ETV Bharat / state

APCC criticizes CM: ৰাজ্যসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা - APCC criticizes Assam chief minister role in Rajya Sabha elections

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ বিধায়ক শশীকান্ত দাসৰ ঘৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছে (APCC criticizes Assam Chief Minister) ৷ নিজকে সৰ্বশক্তিমান বুলি দাবী কৰা মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছী বিধায়কৰ ঘৰলৈ যাবলগীয়া হ’ল কিয় বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ৷

Himanta Biswa Sarma meets Sashikanta Das
ৰাজ্যসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা
author img

By

Published : Mar 21, 2022, 5:24 PM IST

গুৱাহাটী, ২১ মাৰ্চ: ‘‘বিৰোধী ঐক্যই ৪৩ খনৰ উপৰিও মিত্ৰজোঁটৰ ভোট পালেও আচৰিত হ’ব লগা একো নাথাকিব’’- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ । সোমবাৰে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, আজিৰ দিনটো ৰাজ্যৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ ।

ৰাজ্যসভাৰ দুয়োখন আসনৰ আজি মনোনয়নৰ অন্তিম দিন আছিল । ৰিপুন বৰাই মনোনয়ন পত্ৰ দাখিল কৰা পৰ্বত সকলো বিৰোধী দলে সহযোগ কৰিছে বুলি মন্তব্য কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় যে, ৰাজ্যসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকা অতিশয় দুৰ্ভাগ্যজনক (APCC criticizes Assam Chief Minister) । নিজকে সৰ্বশক্তিমান বুলি দাবী কৰা মুখ্যমন্ত্ৰী কংগ্ৰেছী বিধায়কৰ ঘৰলৈ যাবলগীয়া হ’ল কিয় ? ইয়াৰ পূৰ্বে ইমান লজ্জ্বাজনক অৱস্থালৈ কোনো মুখ্যমন্ত্ৰী যোৱা নাছিল (Himanta Biswa Sarma meets Sashikanta Das)।

ৰাজ্যসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা

মুখ্যমন্ত্ৰীৰ পদমৰ্য্যদা লাঘৱ কৰা ব্যক্তি, ক্ষমতাৰ নামত মতলীয়া মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত গণতন্ত্ৰক ভেঙুচালি কৰা হৈছে মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, আমি উমৈহতীয়াভাৱে বিৰোধী পক্ষই এগৰাকী প্ৰাৰ্থী মনোনীত কৰি প্ৰতিদ্বন্দিতা আগবঢ়াইছো । শাসকীয় বিজেপি দলে যিমানেই প্ৰলোভনৰ ৰাজনীতি নকৰক কিয় বিজেপি বিৰোধী ভোটৰ বিভাজন নহয় আৰু আমি জিকিমেই ।

বিধানসভাৰ অধ্যক্ষৰ ভুমিকাক সমালোচনা কৰি তেও কয় যে, দুৰ্ভাগ্যজনক কথা বিধানসভাৰ অভিভাৱক ‘অধ্যক্ষ’গৰাকীয়ে কালি ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত কৰা মন্তব্য অতিশয় লজ্জ্বাজনক । তেওঁ হয়তো পাহৰি গ’ল যে, সংবিধানে অধ্যক্ষৰ মৰ্য্যদা কি ধৰণে মূল্যাংকন কৰিছে । এগৰাকী নিৰপেক্ষ ব্যক্তি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিবলগীয়া অধ্যক্ষগৰাকীয়ে কালি কৰা মন্তব্য ইতিবাচক নে প্ৰলোভন ? কাৰণ বিভিন্নজনৰ দৃষ্টিত তেওঁৰ বক্তব্যই শাসক দলক ‘ঘোঁৰা-বেচা কিনা’ত ইন্ধন যোগোৱা নাইতো বুলি তেও মন্তব্য কৰে ।

লগতে পঢ়ক: হৰ্ছ ট্ৰেডিঙক লৈ উত্তাল বিধানসভা : বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.