ETV Bharat / state

Lok Sabha elections 2024: অখিল-লুৰীণলৈ AIUDFৰ নৈতিক সমৰ্থন ! - দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

নিৰ্বাচনে প্ৰতি সলনি হয় ৰাজনৈতিক দলৰ ৰণনীতি ৷ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক-বিৰোধী ৷ 2024ৰ লোকসভা নিৰ্বাচনত(Lok Sabha elections 2024) অখিল গগৈ, লুৰীণজ্যোতি গগৈক নৈতিক সমৰ্থন জনোৱাৰ কথা প্ৰকাৰান্তৰে উল্লেখ কৰিলে এ আই ইউ ডি এফৰ নেতা হাফিজ ৰফিকুল ইছলামে ।

Lok Sabha elections 2024
এ আই ইউ ডি এফৰ নেতা হাফিজ ৰফিকুল ইছলাম
author img

By

Published : Oct 21, 2022, 10:45 PM IST

গুৱাহাটী, ২১ অক্টোবৰ : 2024ৰ লোকসভা নিৰ্বাচনলৈ(Lok Sabha elections 2024) যথেষ্ট সময় আছে যদিও বিৰোধী শিবিৰত ইতিমধ্যে আৰম্ভ হৈছে নানান সমীকৰণ । এইবাৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ব্যক্ত কৰিলে এ আই ইউ ডি এফে । প্ৰয়োজনত লখিমপুৰত লুৰীণজ্যোতি গগৈক সমৰ্থন আগবঢ়াব এ আই ইউ ডি এফে । এই কথা সদৰী কৰিলে এ আই ইউ ডি এফৰ নেতা হাফিজ ৰফিকুল ইছলামে (MLA Hafiz Rafiqul Islam)।

শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ইছলামে কয় যে ‘‘আমি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈকো সমৰ্থন আগবঢ়াব পাৰো । লুৰিণজ্যোতি গগৈয়ে যদি লখিমপুৰৰ পৰা নিৰ্বাচন খেলে ভাল এজন প্ৰাৰ্থী হ'ব । শিৱসাগৰত যদি অখিল গগৈয়ে খেলে ভাল এজন প্ৰাৰ্থী হ'ব । তাত এ আই ইউ ডি এফৰ নৈতিক সমৰ্থন থাকিব পাৰে । এ আই ইউ ডি এফে ১৪খন আসনত কেতিয়াও প্ৰতিদ্বন্দ্বীতা কৰা নাই আৰু নকৰোঁ । ৬-৭ খন আসনত খেলি এ আই ইউ ডি এফে তিনিখনত জয়ী হৈছে । কংগ্ৰেছে ১৪ খনত খেলি তিনিখনত জিকিছে’’।

এ আই ইউ ডি এফৰ নেতা হাফিজ ৰফিকুল ইছলাম

এআইএউডিএফৰ নেতাগৰাকীয়ে লগতে অখিল গগৈলৈ কেতবোৰ পৰামৰ্শ আগবঢ়ায় (AIUDF comments on Akhil Gogoi)। উজনি অসমৰ দুই-তিনিখন আসনত অখিল গগৈৰ দলক নিৰ্বাচন খেলিলে সহযোগ কৰিব বুলি উল্লেখ কৰি ৰাইজৰ দল শক্তিশালী কৰাৰ পৰামৰ্শ দিয়ে হাফিজ ৰফিকুল ইছলামে ।

আনহাতে আগন্তুক দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ(DAC election 2022) প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰে এআইএউডিএফৰ নেতাগৰাকীয়ে৷ ভূপেন বৰাৰ গৃহসমষ্টিত কোনটো দল জয়ী হ’ব বুলি কৰা প্ৰশ্নোত্তৰত তেওঁ কয় যে বিজেপিৰ কোনোবা জয়ী হ'লে ভূপেন বৰা সুখী হয় । কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি মন্তব্য কৰে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ।

লগতে পঢ়ক : Bimal Bora Visit Poki: পকী পৰিদৰ্শন কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.