গুৱাহাটী, 15 ফেব্ৰুৱাৰী: ভোটযুদ্ধৰ দিন ওচৰ চাপি অহাৰ লগে লগে মিত্ৰ দলসমূহৰ মাজত আসন ভাগ বাটোৱাৰাৰো দৰদাম আৰম্ভ হৈছে । ইতিমধ্যে আসনক লৈ দুই মিত্ৰ দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ওখনা ওখনি আৰম্ভ হৈছেই । একেদৰে শাসক দল বিজেপি আৰু অগপৰ মাজতো একপ্ৰকাৰ শীতল যুদ্ধ আৰম্ভ হৈছে আসনক কেন্দ্ৰ কৰি ।
বিজেপিয়ে এনে কেইখনমান আসনত এইবাৰ নিজে প্ৰতিদ্বন্দিতা কৰিব খুজিছে যিকেইখন আসন অগপৰ দখলত আছে । উদাহৰণ স্বৰূপে অগপৰ হাতত থকা তেজপুৰ, কমলপুৰ, কামপুৰ, পশ্চিম গুৱাহাটী আদি ।
কিন্তু বিজেপিয়ে বিচাৰিলে বুলিয়েই যে এই আসনসমূহ অগপই এৰি দিব তেনে নহয় । মিত্ৰদল হ'লেও অগপই এই ধৰণৰ নিজৰ দখলত থকা আসনসমূহ বিজেপিক এৰি নিদিয়ে বুলি সোমবাৰে স্পষ্টকৈ প্ৰকাশ কৰিলে জ্যেষ্ঠ বিজেপি নেতা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।
কলিতাৰ মন্তব্য ‘আমাৰ নিজৰ হাতত আছে ১৪খন আসন । এইকেইখন আসনত আমাৰ বিধায়ক আছে । তদুপৰি সৰ্বমুঠ ৪০টা সমষ্টিত অগপৰ স্থিতি অতিকৈ শক্তিশালী । গতিকে আমি ৪০খন আসন বিজেপিয়ে আমাক এৰি দিয়াটো বিচাৰিছো ।’
তেওঁৰ নিজৰ সমষ্টি পশ্চিম গুৱাহাটীও বিজেপিয়ে এইবাৰ বিচৰা সন্দৰ্ভত মন্তব্য কৰি বিধায়ক কলিতাই কয়, বিচৰাৰ অধিকাৰ সকলোৰে আছে । সময়ত দেখা যাব প্ৰাৰ্থিত্ব কোনে পায় ।