ETV Bharat / state

Akhil Gogoi in Nia court : নিয়াৰ আদালতত হাজিৰ অখিল গগৈ - বিধায়ক অখিল গগৈ

আদালতৰ নিৰ্দেশ অনুসায়ী মঙ্গলবাৰে বিধায়ক অখিল গগৈ পুনৰ হাজিৰ হয় নিয়াৰ আদালতত (Akhil Gogoi in Nia court) । আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব ৩ মাৰ্চত ৷ বৰ্তমান জামিনত আছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী ৷

Akhil Gogoi NIA Case
বিধায়ক অখিল গগৈ পুনৰ নিয়া আদালতত
author img

By

Published : Feb 28, 2023, 2:19 PM IST

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : বিধায়ক অখিল গগৈয়ে মঙলবাৰে পুনৰ হাজিৰ হয় নিয়াৰ আদালতত (Akhil Gogoi in Nia court) । অখিল গগৈৰ বিৰুদ্ধে থকা নিয়াৰ গোচৰৰ সন্দৰ্ভত সোমবাৰে আদালতৰ নিৰ্দেশ অনুসায়ী আজি চানমাৰিস্থিত নিয়া আদালতত হাজিৰ হয় (Akhil Gogoi NIA Case) অখিল গগৈ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী অখিল গগৈ বৰ্তমান জামিনত আছে ।

অখিল গগৈৰ জামিন সন্দৰ্ভত ৩ মাৰ্চতহে আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ পৰা গৈছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩ মাৰ্চলৈ অখিল গগৈৰ গোচৰটো স্থগিত ৰখা হৈছে (SC hearing on Akhil Gogoi) । গতিকে মংগলবাৰে নিয়মমাফিকভাবে অখিল গগৈয়ে নিয়া আদালতত হাজিৰ হয় । উল্লেখ্য যে অখিল গগৈৰ বিৰুদ্ধে থকা 'নিয়া'ৰ গোচৰৰ সন্দৰ্ভত যোৱা সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয় (NIA case against Akhil Gogoi) ।

ন্যায়ালয়ত গোচৰটোৰ শুনানি সম্পূৰ্ণ নোহোৱাৰ বাবে আদালতে অহা ৩ মাৰ্চত গোচৰটোৰ পুনৰ শুনানিৰ দিন ঘোষণা কৰে । অখিল গগৈৰ বিৰুদ্ধে থকা 'নিয়া'ৰ গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুই বিচাৰপীঠে দুয়ো পক্ষৰ অধিবক্তাৰ দলিল আৰু যুক্তি শুনি গোচৰটোৰ সন্দৰ্ভত বহুখিনি আলোচনা কৰি অহা ৩ মাৰ্চত পুনৰ গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰে । উল্লেখনীয় যে, অখিল গগৈৰ বিৰুদ্ধে থকা 'নিয়া'ৰ গোচৰৰ সন্দৰ্ভত পুনৰ গোচৰ চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছিল ।

এই সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (Sivasagar MLA Akhil Gogoi) । বিধায়কগৰাকীক সাময়িকভাৱে সকাহ প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে । কা বিৰোধী আন্দোলনৰ গোচৰৰ বাবে দুবছৰ কাৰাবাস খাটি যোৱা বছৰ ২১ জুলাইত মুকলি আকাশৰ তললৈ ওলাই আহিছিল কৃষক নেতাগৰাকীয়ে । পিছত নিয়াই পুনৰ এই শুনানিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনায় ।

নিয়াৰ আবেদনৰ ভিত্তিত পুনৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । তাৰ পিছতে অখিল গগৈয়ে আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া শুনানিক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । ইপিনে নিয়াৰ আদালতত হাজিৰ হোৱাৰ পিছত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অহা ৩ মাৰ্চত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব । আদালতে জামিন মঞ্জুৰ কৰিলেও নিয়া আদালতত তেওঁৰ গোচৰটোৰ নিয়ামীয়া শুনানি হৈ থাকিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে । আদালতে জামিন অগ্ৰাহ্য কৰিলে জেললৈ যাব লাগিব পাৰে বুলিও উল্লেখ কৰে কৃষক নেতাগৰাকীয়ে ।

তেওঁৰ বিৰুদ্ধে এয়া ভুৱা গোচৰ তথা এই সন্দৰ্ভত পূৰ্বে আদালতে ৰায় প্ৰদান কৰিছে বুলি উল্লেখ কৰি , 'চৰকাৰে মোৰ ওপৰত চাপ প্ৰয়োগ কৰাৰ বাবে আৰু প্ৰতিবাদী কন্ঠ ৰুদ্ব কৰাৰ বাবে পুনৰ এই গোচৰটো জাপি দিছে' বুলি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আনে ৷

লগতে পঢ়ক : Decision to cancel school accreditation: ছেবাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.