ETV Bharat / state

Assam assembly winter session: সদনৰ পৰা মাৰ্শ্বাল লগাই বাহিৰ কৰি দিয়া হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক - winter session of the Assam assembly

আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session)৷ অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা নিলম্বন হ’ল ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Sivsagar MLA Akhil Gogoi)৷

Assam assembly winter session
মাৰ্শ্বেল লগাই বাহিৰ কৰি দিয়া হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক
author img

By

Published : Dec 20, 2022, 12:20 PM IST

Updated : Dec 20, 2022, 1:21 PM IST

গুৱাহাটী, 20 ডিচেম্বৰ : অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমদিনাই সদনৰ পৰা নিলম্বন কৰা হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক ৷ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session)৷ পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশনখন । অধিৱেশন আৰম্ভ হোৱাৰ লগে লগেই বিৰোধীয়ে উত্তাল কৰি তোলে সদন ৷

প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে আজিৰ বিধানসভাৰ শীতকালীন অধিৱেশন (15th Assam Assembly)। সেয়ে বিধানসভাৰ প্ৰথম দিনটোতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে মহিলাৰ বিৰুদ্ধে ধৰ্ষণ-অপৰাধৰ সংখ্যা বৃদ্ধি পোৱা (Crime against women in Assam) প্ৰসংগ উত্থাপিত হয় ৷ ইয়াৰ পাছতে সদনত স্থান পায় অসম আৰু মেঘালয়ৰ সীমা সমস্যা প্ৰসংগই (Assam meghalaya border issue) ৷

অসম আৰু মেঘালয়ৰ শেহতীয়া সংঘাত সন্দৰ্ভত বিগত সময়ছোৱাত ৰাজ্যজুৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰসংগ উত্থাপন কৰি সদনৰ মজিয়া উত্তপ্ত কৰি তোলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে (Sivsagar MLA Akhil Gogoi) ।

প্ৰশ্নোত্তৰ কালত পৰিপূৰক প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে (Assam Legislative assembly Biswajit Daimary) । কিন্তু অখিল গগৈয়ে বাৰে বাৰে অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰাৰ‌ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক সদনৰ পৰা নিলম্বন কৰে (Akhil Gogoi suspended from winter session Assam assembly ) ।

লগতে মাৰ্শ্বাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয় শিৱসাগৰৰ বিধায়কজনক । অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক আজিৰ প্ৰশ্নোত্তৰ কালৰ বাবে সদনৰ পৰা নিলম্বন কৰে । ইপিনে বিধায়ক অখিল গগৈয়ে সদনৰ বাহিৰত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত ক্ষোভ উজাৰে । তেওঁ কয় যে, তেওঁক অন্যায়ভাৱে প্ৰশ্নোত্তৰ কালৰ বাবে সদনৰ পৰা নিলম্বন কৰিছে । অধ্যক্ষৰ এই কাৰ্যক বিধায়কগৰাকীয়ে সম্পূৰ্ণ অসাংবিধানিক বুলি আখ্যা দিয়ে (Akhil Gogoi suspended from Assam assembly winter session) ।

গগৈয়ে কয় যে, তেওঁ সদনৰ মজিয়াত নাৰীৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধ আৰু অসম মেঘালয়ৰ সংঘাতৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল । কিন্তু সদনে তেওঁক প্ৰশ্ন উত্থাপন কৰিবলৈ নিদিলে । উল্লেখ্য যে, পঞ্চদশ অসম বিধান সভা, ২০২২ বৰ্ষৰ শীতকালীন অধিৱেশনখন মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । পুৱা 9.30 বজাৰ পৰা প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিৱেশন । 12 খনকৈ বিধেয়ক উত্থাপন কৰা‌ হ’ব এই অধিৱেশনত । ইয়াৰে 11 খন বিধেয়ক সংশোধনীৰ বাবে উত্থাপন কৰা হ'ব । আকৌ এখন বিধেয়ক বাতিলৰ বাবে উত্থাপন কৰা হ'ব বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক : Jammu Kashmir Encounter: কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত 3 সন্ত্ৰাসবাদী নিহত

Last Updated : Dec 20, 2022, 1:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.