ETV Bharat / state

AACHA Press Meet: অসমত লাহে লাহে কমি আহিছে চিনেমা হলৰ সংখ্যা; ইতিমধ্যে বন্ধ হৈছে ৮ টা চিনেমা হল

author img

By

Published : Aug 10, 2022, 8:49 PM IST

চলিত বৰ্ষৰ প্ৰতিটো সপ্তাহত মুক্তি লাভ কৰিছে অসমীয়া চিনেমাই । কিন্তু চিনেমাবোৰ হলত চলা নাই; কিয়নো অসমীয়া মানুহে নাচায় অসমীয়া চিনেমা । আমাৰ পৰিচালকসকলৰ অধিকাংশই যিহেতু প্ৰফেচনেল প্ৰডিউচাৰ নহয়, সেয়েহে ছবি এখন হলত চলোৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধাৰ সৃষ্টি হয় ৷ বুধবাৰে মহানগৰীত এক সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰিছে সদৌ অসম চিনেমা হল মালিক সন্থাই (All Assam cinema hall owners association)।

All assam cinema hall owners association Press Meet In Guwahati
অসমীয়া মানুহে নাচায় অসমীয়া চিনেমা: ৰাজীৱ কুমাৰ বৰা

গুৱাহাটী, ১০ আগষ্ট: ক’ভিডসৃষ্ট পৰিৱেশৰ পিছতে ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৮ টাকৈ চিনেমা হল (Many Cinema Hall closed due to Covid 19 Situation)। ক’ভিডৰ পূৰ্বে ৰাজ্যৰ ৮২ টা চিনেমা হলৰ সম্প্ৰতি ৭২ টা চিনেমা হলহে সক্ৰিয় হৈ আছে । বুধবাৰে মহানগৰীত এক সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰিছে সদৌ অসম চিনেমা হল মালিক সন্থাই (All assam cinema hall owners association)।

সদৌ অসম চিনেমা হল মালিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাই কয় যে ক’ভিড কালত বাৰুকৈয়ে ক্ষতিসাধন হৈছে চিনেমা হলসমূহৰ (Assam Cinema Hall Facing Crisis)। যাৰ বাবে কেইবাটাও চিনেমা হল বন্ধ কৰিবলগীয়া হৈছে। মহানগৰীৰ পুৰণি চিনেমা হল বন্ধ হৈ বৰ্তমান বিবাহ ভৱনলৈ পৰিণত হোৱা বুলিও জনালে সদৌ অসম চিনেমা হল মালিক সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

লগতে তেওঁ কয়, সময়ত বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে একাংশ হলৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিছে বিদ্যুৎ বিভাগে (Electricity department cut off electricity connections of some halls due to non-payment of bills)। সেয়েহে ক’ভিডৰ সময়ছোৱাত বিদ্যুতৰ ফিক্সড চাৰ্জ ৰেহাই দি হলৰ মালিক কতৃপক্ষক সকাহ দিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনোৱা হৈছিল । এই আহ্বান মৰ্মেই চৰকাৰে প্ৰায় ৩০ টা চিনেমা হলৰ ফিক্সড চাৰ্জ ৰেহাই কৰি দিছিল ।

সংবাদ মেলখনত অসমীয়া চিনেমাৰ কথা উল্লেখ কৰি অসম চিনেমা হল মালিক সন্থাই ক’লে, চলিত বৰ্ষৰ প্ৰতিটো সপ্তাহত মুক্তি লাভ কৰিছে অসমীয়া চিনেমাই । কিন্তু চিনেমাবোৰ চিনেমা হলত চলা নাই; কিয়নো অসমীয়া মানুহে নাচায় অসমীয়া চিনেমা । আমাৰ পৰিচালকসকলৰ অধিকাংশই যিহেতু প্ৰফেচনেল প্ৰডিউচাৰ নহয়, সেয়েহে ছবি এখন হলত চলোৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধাৰ সৃষ্টি হয় ৷

সংবাদমেলখনত সন্থাৰ সভাপতি চিন্ময় শৰ্মাও উপস্থিত থাকে ।

লগতে পঢ়ক: চিৰদিনৰ বাবে বন্ধ হ'ল অপ্সৰা চিনেমা হল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.