ETV Bharat / state

কয়লা ছিণ্ডিকেটৰ বৃহৎ তথ্য ফাদিল অখিল গগৈৰ - মাৰ্ঘেৰিটা আৰু লিডুৰ কয়লা ছিণ্ডিকেট সন্দৰ্ভত বৃহৎ তথ্য ফাদিল

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতা অখিল গগৈয়ে সংবাদমাধ্যমৰ সন্মুখত মাৰ্ঘেৰিটা আৰু লিডুৰ কয়লা ছিণ্ডিকেট সন্দৰ্ভত বৃহৎ তথ্য ফাদিল কৰে ৷

কয়লা ছিণ্ডিকেটৰ বৃহৎ তথ্য ফাদিল অখিল গগৈৰ
author img

By

Published : Nov 13, 2019, 9:01 PM IST

গুৱাহাটী, 13 নৱেম্বৰঃ মাৰ্ঘেৰিটা আৰু লিডুৰ কয়লা ছিণ্ডিকেট সন্দৰ্ভত বৃহৎ তথ্য ফাদিল অখিল গগৈৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতা অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত মাৰ্ঘেৰিটা আৰু লিডুৰ কয়লা ছিণ্ডিকেটৰ ন-ন তথ্য পোহৰলৈ আনে ৷ উল্লেখ্য যে, বিভিন্ন বনাঞ্চলত কৃষক মুক্তিৰ এটা দলে এই সম্পৰ্কে তদন্ত কৰাৰ পিছত পোহৰলৈ আহিছে বহু তথ্য । সংবাদমেলত প্ৰজেক্টৰৰ সহায়ত অখিল গগৈয়ে দেখুৱালে অবৈধ কয়লা খননৰ বিভিন্ন ঘাটিসমূহ । অবৈধ খননঘাটি সমূহত কেনেকৈ বৰ্তমানেও হাজাৰ হাজাৰ শ্ৰমিকৰ দ্বাৰা কয়লা খনন হৈছে এনে বহু তথ্য এটা এটা কৈ দেখুৱাই দিয়ে কৃষক নেতাজনে ৷

কয়লা ছিণ্ডিকেটৰ বৃহৎ তথ্য ফাদিল অখিল গগৈৰ

লগতে তেওঁ কয় যে, কৃষক মুক্তিৰ RTI প্ৰতিবেদনৰ পিচতে বন বিভাগে প্ৰকাশ কৰে ঠায়ে ঠায়ে চলি থকা অবৈধ খননৰ সত্যতা ৷ মাৰ্ঘেৰিটাৰ আৰক্ষী বিষয়া মুনিন্দ্ৰ শৰ্মা আৰু তেওঁৰ পুত্ৰ প্ৰিন্স শৰ্মাৰ পৃষ্ঠপোষকতাত চলিছে এই অবৈধ খনন ৷ কয়লা কঢ়িওৱা প্ৰতিখন বাহনৰ পৰা এবাৰত লোৱা হয় 500 টকাকৈ উৎকোচ ৷ COAL INDIA, বন বিভাগ, অসম পুলিচ তথা চৰকাৰৰ বিষয়ববীয়ালৈ যায় ছিণ্ডিকেটৰ টকাৰ ভাগ ৷ ইয়াৰোপৰি লেখাপানীৰ আৰক্ষী বিষয়া পুৰঞ্জয় বৰাই ছিণ্ডিকেট চলোৱাৰ নামত কমিচন লোৱাৰ কথাও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে অখিল গগৈয়ে ৷

আনহাতে বহুকেইজন অবৈধ বন মাফিয়াৰ নাম উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ছত্ৰছায়াতে এই সমগ্ৰ ছিণ্ডিকেট চলি থকা বুলিও মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে ৷ লগতে তেওঁ এই চিণ্ডিকেটৰ বিষয়ে কেৱল কৃষক মুক্তিয়ে নহয় কংগ্ৰেছেও বহুবাৰ অৱগত কৰিছে বুলিও উল্লেখ কৰে ৷ এই কয়লা চিণ্ডিকেটৰ CBI তদন্তৰ দাবী উত্থাপন কৰি অখিল গগৈয়ে কয় যে, কয়লা ছিণ্ডিকেট বন্ধ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ৷

