গুৱাহাটী, ৩১ মে': মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শেহতীয়া কিছু সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বুধবাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত গুৱাহাটী মহানগৰীত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল আছু কৰ্মী সকল (AASU protest in Guwahati)। পুৱাৰে পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।
অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আৰু চৰকাৰৰ এনে হঠকাৰী,আকোৰগোঁজ স্থিতি পৰিহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে ৰাজ্যজুৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে (AASU protest against English medium)। পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী আছুৰ নেতৃত্বত আজি প্ৰতিখন আঞ্চলিকত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয় । গুৱাহাটীৰ দীঘলীপুখুৰীপাৰতো এই অনশন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ।
উল্লেখ্য় যে প্রতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । যোৱা ২৮ মে'ৰ পৰা আছুৱে সমগ্ৰ অসমত এমাহজোৰা আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিছে । এই কাৰ্যসূচীৰ অংশ হিচাপে আছুই আজি ৰাজ্যজুৰি অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে । কাৰ্যসূচীত অংশ লৈ আছুৰ নেতৃত্বই কয় যে, ছাত্ৰ সন্থাই এই বিষয়টোত অসম চৰকাৰক দীর্ঘদিন ধৰি আহ্বান জনাই আহিছে । কিন্তু চৰকাৰে আকোঁৰগোজ মনোভাৱেৰে অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি আছুৰ নেতৃত্বই অভিযোগ উত্থাপন কৰিছে ।
উল্লেখ্য যে অহা ৬ জুনত গুৱাহাটীত গণ সত্যাগ্রহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । তদুপৰি অহা ২৪ জুনত চাইকেল শোভাযাত্রা, ২৭ জুনত গুৱাহাটীত শৈক্ষিক সভা আদি অনুষ্ঠিত হ'ব বুলি আছুৰ নেতৃত্বই সদৰী কৰিছে । গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰাৰ বাবে ১৪৪ ধাৰা চৰকাৰে জাপি দিছে । চৰকাৰৰ এই দমন কৰাৰ মানসিকতাৰ বিৰুদ্ধে আছুৱে এমাহজোৰা আন্দোলন কৰিব ।