গুৱাহাটী, ২৭ অক্টোবৰ : অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ আজি ৰাজ্যৰ ৬২ টা ছবিগৃহৰ লগতে সমগ্ৰ দেশৰে ২০০ ৰো অধিক ছবিগৃহত মুক্তি লাভ কৰিলে যতীন বৰাৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ । যতীন বৰাৰ প্ৰযোজনাত জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দ্বিতীয়খন ছবি হৈছে ৰাঘৱ ।
মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ চিটি চেন্টাৰৰ পি ভি আৰ ছবিগৃহত অনুষ্ঠিত হৈ যায় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ । ছবিখনত ৰাঘৱ নামৰ মুখ্য চৰিত্ৰ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰাই । এজন চালকৰ চৰিত্ৰত ছবিখনত দেখা যাব অভিনেতাগাৰকীক ।
লগতে ছবিখনত "ৰাঘৱ"ৰ মাতৃৰ ভূমিকাত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । ইফালে ছবিখনত অভিনয় কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামীকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰিচালনা কৰিছে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ।
মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মা কামাখ্যাৰ আশীৰ্বাদ শিৰত লৈ টীম ৰাঘৱে এটি কাৰ ৰেলীত অংশ লয় । কামাখ্যা গেটৰ পৰা চান্দমাৰী ফিল্ডলৈ ওলোৱা হয় এই কাৰ ৰেলী । ইফালে ছবিখনৰ মুক্তিৰ পূৰ্বেৰ পৰাই বহুকেইটা বিষয়ক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছিল বিতৰ্কৰ ।
‘ৰাঘৱ'ৰ টিজাৰ মুকলি কৰাৰ পাচতেই ছবিখন কিছু পৰিমাণে সমালোচনাৰ সন্মুখীন হৈছিল । একাংশই সিদ্ধান্ত গ্ৰহণ কৰিছিলে ছবিখনৰ বর্জনৰ । দৰাচলতে সামাজিক মাধ্যমত কা’ বিৰোধীসকলে চিনেমাখন বৰ্জন কৰিবলৈও বহু সময়ত আহ্বান জনায় অহা পৰিলক্ষিত হৈছে । ছবিখন প্ৰচাৰৰ বাবে শিক্ষানুষ্ঠানসমূহত যোৱাৰ প্ৰসংগটো সৃষ্টি হৈছিল বিতৰ্কৰ ।
উল্লেখযোগ্য যে ২০১৯ চনত ছবিগৃহলৈ আহিছিল যতীন বৰাৰ ছবি পৰিচালিত প্ৰথম ছবি 'ৰত্নাকাৰ' । ৰত্নাকৰ চাবলৈ হিলদল ভাঙি ছবিগৃহলৈ সোঁত বৈছিল দৰ্শকৰ । জুবিন গাৰ্গৰ মিছন চাইনা, কাঞ্চনজংঘাৰ পিচত সগৌৰৱেৰে চলিছিল যতীন বৰাৰ ৰত্নাকৰ । ৰত্নাকৰৰ পিচত ৰঘুপতিয়ে গঢ়িলে অভিলেখ ।
বিতৰ্কৰ মাজতো ৰত্নাকৰৰ দৰে ৰাঘৱকো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী অভিনেতাগৰাকীৰ লগতে ছবিখনৰ কলা-কুশলীসকল । এতিয়া এই ছবিখনক দৰ্শকে কেনেদৰে আদৰি লয় সেয়া হ’ব লক্ষণীয় বিষয়ে ৷
লগতে পঢ়ক: Raghav team at Tezpur: তেজপুৰৰ আনোৱাৰ চিনেমাহলত ৰাঘবৰ প্ৰচাৰ চলালে টিম ৰাঘৱে