ETV Bharat / state

ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এজেপিৰ ৰাজ্যিক অভিৱৰ্তন - অসম জাতীয় পৰিষদ

নতুনকৈ গঠন হোৱা আঞ্চলিক দলটোৰ ৰাজ্যিক অভিৱৰ্তনৰ দিনো ঘোষণা হ’ল বৃহস্পতিবাৰৰ কুমাৰ ভাস্কৰ বৰ্মা নাট্য মন্দিৰত ৷ অহা ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়াকৈ শিৱসাগৰত এজেপিৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিলে দলটোৰ মুখ্য আহ্বায়ক কৃষ্ণ গোপাল ভট্টাচাৰ্য্যই ৷

ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এজেপিৰ ৰাজ্যিক অভিৱৰ্তন

author img

By

Published : Dec 3, 2020, 9:17 PM IST

গুৱাহাটী,3 ডিচেম্বৰঃ অসম জাতীয় পৰিষদৰ উদ্যোগত গঠন হ'ল জাতীয় মহিলা শক্তি। গুৱাহাটী উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এজেপি মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচাৰ্য, বসন্ত ডেকা, মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকন আৰু জগদীশ ভূঞাৰ উপস্থিতিত গঠন কৰা হয় জাতীয় মহিলা শক্তি । প্ৰাক্তন অগপ নেত্ৰী মামণি তালুকদাৰ দুৱৰাক জাতীয় মহিলা শক্তিৰ মুখ্য উপদেষ্টা হিচাপে লৈ বৃহস্পতিবাৰে গঠন হ’ল অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠনটো ৷ জাতীয় মহিলা শক্তিৰ উপদেষ্টা প্ৰণতি ডেকা আৰু আহ্বায়ক হিচাবে নিযুক্ত কৰা হ’ল ৰুণুমি বৰা আৰু প্ৰাক্তন বিজেপী নেত্ৰী বুলুমনি দাস শইকীয়াক ৷

ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এজেপিৰ ৰাজ্যিক অভিৱৰ্তন
নতুনকৈ গঠন হোৱা আঞ্চলিক দলটোৰ ৰাজ্যিক অভিৱৰ্তনৰ দিনো ঘোষণা হ’ল বৃহস্পতিবাৰৰ কুমাৰ ভাস্কৰ বৰ্মা নাট্য মন্দিৰত ৷ অহা ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়াকৈ শিৱসাগৰত এজেপিৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিলে দলটোৰ মুখ্য আহ্বায়ক কৃষ্ণ গোপাল ভট্টাচাৰ্য্যই ৷ বৃহস্পতিবাৰৰ এই কাৰ্যসূচীতেই বিভিন্ন দলৰ পৰা অহা কৰ্মী সকলে আনুষ্ঠানিকভাৱে যোগ দিলে এজেপি দলত ৷ বিশেষকৈ এজেপিৰ অন্তৰ্ভুক্ত হ’ল অগপৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বোকাখাত সমষ্টিৰ শক্তিশালী অগপ নেতা পৱন শইকীয়াৰ লগতে গোলাঘাট, বোকাখাটৰ অগপ শিবিৰৰ কেইবাজনো শক্তিশালী কৰ্মীয়ে৷ লগতে এজেপি দলত যোগদান কৰিলে ৫০ গৰাকী মহিলা কৰ্মীক লৈ প্ৰাক্তন বিজেপি নেত্ৰী বিনাপানী মেধি, কংগ্ৰেছৰ বেচমা বেগমৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক নাৰী শক্তিয়ে ৷ইপিনে বৃহস্পতিবাৰৰ অনুষ্ঠানটোত Apdcl ব্যক্তিগতকৰণ আৰু দেশৰ কৃষক বিদ্ৰোহৰ সন্দৰ্ভত মন্তব্য মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকনৰ- কৃষক বিদ্ৰোহ আমি মুকলি সমৰ্থন কৰিছো ৷ চৰকাৰ এতিয়া জাতীয় সম্পদ বিক্ৰীৰ পক্ষত ৷ সকলবোৰ ৰাজহুৱা সম্পত্তি এফালৰ পৰা পুঁজিপতিৰ হাতত এইখন চৰকাৰে অৰ্পণ কৰিব বিচাৰিছে৷ আমি এইটো কেতিয়াও হ’ব নিদিও ৷” সমান্তৰালভাৱে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ এজেপি দলত যোগদান প্ৰসঙ্গতো মন্তব্য মুখ্য সমন্বয়ক কৃষ্ণ গোপাল ভট্টাচাৰ্যৰ-“ শিৱসাগৰ অধিৱেশনৰ আগতে সকলো স্পষ্ট হ’ব ৷”

লগতে পঢ়কঃ তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচিটিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.