ETV Bharat / state

Online application for land leases : গুৱাহাটীৰ ৮৫ হাজাৰ পৰিয়ালে এতিয়াও লাভ কৰা নাই ভূমি পট্টা - land patta

ভূমি পট্টাৰ অনলাইন আবেদনৰ সময়সীমা বৃদ্ধিৰ দাবী গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ ৷ লাট মণ্ডলৰ জালিয়াতিৰ বাবে সাধাৰণ ৰাইজে দুৰ্ভোগ ভোগাৰ অভিযোগ (Demand extension of online application for land leases) ৷

Guwahati mati pattakaran sangram samitee
ভূমি পট্টাৰ অনলাইন আবেদনৰ সময়সীমা বৃদ্ধিৰ দাবী
author img

By

Published : Mar 28, 2023, 8:06 PM IST

ভূমি পট্টাৰ অনলাইন আবেদনৰ সময়সীমা বৃদ্ধিৰ দাবী

গুৱাহাটী, 28 মাৰ্চ : ভূমি পট্টাৰ অনলাইন আবেদনৰ সময়সীমা বৃদ্ধিৰ পোষকতা কৰিছে গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে । মিছন বসুন্ধৰা 2.O আঁচনিৰ জৰিয়তে মাটি পট্টাৰ বাবে আবেদন কৰিবলৈ মাজত 3 দিন থকাৰ বাবে মহানগৰীৰ 50 % লোকে আবেদন কৰিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । লাট মণ্ডলৰ জালিয়াতিৰ বাবে আজিও গুৱাহাটীৰ হেজাৰ হেজাৰ পৰিয়ালে ভূমি পট্টাৰ বাবে অনলাইন আবেদন সম্পূৰ্ণৰূপে কৰিব পৰা নাই বুলি অভিযোগ কৰে গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে (Mission Basundhara 2.O) ।

ৰাজহ বিভাগৰ চৰম দায়িত্বহীনতাৰ পৰিণতিতে মহানগৰীৰ অধিকাংশ লোকে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা লাভৰ পৰা বঞ্চিত হ’ব বুলি অভিযোগ কৰিছে সংগঠনটোৱে । গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ প্ৰধান সম্পাদক প্ৰবীণজ্যোতি কলিতাই এই সন্দৰ্ভত কয় যে, চৰকাৰৰ 2009 চনৰ লেণ্ড বেংকত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ 95 শতাংশ পৰিয়ালৰ নাম তথা বসবাস কৰি থকা ভূমিৰ দাগ নম্বৰ অন্তৰ্ভুক্ত হোৱা নাই । সেই সময়ত মণ্ডলে ঘৰে ঘৰে গৈ প্ৰতিটো দাগৰ খতিয়ান লোৱাৰ পৰিৱৰ্তে দুই এটা পৰিয়ালৰ ওচৰলৈ গৈ দায়িত্ব সামৰিছে (Demand extension of online application for land leases) ।

আনকি ধনৰ বিনিময়ত দাগ নম্বৰ সাল সলনি কৰিছে বুলি উল্লেখ কৰি সমগ্ৰ বিষয়টো জিলা উপায়ুক্ত অথবা চক্ৰ বিষয়া কোনেও গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি কয় মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ প্ৰধান সম্পাদকগৰাকীয়ে । যাৰ পৰিণতিত লেণ্ড বেংকত নাম অন্তৰ্ভুক্তিকৰণৰ পৰা বহু পৰিয়াল বাদ পৰি ৰৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কলিতাই । লেণ্ড বেংকত নিজৰ নাম তথা ভূমিৰ দাগ নম্বৰ নথকা এনে পৰিয়ালসমূহে এতিয়া বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা বিচাৰি অনলাইনযোগে আবেদন কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে বুলি কয় মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ প্ৰধান সম্পাদক কলিতাই (Pattas of soil issue) ।

উল্লেখ্য যে, মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা 65 হাজাৰ পৰিয়ালকে ধৰি মুঠ 85 হাজাৰ পৰিয়াল ভূমি পট্টা লাভৰ পৰা বঞ্চিত হৈ আহিছে । মিছন বসুন্ধৰা 2.O পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি 31 মাৰ্চত আবেদনৰ শেষ সীমা উকলিব । কিন্তু মহানগৰীৰ অধিকাংশ লোকে পট্টা বিচাৰি অনলাইন আবেদন কৰিবলৈ সক্ষম হোৱা নাই সেয়েহে মাটি পট্টা সংগ্ৰাম সমিতিয়ে মাটি পট্টাৰ অনলাইন আবেদন শেষ সীমা বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে (Guwahati mati pattakaran sangram samitee) ।

লগতে পঢ়ক : Ellora Science Forum: ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলনৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.