ETV Bharat / state

পদপথত ঈশ্বৰৰ বিলৈ! - মন্ত্ৰোচ্চাৰণ,ঢাক ঢোল

এদিন বা দুদিনৰ বাবে পূজা অৰ্চনা কৰা ভক্তই  ভগৱানৰ কি বিলৈ কৰে পূজাৰ পিচত সেয়া স্পষ্ট হৈ পৰে ৷ নাইকিয়া হয় ভগৱানৰ আদৰ ৷ হয়তো পাহৰি যায় পূজাৰ দিনটোৰ কথা ৷ কথাবোৰ কিমান সঁচা ?

আধ্যাত্মিকতা হেৰাই গৈছে নেকি সমাজৰ পৰা ?
author img

By

Published : Sep 21, 2019, 11:34 PM IST

Updated : Sep 23, 2019, 12:08 PM IST

গুৱাহাটী, 21 ছেপ্টেম্বৰঃ ঈশ্বৰৰ বিলৈ ! ঈশ্বৰ ভক্তিৰ ওপৰত কোনো সন্দেহ নাই ৷ ঈশ্বৰৰ আশীৰ্বাদ পাবলৈ মানৱ জাতিৰ সৰ্বত্ৰ কল্যাণ কামনা কৰি আৰাধানা কৰে ভক্তগণে ৷ জীৱশ্ৰেষ্ঠ মানুহৰ কল্যাণ কামী মনোভাৱ ইমানলৈ ঠিকে আছে ৷ পিচে যান্ত্ৰিক যুগত যেন মানুহে পাহৰি গৈছে নিজৰ কৰণীয় ৷ প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰি ঈশ্বৰক উপলুঙা কৰাৰ এনে নিদৰ্শন কিমান গ্ৰহণ যোগ্য সেয়া আজিৰ সময়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

after puja biswakarma idol
ডাষ্টবিন অথবা পথৰ কাষৰ জাবৰৰ দমেই অন্তিম স্থান ভগৱানৰ !

পূজা বুলি ক'লেই সৰ্বত্ৰে উখল মাখল পৰিৱেশ বিৰাজ কৰে, চাৰিওফালে মন্ত্ৰোচ্চাৰণ,ঢাক ঢোলৰ মাতে ৰজনজনাই চৌদিশে অপেক্ষাৰ অন্ত নাই আৰাধ্যজনক সেই নিৰ্দিষ্ট দিনটোত আৰাধনা কৰিবলৈ সকলোৰে ৷ সকলো ঠিকে ঠাকেই চলি যায় ৷ কিন্তু পূজাৰ পিচত কি পৰিৱেশ বিৰাজ কৰে সেয়া আমি নক'লেও হ'ব ৷ এদিন বা দুদিনৰ বাবে পূজা অৰ্চনা কৰা ভক্তই ভগৱানৰ কি বিলৈ কৰে পূজাৰ পিচত সেয়া স্পষ্ট হৈ পৰে ৷ নাইকিয়া হয় ভগৱানৰ আদৰ ৷ হয়তো পাহৰি যায় পূজাৰ দিনটোৰ কথা ৷ কথাবোৰ কিমান সঁচা ? বিসৰ্জনৰ পিচত ভগৱানৰ মূৰ্তি সমূহ হৈ পৰে আৱৰ্জনা ৷ ভক্তৰ মনোকামনা পূৰণ কৰিবলৈ ধৰালৈ আহে গণেশ,বিশ্বকৰ্মা ৷ পিচে পূজাৰ পিচতে ভগৱানক নিক্ষেপ কৰা হয় ডাষ্টবিন অথবা পথৰ কাষৰ জাবৰৰ দমলৈ ৷ বহু সময়ত পৰিত্যক্ত হৈ পৰা এই মূৰ্তি সমূহ দৃষ্টিকটূভাৱে পৰি ৰয় পথৰ দাতিত ৷ এদিনৰ বাবে মনপ্ৰাণ উজাৰি নিজৰ অভীষ্ট সিদ্ধি কৰিবলৈ পূজা অৰ্চনা কৰা ভগৱানৰ অন্তিম স্থান হয়গৈ ৰাজপথৰ আওহতীয়া ঠাই ৷

আধ্যাত্মিকতা হেৰাই গৈছে নেকি সমাজৰ পৰা ?

আধ্যাত্মিকতা হেৰাই গৈছে নেকি সমাজৰ পৰা ? কেৱল মাত্ৰ এদিনৰ বাবেহে প্ৰয়োজন হোৱা বিশ্বকৰ্মা,গণেশ আদিৰ মৃন্ময় মূৰ্তি সমূহ বিসৰ্জনৰ নামত আৱৰ্জনাৰ দমলৈ নিক্ষেপ কৰাটো কিমান যুক্তি সংগত ? মানৱ সমাজৰ ধৰ্মৰ জ্ঞানৰ অভাৱ ঘটিছে নেকি ? এইদৰে য'তে ততে মূৰ্তিসমূহ পেলাই দিয়াটো উচিত নে ?

