গুৱাহাটী, 12 ফেব্ৰুৱাৰী : বন বিভাগৰ AFPF কনিষ্টবলৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবীৰে শুকুৰবাৰে উত্তাল হৈ পৰে অৰণ্য ভৱন( AFPF Constable candidates protest at Panjabari ) ৷ মহানগৰীৰ পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনৰ সন্মূখত একাংশ প্ৰাৰ্থীয়ে পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাক লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় ৷ ২০১৪ চনতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি সকলো প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতো আজি পৰ্যন্ত চূড়ান্ত ফলাফল ঘোষণা নকৰাক লৈ ক্ষোভ উজাৰে একাংশ কনিষ্টবল প্ৰাৰ্থীয়ে(Demand to declare recruitment AFPF Constable test results) ৷
উল্লেখ্য যে, ২০১৫ চনৰ ১৭ ডিচেম্বৰত শাৰিৰীক পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত ২০১৬ চন ৪ মাৰ্চত সম্পন্ন হৈছিল কনিষ্টবল পদৰ মৌখিক পৰীক্ষা ৷ কিন্তু আজি পৰ্যন্ত ফলাফল ঘোষণা নকৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীৰ এই নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই পূৰণ কৰাৰ বাবে দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক : ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তৰ বিতৰ্কিত মন্তব্যৰ সৰৱ চৰ্চা