গুৱাহাটী, ৮ নৱেম্বৰ: ছয় বছৰ । আজিৰ পৰা ছয় বছৰ পূৰ্বে ২০১৬ চনৰ আজিৰ দিনটোতে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিমুদ্ৰাকৰণ তথা নোটবন্দীৰ কথা ঘোষণা কৰিছিল (Six years after demonetisation) । বন্ধ হৈ পৰিছিল ৫০০ আৰু ১০০০ টকীয়া নোট । কিন্তু আশ্চৰ্জনকভাৱে নোটবন্দীৰ ছয় বছৰৰ পাছত অভিলেখ পৰিমাণৰ নগদ ধন এতিয়াও দেশৰ জনতাৰ হাতত জমা আছে (Many old money is still in hands of people of country) ।
এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা বিশিষ্ট ট্ৰেড ইউনিয়ন নেতা তথা সদৌ ভাৰত বীমা পেঞ্চনাৰ্চ সমিতিৰ সভাপতি তথা জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়ন অসমৰ প্ৰাক্তন যুটীয়া আহ্বায়ক শতঞ্জীৱ দাসৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ( AIIPC President Shatanjiv Das reacts on demonetisation)। বিমুদ্ৰাকৰণৰ ফলত বিগত ছটা বছৰত জনতাই কি পালে আৰু কি হেৰুৱালে সেই সন্দৰ্ভত তেওঁ ব্যক্ত কৰিলে বহু বাস্তৱ দিশ ।
তেওঁ কয় যে ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে আকস্মিকভাৱে ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল । সেই সময়ত এক ভয়ংকৰ বিপৰ্য্যয় সৃষ্টি হৈছিল (What changed in 6 years of demonetisation) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে তেওঁৰ চৰকাৰৰ এই পদক্ষেপৰ উদ্দেশ্য আছিল দুৰ্নীতি আৰু ক’লা ধন নিয়ন্ত্ৰণ কৰা । কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি এই দেশৰ লোকসকলৰ হাতত বৰ্তমান অভিলেখ পৰিমাণৰ নগদ ধন জমা আছে । ২০১৬ চনৰ ৪ নৱেম্বৰত নোট নিষেধাজ্ঞাৰ চাৰি দিন পূৰ্বে ভাৰতত জনসাধাৰণৰ হাতত নগদ ১৭.৯৮ লাখ কোটি টকা আছিল । নোটবন্দীৰ ফলত ভাৰতীয় অৰ্থনীতিৰ পৰা আঁতৰ হয় প্ৰায় ১৫.০৪ লাখ কোটি টকা ।
তেওঁ কয় যে যি উদ্দেশ্য আগত ৰাখি চৰকাৰে নোটবন্দী কৰিছিল তাৰ এটাও উদ্দেশ্য আজি ছয় বছৰে পূৰণ নহ'ল । বৰং বিমুদ্ৰাকৰণে অৰ্থনীতি তচ-নচ কৰি দিলে । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ল অসংগঠিত ক্ষেত্ৰ । ৯৪ শতাংশ শ্ৰমশক্তিয়ে কাম কৰা ক্ষেত্ৰখন ক্ষতিগ্ৰস্ত হ'ল । জিডিপিৰ ৫০ শতাংশ আহে অসংগঠিত ক্ষেত্ৰৰ পৰা আৰু এই ক্ষেত্ৰখন ক্ষতিগ্ৰস্ত হোৱাৰ ফলত আৰ্থিক বিকাশৰ হাৰ ৮ শতাংশৰ পৰা নামি বিমুদ্ৰাকৰণৰ পাছত ২০১৭ চনত ৬.৮ শতাংশলৈ নামি গৈছে ।
লগতে তেওঁ কয় যে তাৰ পাছত ধাৰাবাহিকভাৱে নামি আহিছে বিকাশৰ হাৰ । ডিজিটেল লেন-দেন বৃদ্ধি হোৱা নাই । ৰিজাৰ্ভ বেংকৰ তথ্য মতে বিমুদ্ৰাকৰণৰ পাছত ৯৯.৩ শতাংশ নিষিদ্ধ নোট বেংকলৈ ঘূৰি আহিছে । অৰ্থাৎ ক'লা ধন নগদ হিচাপে জমা নাথাকে । বিভিন্ন ক্ষেত্ৰত ক'লা ধনক ব্যৱহাৰ কৰা হয় । তেওঁ লগতে কয় যে বিমুদ্ৰাকৰণৰ পূৰ্বে ভাৰতত জনসাধাৰণৰ হাতত নগদ ১৭.৯৮ লাখ কোটি টকা আছিল । বৰ্ত্তমান ইয়াৰ পৰিমাণ হৈছেগৈ ৩০.৮৮ লাখ কোটি টকা । ছয় বছৰত নগদ ধন প্ৰায় ৭২ শতাংশ বৃদ্ধি পাইছে ।
বিমুদ্ৰাকৰণৰ পাছত সন্ত্ৰাসবাদী কাৰ্যকলাপো কমা নাই আৰু জালনোটৰ প্ৰচলনো কমা নাই । বিমুদ্ৰাকৰণৰ উদ্দেশ্য ক'লা ধন উদ্ধাৰ কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বিমুদ্ৰাকৰণৰ যোগেদি অসংগঠিত খণ্ডটোক তচ-নচ কৰি পুঁজিপতিৰ হাতত সম্পদ গতাই দিয়াটো আছিল মূল উদ্দেশ্য । যিটো আজি জলজল পটপট হৈ পৰিছে ।
উল্লেখ যে বিমুদ্ৰাকৰণৰ ফলত দেশৰ একাংশ পুঁজিপতি আৰু ক’লা ব্যৱসায়ীৰ হাতত কুক্ষিগত হৈ পৰিছে বৃহৎ পৰিমাণৰ নগদ ধন । বিমুদ্ৰাকৰণৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে কলা ধন জব্দ কৰা, সন্ত্ৰাসবাদীৰ যোগে টকাৰ লেনদেনত বাধা দিয়া, কৰ ফাঁকি দিয়া সকলৰ পৰা যাতে সমুলি কৰ আদায় কৰি দেশৰ উন্নয়ণ কৰা ইত্যাদি বহুতো ।
দেশৰ জনতাক এনে ধাৰণা দিব বিচৰা হৈছিল যে সকলো লেনদেন ডিজিটেল হ'ব, ক'লা ধনৰ কাৰবাৰ নাইকিয়া হ'ব, সন্ত্ৰাসবাদ নিৰ্মুল হ'ব তথা দূৰ্নীতি নাইকিয়া হ'ব । কিন্তু প্ৰকৃততে এইবোৰ হ'ল নে নাই সেয়া বৰ্ত্তমান সময়ৰ বাবে ডাঙৰ প্ৰশ্ন । ক্ৰমান্বয়ে ২০০০ টকাৰ নোটৰ প্ৰচলন নাইকিয়া হৈ আহিছে । ইফালে ক'লা ধনৰ পৰিমাণ বৰং আগতকৈ বৃদ্ধি হ’ল । ডিজিটেল লেনদেন এতিয়াও সম্পূৰ্ণ হৈ নুঠিল । লাভবান হ’ল পুঁজিপতি । আকৌ ক’লা টকাৰ গ্ৰাসত পৰিল দেশৰ অৰ্থনীতি।
লগতে পঢ়ক: 6 years of Demonetisation : ২০১৬ চনৰ বিমুদ্রাকৰণৰ ৬ বছৰ সম্পূৰ্ণ