আৰু পঢ়কঃ প্ৰদূষণৰ বিৰুদ্ধে বাইহাটাত প্ৰতিবাদ

Intro:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত অখিল গগৈৰ সংবাদমেল। মাৰ্ঘেৰিটাৰ আৰু লিডুৰ কয়লা ছিণ্ডিকেট সন্দৰ্ভত বৃহৎ তথ্য ফাদিল।
মাৰ্ঘেৰিটা আৰু লিডুত বৰ্তমানেও গোপনে চলিছে কয়লা ছিণ্ডিকেট।
বিভিন্ন বনাঞ্চলত কৃষক মুক্তিৰ এটা দলে তদন্ত কৰাৰ পিছত পোহৰলৈ আহিছে বহু তথ্য ।
প্ৰজেক্টৰৰ সহায়ত অখিল গগৈয়ে দেখুৱালে অবৈধ কয়লা খননৰ ঘাটি সমূহ।
অবৈধ খনন ঘাটি সমূহত কেনেকৈ কয়লা বৰ্তমানেও খনন হৈছে হাজাৰ হাজাৰ শ্ৰমিকৰ দ্বাৰা এনে বহু তথ্য সংবাদমাধ্যমক এটা এটা কৈ দেখুৱাই দিলে অখিল গগৈয়ে।

Body:কৃষক মুক্তিৰ RTI প্ৰতিবেদনত বন বিভাগে কৈছে যে ঠায়ে ঠায়ে অবৈধ খনন চলি থকাৰ কথা সঁচা।
মাৰ্ঘেৰিটাৰ O C মুনিন্দ্ৰ শৰ্ম্মা আৰু পুত্ৰ প্ৰিন্স শৰ্মাৰ পৃষ্ঠপোষকতাত চলিছে খনন
এখন max pickup ভানে OC পুত্ৰক দিব লাগে প্ৰতি বাৰত 500 টকা।
Coal india ,বন বিভাগ, অসম পুলিচ আৰু দিছপুৰৰ বৰমুৰীয়ালৈ আহে ছিণ্ডিকেটৰ টকাৰ ভাগ।
লেখাপানীৰ OC পুৰঞ্জয় বৰাই ছিণ্ডিকেট চলোৱাৰ নামত কমিচন লোৱাৰ কথা সংবাদমাধ্যমক কলে অখিল গগৈয়ে।
গোবিন্দ ছেত্ৰী, সুনীল গুৰুং, প্ৰদীপ সিং, মুন্না জিন্দাল, সত্যৰঞ্জন বৰকটকী, জিতু দাস ৰ দৰে বহু কয়লা মাফিয়াৰ তদাৰক লিডু মাৰ্ঘেৰিটাত কয়লা ছিণ্ডিকেট ৰাজ চলি আছে।
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰৰ ছাত্ৰছায়াত চলিছে সমগ্ৰ ছিণ্ডিকেট। এই কথা কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নহয়, কংগ্ৰেছ চৰকাৰেও বহু বাৰ অৱগত কৰিছে। কংগ্ৰেছ আৰু কৃষক মুক্তিৰ অভিযানৰ ফলত পূৰ্বতকৈ ৰাতি ট্ৰাক ভৰ্তি গাড়ী অহা যোৱা কমিছে। এই কথা কলে অখিল গগৈয়ে।

Conclusion:ছিণ্ডিকেতৰ CBI তদন্তৰ দাবী অখিল গগৈৰ। মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে তেন্তে CBI তদন্ত দিয়ক। মুখ্যমন্ত্ৰীক অখিল গগৈৰ সকীয়নী কয়লা ছিণ্ডিকেট বন্ধ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.