ETV Bharat / state

Construction Workers Protest in Guwahati : হাতে হাতে প্লেকাৰ্ড লৈ সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

author img

By

Published : Dec 1, 2021, 5:20 PM IST

১১ দফীয়া দাবী পূৰণৰ দাবীৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ(Construction workers of Assam) ৷ নিৰ্মাণ শ্ৰমিকৰ কল্যাণ বোৰ্ড ৰক্ষা কৰা, সকলো নিৰ্মাণ শ্ৰমিকক নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন কৰাৰ বাবে আঁচনি গ্ৰহণ কৰা, মাহেকীয়া বৰঙণি বেংকত জমা দিয়াত হাৰাশান্তি বন্ধ কৰা আদি বিভিন্ন দাবী উত্থাপন কৰি হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত নিৰ্মাণ শ্ৰমিক সন্থাৰ(construction workers protest in Guwahati) ৷ দাবীসমূহ ডিচেম্বৰৰ শেষত সমাধান নকৰিলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে সন্থাই ৷

all-assam-construction-workers-association-protest-in-guwahati
হাতে হাতে প্লেকাৰ্ড লৈ সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

গুৱাহাটী,1 ডিচেম্বৰ : মঙলবাৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাই মহানগৰীৰ বিৰুবাৰী পইন্টত ১১ দফীয়া দাবী পূৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে । সহস্ৰাধিক নিৰ্মাণ শ্ৰমিকে হাতত প্লেকাৰ্ড আৰু ৰঙা পতাকা লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্নোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে (Construction workers protest in Guwahati)। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা সহস্ৰাধিক নিৰ্মাণ শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । দাবীসমূহ ডিচেম্বৰৰ শেষত সমাধান নকৰিলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে সন্থাই ।

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ফণীধৰ দাসে কয় যে, দেশত থকা অন্যান্য শ্ৰম আইনসমূহৰ লগতে নিৰ্মাণ শ্ৰমিকসকলৰ আইনখনো সন্নিবিষ্ট কৰি ৪ টা কোডত ৰূপান্তৰ কৰিলে নিৰ্মাণ শ্ৰমিকসকলৰ নামত থকা কল্যাণ বোৰ্ডসমূহৰ স্বকীয়তা নাইকিয়া হৈ শ্ৰমিকসকল হাৰাশাস্তি খাব লাগিব ।

ইতিমধ্যে কাৰ্যালয়সমূহত আই কাৰ্ডকে ধৰি পে বুক আদিৰ অভাৱ, মাহেকীয়া বৰঙণি বেংকত জমা লোৱাত হাৰাশাস্তিৰ লগতে গৃহ ঋণ দিয়াৰ কথা আছিল যদিও বৰ্তমানলৈকে আৰম্ভ হোৱা নাই ।

সেয়েহে নিৰ্মাণ শ্ৰমিকৰ কল্যাণ বোৰ্ড ৰক্ষা কৰা, সকলো নিৰ্মাণ শ্ৰমিকক নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন কৰাৰ বাবে আঁচনি গ্ৰহণ কৰা, মাহেকীয়া বৰঙণি বেংকত জমা দিয়াত হাৰাশান্তি বন্ধ কৰা, বকেয়া ধন অতিশীঘ্ৰে আদায় কৰা , পঞ্জীয়ন কাৰ্যালয়ত পে বুক , আই কাৰ্ড সহকাৰে নথি যোগান ধৰা, বোৰ্ডৰ সিন্ধান্ত অনুযায়ী লকডাউনৰ টকা আদায় দিয়াকে ধৰি মুঠ ১১ টা দাবী পূৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে লগতে প্ৰতিবাদৰ শেষত শ্ৰম আয়ুক্তৰ জৰিয়তে শ্ৰম মন্ত্ৰীলৈ ১১ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাই(construction workers of Assam) ।

লগতে পঢ়ক : Worker dies in Electrocution: গুৱাহাটীত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.