গুৱাহাটী, 5 আগষ্টঃ শেহতীয়াকৈ এন আৰ চি কৰ্তৃপক্ষই গ্ৰহণ কৰা কিছু সিদ্ধান্তৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে সাধাৰণ ৰাইজ । মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এন আৰ চি কৰ্তৃপক্ষৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।
শুনানিৰ বাবে কেৱল ২৪ ঘন্টা সময়সীমা বান্ধি দিয়া কাৰ্যক নীতি বিৰোধী আখ্যা দিয়ে গগৈয়ে। শুনানিৰ নামত এন আৰ চি কৰ্তৃপক্ষই ৰাজ্যত সৃষ্টি কৰিছে এক সন্ত্ৰাসময় পৰিস্থিতিৰ বুলিও মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে ৷ লগতে বিজেপি-RSSক ভয় কৰি এন আৰ চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনে অগণতান্ত্ৰিক, নীতি বিৰোধী আৰু হঠকাৰীভাৱে এনেদৰেবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য অখিল গগৈৰ। সংবাদমেলযোগে এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইফালে এই হঠকাৰী সিদ্ধান্তৰ পৰা বিৰত থাকি প্ৰতীক হাজেলাক এখন শুদ্ধ এন আৰ চি প্ৰস্তুতৰ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।