ETV Bharat / state

অসম আৰোগ্য নিধিলৈ অৰ্থ সাহায্য আজাৰাৰ মন্দিৰ-মছজিদৰ !

লক্ ডাউনৰ মাজতেই কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ চলিছে সমগ্ৰ বিশ্বত ৷ চৰকাৰৰ সাহায্য পুঁজিলৈ স্বেচ্ছাই সাহায্য আগবঢ়াইছে বহুজনে ৷ তাৰোপৰি দুৰ্গত সকলকো বিভিন্ন স্থানত এমুঠি ভোকৰ ভাত যোগাইছে একাংশই ৷ আজাৰৰ বহু কেইটা অনুষ্ঠানে মুখ্যমন্ত্ৰীলৈ আগবঢ়ালে সাহায্য ৷

author img

By

Published : Apr 9, 2020, 6:51 PM IST

ajara mandi and mosque donate for assam arogya nidhi

আজাৰা, 9 এপ্ৰিল : লক্ ডাউনৰ বাবে সমগ্ৰ দেশতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ভাৰতৰ সমান্তৰালকৈ অসমতো অব্যাহত আছে লক্ ডাউন । এই লকডাউনৰ ফলত দেশ তথা ৰাজ্যৰ অৰ্থনীতি কিছু বিপৰ্যস্ত হৈছে । সংকটৰ সময়ত দেশৰ লগতে ৰাজ্যত কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ হাজাৰ হাজাৰ জনে সহায়ৰ হাত আগবঢ়াইছে । অসম চৰকাৰৰ "অসম আৰোগ্য নিধিলৈ"ও বহুজনে বৰঙণি আগবঢ়াইছে । কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ধাৰাপুৰ গড়লস্থিত ৰাণীচাপৰিৰ শ্ৰীশ্ৰী মা মনসা মন্দিৰ সমিতিয়েও অসম আৰোগ্য নিধিলৈ কিছু অৰ্থ সাহায্য আগবঢ়াইছে । চেকযোগে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ১ লাখ ১ টকা আগঢ়াইছে মন্দিৰ কৰ্তৃপক্ষই ।

অসম আৰোগ্য নিধিলৈ অৰ্থ সাহায্য আজাৰাৰ মন্দিৰ-মছজিদৰ !

একেদৰে আজাৰা হাতখোৱাপাৰাৰ ১ নং জামে মছজিদ আৰু এজন ব্যৱসায়ীও আগবঢ়াইছে সহায়ৰ হাত । মছজিদ সমিতিৰ তৰফৰ পৰা ১০ হাজাৰ টকা আৰু ব্যৱসায়ী চাদেক আলীয়ে ৩০ হাজাৰ টকাৰ চেক অসম আৰোগ্য নিধিলৈ আগবঢ়াই । ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আগবঢ়াইছে এই ধনৰাশি । আনহাতে মহানগৰীৰ ধাৰাপুৰ তালুকেও অসম আৰোগ্য নিধিলৈ ১ লাখ টকাৰ অনুদান আগবঢ়াইছে ৷ সংকটময় এই সময়ত সকলোৱে নিজৰ সামৰ্থৰে অংশীদাৰ হৈছে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে চলা যুঁজখনত ৷

লগতে পঢ়ক : তলাবন্ধৰ সময়ত আৰু পিচত স্বাস্থ্য, জীৱন নিৰ্বাহ আৰু কৃষি সংকট দূৰ কৰো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.