গুৱাহাটী, 21 জুনঃ ''প্ৰযোজকে আজি পেটত যিটো গোৰ মাৰিলে, সেইটো আচলতে কৰিব নালাগে'', শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এনেদৰেই কান্দি কান্দি সংবাদমেল সম্বোধন কৰিব লগা হ'ল অভিনেত্ৰী প্ৰাঞ্জনা দত্তয়ে । কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ ২০১৯-২০ নাট্যবৰ্ষৰ বাবে অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ সৈতে থকা চুক্তি বাতিল কৰে বৰদৈচিলা থিয়েটাৰ কৰ্তৃপক্ষই । এনেদৰে হঠাতে অভিনেত্ৰী গৰাকীৰ সৈতে কৰা চুক্তি বাতিল কৰাৰ বাবে দিক্-বিদিক হেৰুৱাই পেলোৱাৰ কথা কৈ উচুপি উঠিল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত । বৰ্তমান মানসিকভাৱে ভাৰাক্ৰান্ত বুলিও সাংবাদিক সকলৰ আগত মন্তব্য আগবঢ়াই অভিনেত্ৰী প্ৰাঞ্জনা দত্তয়ে ।
উল্লেখ্য যে, এই বৰ্ষত বৰদৈচিলাৰ মঞ্চত প্ৰদৰ্শন হ'ব লগা "মহিয়সী" নাটকখনৰ লগত বিগত বৰ্ষৰ হেঙুল থিয়েটাৰৰ এখন নাটকৰ বহুকেইটা দৃশ্যই সাদৃশ্য দেখা পাইছিল অভিনেত্ৰীগৰাকীয়ে । এই কথা থিয়েটাৰ কৰ্তৃপক্ষক বাৰে বাৰে আঙুলিয়াই দিছিল যদিও অভিনেত্ৰী গৰাকীৰ কথা গুৰুত্ব নিদিয়াৰ লগতে তেওঁৰ লগত কৰা চুক্তিহে বাতিল কৰিলে থিয়েটাৰ কৰ্তৃপক্ষই । সংবাদমেলত আগন্তুক নাট্যবৰ্ষত বৰদৈচিলা থিয়েটাৰত নাথাকো বুলি স্পষ্ট কৰি দিয়াৰ লগতে অভিনেত্ৰী গৰাকীয়ে কান্দি কান্দি শুভেচ্ছা জনালে বৰদৈচিলা থিয়েটাৰ নাট্যদলটোক ।