ETV Bharat / state

Ambubachi Mela 2023:অম্বুবাচী মেলালৈ মাজত এটা এদিন, সাজু আৰক্ষী প্ৰশাসন

author img

By

Published : Jun 20, 2023, 8:53 PM IST

অম্বুবাচী মেলালৈ মাজত এটা এদিন ৷ দেশ-বিদেশীৰ সাধু-সন্ন্যাসী সমাগম ঘটিছে মা কামাখ্যা ধামলৈ ৷ অম্বুবাচী মেলাৰ বাবে প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ৷ মঙলবাৰে আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনৰ যুটীয়া সংবাদমেল ৷ কামাখ্যা তলৰ পৰা পাহাৰৰ ওপৰলৈকে তিনিটাকৈ পুলিচ ক’ন্ট্ৰল ৰুম স্থাপন কৰা কৰা হৈছে ৷ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ভক্তসকলে কামাখ্যা ধামলৈ যাব পাৰিব ৷

Ambubachi Mela 2023:
অম্বুবাচী মেলালৈ মাজত এটা এদিন সাজু আৰক্ষী প্ৰশাসন

গুৱাহাটী,20 জুন : উদুলি-মুদুলি নীলাচলৰ বুকু । দেশ-বিদেশী সাধু-সন্ন্যাসী সমাগম ঘটিছে কামাখ্যা ধামলৈ ৷ অম্বুবাচী মেলালৈ মাজত এটা এদিন। আগন্তুক অম্বুবাচী মেলাক লৈ সম্পূৰ্ণ ৰূপে সাজু হৈছে মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন । অম্বুবাচী মেলাৰ বাবে প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা । মঙলবাৰে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনে যুটীয়া ভাৱে সংবাদমেল সম্বোধন কৰে ।

সংবাদমেল সম্বোধন কৰি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় , ভক্ত সকলৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে । ম’বাইল পেট্ৰলিংকে আদি কৰি নিৰাপত্তাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা কৰা হ'ব । ভক্ত সকলৰ বাবে দুটা বিশেষ কেম্পৰ ব্যৱস্থা কৰা হৈছে । পাণ্ডু আৰু মালিগাওঁ ৰে’ল ষ্টেচনত সাজু কৰা হৈছে কেম্প ।

কামাখ্যা তলৰ পৰা পাহাৰৰ ওপৰলৈ তিনিটাকৈ পুলিচ ক’ন্ট্ৰল ৰূম স্থাপন কৰা কৰা হৈছে । তদুপৰি ৮ টা আৰক্ষী সহায় কেন্দ্ৰ, নিৰাপত্তাৰ ক্ষেত্ৰত ভিন্ন স্থান চিচি টিভি স্থাপনৰ ব্যৱস্থা কৰা হৈছে । ভক্তৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা ।মন্দিৰৰ চৌহদৰ ভিতৰলৈ যিহেতু জোতা-চেণ্ডেল নিবলৈ দিয়া নহয় সেয়ে প্ৰশাসনৰ ফালৰ পৰা জোতা-চেণ্ডেল ৰখাৰ নিৰ্দিষ্ট ঠাইৰ ব্যৱস্থা কৰা হৈছে । মন্দিৰৰ ভিতৰত প্ৰৱেশৰ বাবে ২৬-২৭ জুনত VIP, VVIPৰ বাবে কোনো ব্যৱস্থা নাথাকিব । এই দুদিনত নাথাকিব বিশেষ টিকটৰ ব্যৱস্থা ।

কামাখ্যা ধাম চৌহদত ন’ স্মকিং জ'ন হিচাপে ঘোষণা কৰা হৈছে । ভক্ত সকলে ৰাগিয়াল দ্ৰব্য সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অম্বুবাচীৰ দিনকেইটাত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ভক্তসকলক কামাখ্যা লৈ যোৱাৰ অনুমতি দিয়া হৈছে । প্ৰশাসনৰ নিতি-নিৰ্দেশনা মানি চলাৰ আহ্বান আৰক্ষী আয়ুক্ত গৰাকীৰ ।

আনহাতে সংবাদমেলত কামৰূপ মহাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় প্ৰশাসনে স্থাপন কৰা দুটাকৈ কেম্পত প্ৰায় ১৪ হাজাৰ ভক্ত থাকিব পাৰিব । কামাখ্যা ষ্টেছনৰ কেম্পত প্ৰায় চাৰি হাজাৰ ভক্ত থাকিব পাৰিব, একেদৰে পাণ্ডু কেম্পত 10 হাজাৰ ভক্ত থকাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে কেম্পলৈ ভক্ত অহা আৰম্ভ হৈছে। আৰক্ষী আৰু মহানগৰ প্ৰশাসনৰ প্ৰায় 2 হাজাৰ বিষয়া কৰ্মচাৰী জড়িত থাকিব অম্বুবাচী মেলাত । গুৱাহাটীৰ ভূমিস্খলনৰ দিশটো পৰ্য্যবেক্ষন কৰি থকা হৈছে । কামাখ্যাও যিহেতু ভূমিস্খলন এলেকা হিচাবে চিহ্নিত হৈছে সেয়াও আমি চাই আছো বুলি মন্তব্য কৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

লগতে পঢ়ক:Junmoni Rabha death case: লখিমপুৰত উপস্থিত চিবিআইৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.