ETV Bharat / state

কৃষকৰ সমস্যা সমাধানৰ দাবীত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ

বিগত আৰু চলিত বৰ্ষত ক'ভিড সৃষ্ট পৰিস্থিতিয়ে কৃষকসকলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে । এনে সামগ্ৰিক পৰিস্থিতিত কৃষকসকলৰ এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা নাই কোনো নিৰ্দিষ্ট পন্থা ৷ যাৰ বাবে বৃহস্পতিবাৰে কৃষকৰ সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷

ajp-protest-demanding-solution-to-farmers-problems
কৃষকৰ সমস্যা সমাধানৰ দাবীত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ
author img

By

Published : Aug 19, 2021, 9:05 PM IST

গুৱাহাটী,19 আগষ্ট: অসমৰ কৃষকসকলৰ জলন্ত সমস্যা সমূহ সমাধানৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে ৰাজ্যজুৰি পালন কৰে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ প্ৰতিখন জিলাৰ দলৰ সদস্যসকলে কৃষকৰ সমস্যা সমাধানৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মৰিগাঁৱত অনুষ্ঠিত হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষকৰ সমস্যাক আওকান কৰা কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰক সমালোচনা কৰে ৷

অসম জাতীয় পৰিষদে স্মাৰকপত্ৰত উল্লেখ কৰা দাবীসমূহ হৈছে-কৃষকসকলৰ উৎপাদিত ধান ভাৰতীয় খাদ্য নিগম আৰু অন্য চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পোনপটীয়াকৈ কৃষকৰ পৰা ক্ৰয় কৰা,অসমৰ প্ৰতিখন গাঁও পঞ্চায়ত এলেকাত এটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা,গাঁও পঞ্চায়ত সমবায় সমিতিসমূহত পূৰ্বে যেনেকৈ ধান ক্ৰয় প্ৰক্ৰিয়া চলিছিল সেই ব্যৱস্থা পুনৰ বাহাল ৰখা,অসমৰ 100 শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা ৷

AJP protest demanding solution to farmers problems
কৃষকৰ সমস্যা সমাধানৰ দাবীত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ

খৰাঙৰ কৱলত পৰা কৃষকসকলক আৰ্থিক সাহাৰ্য প্ৰদানেৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা,বান-খহনীয়া-খৰাঙৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু ক'ভিড-দুৰ্যোগ পীড়িত কৃষকক বিনামূলীয়া বীজ আৰু সাৰৰ যোগান ধৰা আৰু মাটি চহাবলৈ ব্যৱস্থা নথকা কৃষকসকলক চৰকাৰীভাৱে মাটি চহাই দিয়াৰ ব্যৱস্থা কৰা ৷

ৰাজ্যৰ আনসমূহ জিলাৰ সামান্তৰালকৈ গুৱাহাটীত দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত হয় সত্যাগ্ৰহ কাৰ্যসূচী ৷ কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে আমবাৰী লেম্ব ৰোডস্থিত দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সমদল কৰি টি চি পইন্টলৈ যায় আৰু তাত অৱস্থান কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অসম তথা ভাৰতৰ অৰ্থনীতি কৃষকৰ ওপৰতে নিৰ্ভৰশীল বুলি মন্তব্য কৰে দলৰ নেতাসকলে ৷

লগতে পঢ়কঃ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ডিমা হাছাওৰ দুটা স্থানত গুলীয়াগুলি

কিন্তু দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰৰ কৃষক-বিৰোধী নীতিৰ বাবে দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে আন্দোলন কৰিবলগীয়া হৈছে ৷ তেনেকৈ অসম চৰকাৰৰ কৃষক-বিৰোধী নীতিৰ বাবে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে ৰাইজ । বৰ্তমান অসমত এফালে খৰাং,আনফালে বান-গৰাখহনীয়া আৰু এফালে বীজ-সাৰ আদিৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৷ এনে প্ৰতিকুল পৰিস্থিতিয়ে কৃষকসকলক জুৰুলা কৰি পেলাইছে ৷

তদুপৰি বিগত আৰু চলিত বৰ্ষত ক'ভিড সৃষ্ট পৰিস্থিতিয়ে কৃষকসকলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে । এনে সামগ্ৰিক পৰিস্থিতিত কৃষকসকলৰ এই সমস্যাসমূহ চৰকাৰে স্পষ্টভাৱে আওকান কৰিছে । দলৰ নেতাসকলে কয় যে, বিজেপি দল আৰু চৰকাৰে কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ কথা কৈ আহিছে যদিও সেই দিশত কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই ৷ অসমৰ কৃষকসকলৰ সমস্যা সমাধান কৰি প্ৰকাৰান্তৰে অসমৰ অৰ্থনীতিৰ বুনিয়াদ ধৰি ৰখাটো সময়ৰ আহ্বান বুলি মন্তব্য কৰে নেতাসকলে ৷

লগতে পঢ়কঃ পাঁচ দফীয়া দাবীৰে শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.