ETV Bharat / state

শিৱসাগৰৰ পৰ্যটন বিকাশৰ বাবে ১০০ কোটি টকা বিচাৰিলে অখিল গগৈয়ে - Akhil Gogoi speech

শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লগতে শিৱসাগৰৰ পৰ্যটন বিকাশৰ বাবে ১০০ কোটি টকাৰ এক পেকেজ বিচাৰি সদনত নিজৰ বক্তব্য প্ৰদান কৰে অখিল গগৈয়ে । শিৱসাগৰৰ ঐতিহাসিক, সাংস্কৃতি, সামাজিক, শৈক্ষিক আদি সকলো দিশৰ কথা সামৰি অখিল গগৈয়ে কিয় শিৱসাগৰক এখন ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব লাগে সেই বিষয়ে তথ্য-যুক্তি সহকাৰে উল্লেখ কৰে ।

Akhil Gogoi speech in assembly on Sivasagar
শিৱসাগৰৰ পৰ্যটন বিকাশৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰক
author img

By

Published : Jul 13, 2021, 9:25 PM IST

গুৱাহাটী, ১৩ জুলাই : অসম বিধানসভ‍াৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিশেষ বক্তব্য প্ৰদান কৰে । শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰে অখিল গগৈয়ে । প্ৰশ্নোত্তৰ শিতানৰ পাছতে অখিল গগৈয়ে সদনত এই বিষয়ে নিজৰ ভাষণ পাঠ কৰে ।

শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লগতে শিৱসাগৰৰ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে ১০০ কোটি টকাৰ এক পেকেজ বিচাৰি নিজৰ বক্তব্য প্ৰদান কৰে । অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যপৰিচালনাৰ নিয়মাৱলীৰ ২৩(২)ৰ অধীনত ‘শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ’ বা ‘ৰাজ্যিক ঐতিহ্য নগৰ’ হিচাপে ঘোষণাৰ প্ৰস্তাৱ দাঙি ধৰে অখিল গগৈয়ে । শিৱসাগৰ অসমৰ ইতিহাসৰ সোণালী যুগৰ সৰ্ব শ্ৰেষ্ঠ স্মাৰক বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, শিৱসাগৰ ঐশ্বৰ্যশালী জাতীয় ঐতিহ্যৰ লগত জড়িত সম্পদেৰে ভৰপূৰ । শিৱসাগৰ অসমৰ অদ্বিতীয় স্থান যিয়ে অসমীয়া জাতিৰ ইতিহাস, ঐতিহ্য আৰু স্বাভিমানক সাৰ্থকভাৱে প্ৰতিফলিত কৰে ।

শিৱসাগৰত সৰ্বমুঠ ৫৫১ টা ঐতিহাসিক আৰু ঐতিহ্যপূৰ্ণ সম্পদ আছে । এইসমূহৰ ভিতৰত শিৱসাগৰ ৰাজহ চক্ৰত ১১৪ টা, সোণাৰী ৰাজহ চক্ৰত ১০৯ টা, সাপেখাটি ৰাজহ চক্ৰত ২০ টা, মাহমৰাত ৩৯ টা, নাজিৰাত ৯৪ টা, আমগুৰিত ৬৪ টা আৰু ডিমৌ ৰাজহ চক্ৰত ২৯ টা কীৰ্তিচিহ্ন আছে ৷ শিৱসাগৰৰ ঐতিহাসিক, সাংস্কৃতি, সামাজিক, শৈক্ষিক আদি সকলো দিশৰ কথা সামৰি অখিল গগৈয়ে কিয় শিৱসাগৰক এখন ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব লাগে সেই বিষয়ে তথ্য-যুক্তি সহকাৰে ভাষণত উল্লেখ কৰে বিধায়ক গগৈয়ে ।

অখিল গগৈৰ ভাষণৰ পাছতেই সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ইয়াৰ উত্তৰ প্ৰদান কৰিবলৈ গৈ ৫০০০ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ কথাৰ অৱতাৰণা কৰে । তেওঁ শিৱসাগৰক প্ৰাতঃস্মৰণীয় বুলিও উল্লেখ কৰে । অখিল গগৈৰ কথাৰ উত্তৰ দিবলৈ গৈ বিভিন্ন কথাৰ অৱতাৰণা কৰা বিমল বৰাক উভতি ধৰে অখিল গগৈয়ে ।

মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ আলি-পদুলি বনাই দিলেই ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি নুঠে বুলি উল্লেখ কৰাৰ পাছতে অখিল গগৈয়ে চৰকাৰে শিৱসাগৰক লৈ প্ৰতিশ্ৰুতি নিদিয়ে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে । অখিল গগৈয়ে মন্ত্ৰী বিমল বৰাক শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰি বুলি ঘোষণা নকৰে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ।

অখিল গগৈৰ এনে প্ৰশ্নত মন্ত্ৰী বিমল বৰাই শিৱসাগৰক ১০০ কোটি টকাতকৈ অধিক টকা দিব বুলি উল্লেখ কৰে । মন্ত্ৰীৰ এই মন্তব্যত অখিল গগৈয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰীৰ মন্তব্য ৰেকৰ্ড কৰিবলৈ দাবী জনায় । অধ্যক্ষয়ো এই মন্তব্য ৰেকৰ্ডত থাকিব বুলি উল্লেখ কৰে ৷

ইফালে অখিল গগৈৰ প্ৰশ্ন আৰু মন্ত্রী বিমল বৰাৰ উত্তৰৰ মাজতে মন্ত্রী পীযুষ হাজৰিকাই কয়, অখিল গগৈয়ে ভুকুতে কল পকাব বিচাৰে ৷ এনেকৈ চৰকাৰ নচলে তথা এনেকৈ বিধানসভা নচলে বুলি তেওঁ অখিল গগৈক কটাক্ষ কৰে । বিধানসভাৰ বাহিৰত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, আগন্তুক ১০ বছৰৰ ভিতৰত শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা কৰিম। তদুপৰি অক্টোবৰ মাহৰ পৰাই শিৱসাগৰ নতুন ৰূপত গঢ় লৈ উঠিব বুলিও বিধায়ক গগৈয়ে উল্লেখ কৰে ।

লগতে পঢ়ক: যুৱতী-বোৱাৰীক অশ্লীল মেছেজ দি লক্ আপত সোমাল যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.