ETV Bharat / state

Pending Cases in Assam : অসমত অমীমাংসিত প্ৰায় ৫ লাখ গোচৰ

ৰাজ্যত বিভিন্ন আদালতত অমীমাংসিত হৈ আছে প্ৰায় ৫ লাখ গোচৰ (about 5 lacs pending cases in Assam) । ইয়াৰে ভিতৰত সৰ্বাধিক ১ লক্ষাধিক গোচৰ অমীমাংসিত হৈ আছে কামৰূপ (মহানগৰ) জিলাত । বিধানসভাত এই তথ্য প্ৰকাশ আইন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ ।

author img

By

Published : Apr 5, 2023, 7:49 AM IST

Updated : Apr 5, 2023, 10:41 AM IST

Assam
Assam

গুৱাহাটী, ৫ এপ্ৰিল : অসমৰ বিভিন্ন আদালতত 4,58,059 টা গোচৰ অমীমাংসিত হৈ আছে (about 5 lacs pending cases in Assam) । এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক গোচৰ আদালতত অমীমাংসিত হৈ আছে (pending cases in Assam court) । চলিত বিধানসভাত অসমৰ ন্যায়িক ব্যৱস্থাৰ এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে (Assam Assembly budget session 2023) ।

বিধানসভাত মঙলবাৰে বিধায়ক চক্ৰধৰ গগৈয়ে অসমৰ বিভিন্ন আদালতত কিমান গোচৰ অমীমাংসিত হৈ আছে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আইন মন্ত্ৰী ৰণজিত কুমাৰ দাসে এই তথ্য সদৰী কৰে (Assam law minister Ranjit Kumar Das) । তেওঁ বিধানসভাত দিয়া তথ্য অনুসৰি, বাক্সা জিলাত 3,086 টা, বৰপেটা জিলাত 18,447 টা, বজালী জিলাত 3,208 টা, বিশ্বনাথ জিলাত 3,619 টা, বঙাইগাঁও জিলাত 11,199 টা, কাছাৰ জিলাত 28,146 টা, চৰাইদেউ জিলাত 1,682 টা গোচৰ অমীমাংসিত হৈ আছে ।

আনহাতে, চিৰাং জিলাত 3,944 টা, দৰং জিলাত 13,498 টা, ধেমাজি জিলাত 2,948 টা, ধুবুৰী জিলাত 30,385 টা, ডিব্ৰগড় জিলাত 21,017 টা, ডিমা হাচাও জিলাত 1,135 টা, গোৱালপাৰা জিলাত 13,113 টা, গোলাঘাট জিলাত 9,317 টা, হাইলাকান্দি জিলাত 13,779 টা, হোজাই জিলাত 15,410 টা, যোৰহাট জিলাত 13,872 টা, কামৰূপ মহানগৰ জিলাত 1,06,850 টা, কামৰূপ জিলাত 16,060 টা, কৰিমগঞ্জ জিলাত 18,489 টা আৰু কাৰ্বি আংলং জিলাত 3,682 টা গোচৰ এতিয়াও মীমাংসা হ'বলৈ বাকী আছে ।

অসমত অমীমাংসিত হৈ থকা গোচৰ সম্পৰ্কীয় তথ্য

ইয়াৰ উপৰি কোকৰাঝাৰ জিলাত 4,488 টা, লখিমপুৰ জিলাত 8,356 টা, মাজুলী জিলাত 982 টা, মৰিগাঁও জিলাত 11,803 টা,‌ নগাঁও 31,101 টা, নলবাৰী জিলাত 10,440 টা, শিৱসাগৰ জিলাত 7,730 টা, শোণিতপুৰ জিলাত 11,905 টা, দক্ষিণ শালমৰা মানকাচৰ জিলাত 3,934 টা, তিনিচুকীয়া জিলাত 10,819 টা, ওদালগুৰি জিলাত 2,298 টা, পশ্চিম কাৰ্বি আংলং জিলাত 1,317 টা গোচৰ অমীমাংসিত হৈ আছে ।

বিধানসভাত বিধায়ক চক্ৰধৰ গগৈয়ে অসমৰ বিভিন্ন আদালতত অমীমাংসিত হৈ থকা গোচৰবোৰ নিষ্পত্তিৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আইন মন্ত্ৰী ৰণজিত কুমাৰ দাসে কয় যে চৰকাৰে কম গুৰুতৰ বিশেষকৈ ভাৰতীয় দণ্ডবিধি ৩২১ ধাৰাৰ অধীনৰ গোচৰবোৰ উঠাই লোৱাৰ ব্যৱস্থা কৰিব । ইয়াৰ ফলত প্ৰায় এক লাখ গোচৰ উঠাই লোৱাৰ ব্যৱস্থা কৰা হ'ব । আইন মন্ত্ৰী ৰণজিত কুমাৰ দাসে কয় যে অসমত লোক আদালত বৃদ্ধি কৰা হ'ব । লগতে স্থায়ী লোক আদালতৰ শক্তি বৃদ্ধি কৰা হ'ব ।

লগতে পঢ়ক :Boko MLA Nandita Das controversy : মোক সকলো প্ৰশ্ন নকৰিবা; কমলাক্ষ্য দে' পুৰকায়স্থ

Last Updated : Apr 5, 2023, 10:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.