৰ কাষলৈ গৈ জনগণক সংগঠিত কৰিবলৈ এই ‘‘হাথ সে হাথ জোড়ো অভিযান’’ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : Case against police: অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাসহ 9 জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.