ETV Bharat / state

প্ৰাপ্তি অপ্ৰাপ্তিৰ আশাত 36 বছৰীয়া হ'ল আঞ্চলিক দল অসম গণ পৰিষদ - বিদেশী বহিস্কাৰ

36 বছৰীয়া হ'ল আঞ্চলিক দল অসম গণ পৰিষদ ৷ 1985 চনৰ 14 আগষ্টত গোলাঘাটত জন্মলাভ কৰা দলটোৱে 36 বছৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা দিৱস পালন ৷ প্ৰতিষ্ঠা দিৱসৰ দিনা অসম চুক্তি সন্দৰ্ভতো প্ৰশ্নৰ উত্থাপন ৷

AGP Foundatiopn Day Celebrate In Assam Different Places
প্ৰাপ্তি অপ্ৰাপ্তিৰ আশাত 36 বছৰীয়া হ'ল আঞ্চলিক দল অসম গণ পৰিষদ
author img

By

Published : Oct 14, 2020, 7:09 PM IST

Updated : Oct 14, 2020, 7:19 PM IST

গুৱাহাটী, 14 অক্টোবৰ : 36 বছৰীয়া হ'ল অসম গণ পৰিষদ । 1985 চনৰ 14 অক্টোবৰত গোলাঘাটত জন্ম লোৱা ৰাজ্যৰ এই বৃহৎ আঞ্চলিক ৰাজনৈতিক দলটোৱে 35 টা বছৰ গৰকিলে । 6 বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত 855 জন শ্বহীদৰ কেঁচা তেজৰ মূল্যৰ বিনিময়ত 1985 চনত আন্দোলনকাৰী নেতৃত্ববৰ্গ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰ হৈছিল 'অসম চুক্তি' । সেই অসম চুক্তিকেই ভেঁটি হিচাপে লৈ 1985 চনৰ 14 অক্টোবৰত এক আবেগিক পৰিৱেশ পৰিস্থিতিৰ মাজত গঠন হৈছিল 'অসম গণ পৰিষদ' দল । এক কথাত অসম চুক্তিয়েই আছিল অসম গণ পৰিষদৰ আত্মা ।

ইফালে, দল গঠন হোৱাৰ পিচত অসম গণ পৰিষদ দুবাৰকৈ দিছপুৰৰ ৰাজপাটত বহিল । প্ৰায় দহ বছৰ অসমত চলিল অসম গণ পৰিষদৰ শাসন । কিন্তু দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পিচতো অসম চুক্তিৰ সঠিক ৰূপায়ণ কৰিব নোৱাৰিলে এই দলটোৱে । ইয়াতকৈ ডাঙৰ ব্যৰ্থতা আৰু কি হ'ব পাৰে ।

লগতে পঢ়ক : মধ্য প্ৰদেশত বিবাদঃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৯ গৰাকীকৈ লোক

অসম চুক্তিত উল্লেখ থকা কেতবোৰ বিষয় কাৰ্যকৰী হ'ল ঠিকেই । কিন্তু চুক্তিৰ যি মূল বিষয়বস্তু বিদেশী বহিস্কাৰ সেয়া কাৰ্যকৰীকৰণত এই দল আৰু চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ হ'ল । চুক্তিৰ আধাৰত অসমত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন কৰা হ'ল, নুমলীগড় শোধনাগাৰ স্থাপন হ'ল, কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন হ'ল, কিন্তু বিদেশী বহিস্কাৰ বা তাৰ সৈতে জড়িত বিষয় বিলাকৰ কোনো ধৰণৰ সমস্যা সমাধান নহ'ল ৷

আনহাতে, অসম গণ পৰিষদৰ চৰকাৰৰ কাৰ্যকালত বিদেশী বহিস্কাৰ হ'ল মাত্ৰ 1500 গৰাকী । ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ কথা আছিল অসম চুক্তিত । এই দলৰ দুবাৰকৈ চৰকাৰৰ কাৰ্যকালত সেয়াও সম্ভৱ হৈ নুঠিল । অসম চুক্তিত স্পষ্ট কৈ উল্লেখ কৰা আছিল যে, 1961 চনৰ পৰা 1971 চনলৈকে যিসকল সন্দেহজনক নাগৰিক তেওঁলোকৰ ভোটাধিকাৰ দহ বছৰৰ বাবে কৰ্তন কৰা হ'ব । সেয়াও কাৰ্যকৰী নহ'ল ।

লগতে পঢ়ক : বিধায়কসহ ১৫ গৰাকী নেতাক বহিষ্কাৰ কৰিলে জেডিইউৰ নেতা নিতীশ কুমাৰে

অসম চুক্তিৰ 6 নং দফাত খিলঞ্জীয়া লোকৰ সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো জড়িত হৈ আছে, সেই দফাটোও অসম গণ পৰিষদ চৰকাৰে কাৰ্যকৰী নকৰিলে । তেন্তে অসম চুক্তিৰ আধাৰত অসমক বিদেশী মুক্ত কৰিবলৈ 35 টা বছৰে অসম গণ পৰিষদে কি কৰিলে সেয়া প্ৰশ্নৰ আৱৰ্তত !

লগতে পঢ়ক : আত্মীয়ৰ জীৱন বচাবলৈ গৈ নিজৰ জীৱনলৈ বিপদ মাতিলে হেমন্তই

Last Updated : Oct 14, 2020, 7:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.