ETV Bharat / state

সীমা সমস্যা: উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰীৰে আলোচনাত বহিবলৈ আহি আছে অমিত শ্বাহ - বেদখল

সকলো ৰাজ্যকে তেওঁলোকৰ কিমান পৰিমাণৰ মাটি চুবুৰীয়া কোন ৰাজ্যই দখল কৰি আছে, সেই বিষয়ে সবিশেষ তথ্য সম্বলিত প্ৰতিবেদন সাজু কৰিবলৈ কোৱা হৈছে । সেই প্ৰতিবেদন উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ২৫ জুলাইৰ বৈঠকত অমিত শ্বাহক দাখিল কৰিব লাগিব ।

northeast
উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীৰে আলোচনাত বহিবলৈ আহি আছে অমিত শ্বাহ
author img

By

Published : Jul 18, 2021, 4:26 PM IST

গুৱাহাটী, ১৮ জুলাই : ২৫ জুলাইত আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) । সেইদিনা পুৱা তেওঁ গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰি তাৰ পৰা পোনে পোনে ৰাওনা হ'ব শ্বিলঙলৈ । বিশেষকৈ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত লাহে লাহে জটিল হ'বলৈ ধৰা সীমা সমস্যাৰ (Border Conflict) এক সৰ্বগ্ৰহণযোগ্য সমাধান সূত্ৰ নিৰ্ণয়ৰ অৰ্থেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ । ২৫ জুলাইত শ্বিলঙত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এই স্পৰ্শকাতৰ আৰু জটিল বিষয়টোৰ ওপৰত আলোচনাত মিলিত হ'ব ।

প্ৰাপ্ত তথ্য মতে, ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা উত্তৰ-পূৱৰ সকলো ৰাজ্যলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে । সেইমৰ্মে সকলো ৰাজ্যকে তেওঁলোকৰ কিমান পৰিমাণৰ মাটি চুবুৰীয়া কোন ৰাজ্যই দখল কৰি আছে, সেই বিষয়ে সবিশেষ তথ্য সম্বলিত প্ৰতিবেদন সাজু কৰিবলৈ কোৱা হৈছে । সেই প্ৰতিবেদন উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ২৫ জুলাইৰ বৈঠকত অমিত শ্বাহক দাখিল কৰিব লাগিব ।

তাৎপৰ্যপূৰ্ণ যে, এনে বেদখলৰ ফলত সবাতোকৈ অধিক পৰিমাণে অসম ক্ষতিগ্ৰস্ত হৈছে । ইতিমধ্যে বিধানসভাত (Assembly) চৰকাৰৰ ফালৰ পৰা দাখিল কৰা তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডে ৫৫,৩৯৬ হেক্টৰ অসমৰ ভূমি বেদখল কৰি থৈছে । কেৱল সিমানেই নহয়, মিজোৰামে ১৭৭৭.৫৮ হেক্টৰ, মেঘালয়ে ৩৪৪১ হেক্টৰ, অৰুণাচল প্ৰদেশে ৮,৩৯৫ হেক্টৰ অসমৰ ভূমি বেদখল কৰি থৈছে ।

লগতে পঢ়ক: ক'ভিডত স্বামীহাৰা হোৱা মহিলাই লাভ কৰিলে বিশেষ সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.