ETV Bharat / state

BJP-AIUDF agents: দলত থকা ঘৰ বিভীষণ আঁতৰাবলৈ ভূপেন বৰাক নিৰ্দেশ হাইকমাণ্ডৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 7:50 PM IST

কিমানক শাসন কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ? তালিকাখন দীঘলীয়া ৷ অনুশাসনহীনতা আৰু বিজেপি-AIUDFৰ হাঁতোৰাত বন্দী কংগ্ৰেছী নেতা-বিধায়ক তালিকাখন-দীঘলীয়া ৷ এইবাৰ দীঘলীয়া তালিকাখনক লৈ চিন্তিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব ৷ এই লৈ ভূপেন বৰাক কঠোৰ হ’বলৈ নিৰ্দেশ AICCৰ ৷

BJP-AIUDF agents
AICC orders APCC president Bhupen Bora

গুৱাহাটী, ১৩ নৱেম্বৰ: অচিৰেই পাখি কটা যাব কংগ্ৰেছত থকা বিজেপি-AIUDFৰ এজেণ্টৰূপী নেতাৰ । এইবাৰ শীঘ্ৰেই হয়তো ব্যাপক সাল-সলনি হ’ব অসম প্ৰদেশ কংগ্ৰেছত ৷ APCCৰ পৰা আৰম্ভ কৰি জিলা-ব্লক পৰ্যায়তো হ’ব সাল-সলনি ৷ বাদ পৰিব নাইবা পাখি কটা যাব তেনে নেতাৰ ৷

এফালে ১৫ টাকৈ বিৰোধী দলক একত্ৰিত কৰি অসমত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে । তাৰ মাজতে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা-বিধায়কে বিতৰ্কিত মন্তব্যৰে অস্বস্তিত পেলাইছে কংগ্ৰেছৰ নেতৃত্বক । সকলোৱে ভাবিছিল আসনৰ ভাগ-বাটোৱাৰাক লৈ সহযোগী দলৰ সৈতে মতানৈক্য হ’ব কংগ্ৰেছৰ ৷ কিন্তু তাৰ বিপৰীতে বিগ ব্ৰাডাৰৰ ভূমিকা গ্ৰহণ কৰি অহা কংগ্ৰেছ দলক নিজৰ দলৰ নেতা-বিধায়কেই পেলাইছে অসুবিধাত ৷

বিজেপি বিৰোধী ৰণনীতিত চেঁচাপানী ঢালিছে একাংশ কংগ্ৰেছীয়েই । বিজেপি-AIUDFৰ হাঁতোৰাত বন্দী কোন কোন কংগ্ৰেছী নেতা ? তালিকা সাজু কংগ্ৰেছৰ ৷ AICCৰ নিৰ্দেশত তেনে নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চলাবলৈ সাজু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । অসম কংগ্ৰেছত থকা ঘৰ বিভীষণৰ তালিকা AICC ৰ হাতত পৰিছে ৷ ঘৰ বিভীষণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব হাই কমাণ্ডে ৷

শেহতীয়াভাৱে দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বক লগ কৰাৰ পিছতে ভূপেন বৰাই দিছে এই ইংগিত ৷ ইটিভি ভাৰতৰে হোৱা-বতৰাত APCCৰ সভাপতি গৰাকীয়ে কয়, ‘‘আচৰিত লাগে যে আমাৰো কোনো এজন নেতাই টিভিত কিবা এষাৰ কৈ দিয়ে আৰু কথাষাৰ পীযুষ হাজৰীকা আৰু আজমলৰ সৈতে মিলি যায় ৷’’

লগতে ভূপেন বৰাই কয়, “এইবাৰ কঠোৰ হৈছে AICC ৷ AICC ক জনাইছো সমগ্ৰ কথা ৷ AICC য়ে কৈছে দলত সাল-সলনি কৰা, APCC ত কৰা, জিলাত কৰা, প্ৰয়োজন হ’লে ব্লক পৰ্যায়ত কৰা ৷ তোমাক পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে ৷”

“বিজেপি-AIUDF এ যিদৰে সাম্প্ৰদায়িক বক্তব্য ৰাখে সেই কথা কংগ্ৰেছৰ নেতাই কেনেকৈ ক’ব পাৰে ?” এইবুলিও লগতে কয় ভূপেন বৰাই ৷ উল্লেখযোগ্য যে, বিতৰ্কত থকা ৰেকিবুদ্দিন আহমেদৰ পৰা আৰম্ভ কৰি দলটোৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থলৈকে তালিকা দীঘল । অমিত কলহ যাত্ৰাৰ সময়ত ছয়গাঁৱৰ বিধিয়ক ৰেকিবুদ্দিন আহমেদ, তিতাবৰৰ ভাস্কৰ বৰুৱা, কমলাক্ষ দে’ পুৰকায়স্থকে ধৰি দহজন বিধায়কৰ নাম লৈছিল খোদ মুখ্যমন্ত্ৰীয়ে । অমিত কলহ যাত্ৰাত অংশগ্ৰহণ কৰা বিধায়কক লৈ অস্বস্তিত পৰিছিল কংগ্ৰেছ ।

বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে গতি লাভ কৰিছিল তেওঁলোকৰ বিজেপি বিৰোধী ৰণনীতিয়ে ৷ কিন্তু তাৰ পৰৱৰ্তী সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ব লগা হৈছিল জলেশ্বৰৰ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লা । যেন চেঁচা পানী ঢালি দিলে বিৰোধীৰ প্ৰচেষ্টাত ৷ আফতাব উদ্দিন মোল্লাৰ পিছত এইবাৰ আকৌ কমলাক্ষ দে’ পুৰকায়স্থই সহযোগী বিৰোধী দলৰ প্ৰাৰ্থীৰ যোগ্যতাক লৈ কৰা মন্তব্যই সহযোগী দলসমূহক অসন্তুষ্ট কৰি তুলিছে ৷ তাৰ পিছতেই আসন ভাগ-বটোৱাৰা প্ৰসংগত দলৰ বাহিৰত মন্তব্য নকৰিবলৈ আনুষ্ঠানিক নিৰ্দেশ দিবলৈ বাধ্য হৈছিল ভূপেন বৰা ।

শেহতীয়াকৈ দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি অহাৰ পিছত এতিয়া আত্মবিশ্বাস বাঢ়িছে ভূপেন বৰাৰ । AICC ৰ নিৰ্দেশ মতে এতিয়া ভূপেন বৰাৰ তালিকাত বিজেপি আৰু AIUDFৰ এজেণ্ট কোন কোন কংগ্ৰেছী আছে সেয়া পোহৰলৈ অহা নাই ৷ ভূপেন বৰাই এনে বিজেপি এজেণ্টৰূপী কংগ্ৰেছী নেতাক নাকী লগাব পাৰিবনে সেয়া হ’ব লক্ষণীয় ৷

এনে নেতাক নিয়ন্ত্ৰণত ৰখাটো যেন এতিয়া ভূপেন বৰাৰ বাবে হৈ পৰিছে এক বৃহৎ প্ৰত্যাহ্বান ৷ কিয়নো এনে নেতা সকলে কেৱল কংগ্ৰেছৰে নহয়, অসমৰ বিজেপি বিৰোধী ঐক্যমঞ্চৰ প্ৰচেষ্টাত কংগ্ৰেছী একাংশ নেতাই চেঁচাপানী ঢ়ালি আহিছে ।

লগতে পঢ়ক: Pijush Hazarika slams Bhupen Bora: ভূপেন বৰাৰ কথাবোৰ অন্য গ্ৰহৰ পৰা অহা মানুহৰ দৰে: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.