ETV Bharat / state

আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিলচৰ থানাত এজাহাৰ

author img

By

Published : Sep 18, 2021, 10:42 PM IST

চিকিৎসকক অপমানজনক মন্তব্য কৰি বিপদত আঙুৰলতা ডেকা । ৰোগী চোৱাৰ নামত পুৰুষ দন্ত চিকিৎসকে মহিলা ৰোগীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল আঙুৰলতা ডেকাই ।

আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিলচৰ থানাত এজাহাৰ
আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিলচৰ থানাত এজাহাৰ

গুৱাহাটী,১৮ ছেপ্তেম্বৰঃ দন্ত চিকিৎসকক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত প্ৰাক্তন বিধায়িকা তথা বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা । তেওঁৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ । আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিলচৰ থানাত এজাহাৰ দাখিল কৰা হৈছে । ভাৰতীয় দন্ত সংস্থাৰ কাছাৰ শাখাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে দাখিল কৰে এজাহাৰ ।

শিলচৰ সদৰ থানাত গোচৰ ৰুজু কৰি দন্ত চিকিৎসক জনে আঙুৰলতা ডেকাই ৰাজ্যৰ দন্ত চিকিৎসক সকলক অপমান কৰা বুলি অভিযোগ কৰে । দুদিন পূৰ্বে আঙুৰলতা ডেকাই সংবাদ মেল সম্বোধন কৰি ৰোগী চোৱাৰ নামত পুৰুষ দন্ত চিকিৎসকে মহিলা ৰোগীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল।

লগতে পঢ়কঃ দন্ত চিকিৎসক বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ

দন্ত চিকিৎসক সকলে মহিলা ৰোগী সকলক স্বাস্থ্য পৰীক্ষাৰ নামত আপত্তিজনক স্থানত স্পৰ্শ কৰি শ্লীলতা হানি কৰা বুলি আঙুৰলতা ডেকাই কৰা অভিযোগৰ তীব্ৰ নিন্দা কৰে চিকিৎসক প্ৰদীপ দাসে । তেওঁ কয়' এনে মন্তব্য কৰি বিজেপি নেত্ৰীগৰাকীয়ে সকলো দন্ত চিকিৎসকক চূড়ান্ত অপমান কৰিছে ।

মহিলা ৰোগী সকলক চিকিৎসা কৰা নাইবা স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত চিকিৎসকৰ সৈতে মহিলা স্বাস্থ্য কৰ্মী উপস্থিত থাকে। শনিবাৰে শিলচৰ সদৰ থানাত গোচৰ ৰুজু কৰাৰ পিচত পৰবৰ্তী সময়ত আঙুৰলতা ডেকাৰ বিৰুদ্ধে আদালতত মানহানি গোচৰ তৰিব বুলিও সদৰী কৰে চিকিৎসক জনে ।

কাছাৰ জিলাৰ দন্ত চিকিৎসক সকলৰ দাবীৰ পৰিপ্ৰেক্ষতত বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ তৰা বুলিও সদৰী কৰে চিকিৎসক প্ৰদীপ দাসে । আঙুৰলতা ডেকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে দন্ত চিকিৎসক সংস্থাই ।

লগতে পঢ়কঃ বৈধ হ’ব নেকি বাল্য বিবাহ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.