after puja biswakarma idol
পথৰ কাষত অনাদত বৈ পৰি ৰৈছে বিশ্বকৰ্মাৰ মূৰ্তি

আৰাধ্য দেৱতাৰ মৃন্ময় মূৰ্তিৰ বিলৈ ৷ ভক্তৰ মনোকামনা পূৰ কৰি অৱশেষত নিজে জাৱৰৰ দমলৈ প্ৰক্ষেপ হোৱা মৃন্ময় মূৰ্তিসমূহৰ দুৰৱস্থা দেখি সচেতন লোকসকলৰ প্ৰশ্ন,এদিনৰ কাৰণেহে ভগৱানক আদৰি লোৱা হয় নেকি? সেয়ে গীতাত কৈছিল-

না কৰ্মানিং, না কতৃত্বং, লোকস্য সৃজতি প্ৰভূ ৷

না কৰ্ম ফলেসংযৌগং, স্বভাবস্তু প্ৰৱৰ্ত্ততে ৷৷

after puja biswakarma idol
পূজাৰ পিচত ভগৱানৰ মূৰ্তি সমূহ হৈ পৰে আৱৰ্জনা

অৰ্থাৎ মানুহে নিজৰ কৰ্মফল নিজে অৰ্জন কৰে ৷ কৰ্ম আৰু ইয়াৰ ফল মানুহৰ নিজৰেই সৃষ্টি ৷ কথাষাৰ ভাবি চোৱাৰ সময় যেন পাৰ হৈ গৈছে ৷

Intro:আধ্যাত্মিকতা হেৰাই যোৱাৰ বাবে য'তে ত'তে পেলাই দিয়া হৈছে বিশ্বকৰ্মা মূৰ্তি?

Body:Anchor: হেৰাই গ'ল নেকি আধ্যাত্মিকতা? ধৰ্মৰ প্ৰতি আস্থা হেৰুৱাই গৈছে নেকি মানৱ সমাজৰ? এদিনৰ বাবেহে ভক্তি, পূজা-অৰ্চনা কৰি ধৰ্ম বৰ্তাই ৰাখিছে নেকি মানৱ সমাজে? আজি আমি আপোনালোকক দেখুৱাম কিদৰে হেয় জ্ঞান কৰি গৈছে আধ্যাত্মিকতাক।

এইবেলি বিশ্বকৰ্মা পূজা দুদিনীয়াকৈ পালন কৰা হৈছে। সেই বিষয়েও মত ব্যক্ত কৰে ভদ্ৰ কালেশ্বৰ মন্দিৰৰ পূজাৰী দয়া ময়া চক্ৰৱৰ্তীয়ে। পূজাৰী দয়াময়াই কয় যে আচলতে ভাদ মাহৰ সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা পালন কৰা হয়। এইবেলি 18 ছেপ্টেম্বৰৰ দিনা এই সংক্ৰান্তি আছিল। কিন্তু পূৰ্বৰে পৰা 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰি অহা বাবে এইবাৰো একাংশ লোকে 17 ছেপ্টেম্বৰৰ দিনা পালন কৰিছে পূজা। এইক্ষেত্ৰত তেওঁ ক'ব খোজে যে আমাৰ মানৱ সমাজৰ ৰা ধৰ্মৰ জ্ঞানৰ অভাৱ ঘটিছে। লগতে এইদৰে ৰাস্তাৰ য'ত ত'ত পেলাই থোৱা মূৰ্তি সন্দৰ্ভত কয় যে পূজাৰ পিছদিনাখন মূৰ্তি নদীত বিসৰ্জন দিব লাগে। আৰু যদিহে বিসৰ্জন নিদিয়ে তেন্তে ৰাজহুৱা স্থানত নথৈ ভাল-পৰিষ্কাৰ ঠাইত অৱস্থান কৰিব লাগে।

Bite: ভদ্ৰ কালেশ্বৰ মন্দিৰৰ পূজাৰী দয়া ময়া চক্ৰৱৰ্তী

V.O: সদ্য সমাপ্ত বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ মূৰ্তি কোনোৱে ৰাস্তাই ঘাটে, কোনোৱে পথৰ ডিভাইদাৰৰ মাজত পেলাই থৈছে। এলাগী হৈ পৰিছে বিশ্বকৰ্মাৰ মূৰ্তি। কোন দিশে গৈছে মানৱ সমাজ। এইদৰে এলাগী হৈ পৰা প্ৰতিমূৰ্তি দেখি মত ব্যক্ত কৰিছে একাংশ লোকে।

Bite: সাধাৰণ ৰাইজ

Conclusion:End VO: এতিয়া প্ৰশ্ন হয় কেতিয়া জ্ঞান হ'ব এইসকল ৰাইজৰ? এইদৰে ৰাজহুৱা স্থানত এলাগী কৈ নথৈ ভাল-পৰিষ্কাৰ ঠাইত মূৰ্তি থোৱাৰ ব্যৱস্থা ল'ব নে? এদিনৰ বাবেই ভক্তি, পূজা-অৰ্চনা কৰি ইমানতেই দায়িত্ব সমাপন নেকি?

Asrar Ansari
Guwahati
Last Updated : Sep 23, 2019, 12:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.