ETV Bharat / state

অহিংস গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বলৈ সোণোৱাল চৰকাৰৰ সাহস নাই: সমুজ্বল কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Jan 23, 2021, 9:49 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰতাৰক আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ বিক্ষোভ প্ৰদৰ্শন ৷ 'কা' বাতিল আৰু অসম চুক্তি ৰূপায়নৰ দাবীৰে মুখত ক'লা কাপোৰ বান্ধি আছুৰ বিক্ষোভ প্ৰদৰ্শন ৷ হিংসাৰ বাবে চৰকাৰে প্ৰতিবাদকাৰীক প্ৰৰোচিত কৰাৰ অভিযোগ ৷ দাবী মানি নোলোৱা পৰ্যন্ত অহিংস, গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ৷

samujjal kumar bhattacharya
samujjal kumar bhattacharya

গুৱাহাটী, 23 জানুৱাৰী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক হিংসাৰ আশ্ৰয় ল'বলৈ প্ৰৰোচিত কৰা বুলি অভিযোগ উত্থাপন কৰি শনিবাৰে মহানগৰীৰৰ দীঘলিপুখুৰী পাৰত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থা (আছু) ৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে যে ৰাজ্য আৰু কেন্দ্ৰ উভয়তে শাসনাধিষ্ঠ বিজেপি চৰকাৰে ৰাইজৰ গণতান্ত্ৰিক আৰু অহিংস আন্দোলনৰ প্ৰতি ভয় কৰে ৷

হিংসাৰ বাবে চৰকাৰে প্ৰতিবাদকাৰীক প্ৰৰোচিত কৰাৰ অভিযোগ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ শনিবাৰে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে 'কা' (নাগৰিকত্ব সংশোধনী আইন) আৰু অসম চুক্তি ৰূপায়নৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই দীঘলিপুখুৰীত মুখত কলা কাপোৰ বান্ধি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷

উক্ত ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকী উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটু ভাষাৰে সমালোচনা কৰাৰ লগতে অহিংস, শান্তিপূৰ্ণ তথা গণতান্ত্ৰিক প্ৰতিবাদ অব্যহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে ৷

অহিংস গণতান্ত্ৰিক আন্দোলনলৈ ভয় কৰি চৰকাৰে প্ৰতিবাদকাৰীক আক্ৰমণ কৰা বুলি আক্ৰমণ কৰা বুলি অভিযোগ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি ভট্টাচাৰ্যই কয় যে, একালত আন্দোলন কৰিয়েই অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোণোৱালৰ এই ভূমিকা অতি লজ্জাজনক ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰতাৰক আখ্যা দি ভট্টাচাৰ্যই লগতে কয় যে, "আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিছে ৷ কিন্তু মূল বিষয় পৰা আঁতৰি আছে ৷ এটা চৰকাৰী অনুষ্ঠানত সাধাৰণ কামটো কৰিব আহিছে ৷ আজি তেওঁ কব লাগিছিল 6 নং দফা কিয় এতিয়ালৈ ৰূপায়ন কৰিব পৰা নাই ৷ ব্ৰহ্ম কমিটিয়ে দিয়া প্ৰতিবেদন কিয় কাৰ্যকৰী কৰিব পৰা নাই ৷ লাইকা দধীয়াবাসীক কিয় সংস্থাপন দিব পৰা নাই ৷ 16 মে'ৰ পাছত কিমান বাংলাদেশী খেদিলে ৷ এইবোৰ মূল বিষয় পৰা আঁতৰি এতিয়া কেৱল অন্য কথা কৈছে ৷ এয়া অসমবাসীক প্ৰতাৰণা ৷ পুনৰ অসমবাসীক প্ৰতাৰণা কৰিব আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ নৰেন্দ্ৰ মোদী প্ৰতাৰক ৷"

লগতে পঢ়ক:ঐতিহাসিক জেৰেঙা পথাৰত কি ক’লে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.