ETV Bharat / state

Anganwadi workers protest : অংগনৱাড়ী কৰ্মী তথা সহায়িকাক মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবী - অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী

মহানগৰ চচলত তীব্ৰ প্ৰতিবাদ ৷ অংগনৱাড়ী কৰ্মী সহায়িকাকৰ মজুৰিৰ লগতে এককালীন সাহার্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে সহস্ৰাধিক অংগনৱাড়ী কৰ্মী, সহায়িকাই (Anganwadi workers protest in Guwahati) ৷

Anganwadi workers protest in Guwahati
অংগনৱাড়ী কৰ্মী তথা সহায়িকাক মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবী
author img

By

Published : Mar 17, 2023, 10:58 PM IST

অংগনৱাড়ী কৰ্মী তথা সহায়িকাক মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবী

গুৱাহাটী, ১৭ মাৰ্চ: ৰাজ্যজুৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে এইবাৰ প্ৰতিবাদত কঁপি উঠিল মহানগৰীৰ চচল ৷ ন্যাৰ্যপ্ৰাপ্তিৰ দাবীত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত পুনৰ উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী (Anganwadi workers protest)। শ্ৰম আইন অনুসৰি কর্মী-সহায়িকাক মাহিলী মজুৰি ২১ হাজাৰ টকা আদায় দিয়াৰ লগতে অৱসৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক অতি শীঘ্ৰে এককালীন সাহার্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে সহস্ৰাধিক প্ৰতিবাদী মহিলাই (Anganwadi workers protest in Guwahati) ৷

প্ৰতিবাদী মহিলা সকলে হাতে হাতে প্লে’ কাৰ্ড লৈ অসম চৰকাৰ হায় হায়,অংগনৱাড়ী কৰ্মী সহায়িকাক মাননিৰ সলনি মজুৰি প্ৰদান কৰক, চৰকাৰে অৱসৰকালীন সাহায্য অতি শীঘ্ৰে আদায় দিয়ক, অৱসৰৰ বয়সৰ সীমা ৬৫ বছৰলৈ বৃদ্ধি কৰক, সহায়িকাৰ পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লওক, মিনি কেন্দ্ৰবোৰ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰক আদিকে ধৰি বিভিন্ন শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভাপতি জয়মতী দাস, উপ সভাপতি ৰীণা বৈশ্য আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেবাৰে কয় যে, ২০২১ চনৰ ২৪ ডিচেম্বৰত সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে অৱসৰী অংগনৱাড়ী কৰ্মীৰ লগতে ৪ লাখ অংগনৱাড়ী কৰ্মীৰ (Assam State Anganwadi Workers) বাবে ৩ লাখ টকা আৰু সহায়িকাৰ বাবে ২ লাখ টকা এক কালীন সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছিল ৷

সেই অনুসৰি ২০২২-২৩ চনৰ অসম বিধাসভাৰ বাজেটত ২৩ কোটি টকা অনুমোদন জনায় যদিও সেই ধনৰ পৰিমাণ কম হোৱাত পুনৰ ২০২২ চনৰ নৱেম্বৰত অনুষ্ঠিত হোৱা শীতকালীন অধিৱেশনৰ পৰিপূৰক বাজেটত ৪৬ কোটি টকা ধাৰ্য্য কৰে। সেই অনুসৰি চৰকাৰে অৱসৰী অংগনৱাড়ী কৰ্মী সহায়িকাৰ বাবে সৰ্বমুঠ ৭৯ কোটি টকা ধাৰ্য কৰিছিল ৷ কিন্তু ইয়াৰ পিচতো আজিলৈ কৰ্মী সহায়িকাই অৱসৰৰ পিচত এককালীন ধন লাভ কৰিবলৈ সক্ষম নোহোৱাত আক্ষেপ প্ৰকাশ কৰে।

সেয়ে চলিত বৰ্ষত অসম চৰকাৰৰ ২০২৩-২৪ বৰ্ষৰ বাজেটত কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰস্তাৱ প্ৰস্তাৱ গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবদাকাৰীসকলে ৷ যদি এই চৰকাৰে অচিৰেই এই দাবী পূৰণ নকৰে তেনেহ’লে পৰবৰ্তী সময়ত তেওঁলোকৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত এমাহজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: Student Protest: ছেবাৰ বিৰোধিতাৰে ৰাজপথত প্ৰতিবাদত নামিল পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.