গুৱাহাটী, ২৮ ডিচেম্বৰ: ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মাৰপিটৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থা কর্মীক আটক কৰা কাৰ্যক গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে(Student Body Election conflict in Dibrugarh) । ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি আৰক্ষীয়ে ছাত্ৰ সন্থাৰ কৰ্মীক বৰ্বৰভাৱে প্ৰহাৰ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰি সভাপতি গৰাকীয়ে সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়(Dipanka Nath on AASU workers arrest issue) । কাৰ্যালয়ত বিভিন্ন কাম-কাজ কৰি থকা আছু কৰ্মীক আৰক্ষীয়ে আটক কৰা, ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা আৰক্ষীৰ দলে আছুৰ শ্বহীদ বেদী গচকি কৰ্মীসকলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা আদি কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব বুলি তেওঁ সকীয়াই দিয়ে ।
১৮-২১ বছৰীয়া ছাত্ৰসকলক আৰক্ষী থানালৈ নি গোটেই নিশা প্ৰহাৰ কৰি তিনিডাল লাঠি ছিঙি দিয়া কাৰ্যক অমানৱীয় আখ্যা দি তেওঁ কয় যে, এনে ধৰণৰ কাৰ্য আছুৱে সহ্য নকৰে । দীপাংক নাথে লগতে কয় যে, আছুৰ কৰ্মীসকলৰ ওপৰত নিৰ্দয়ভাৱে মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ দৰে আৰক্ষীয়ে কৰা বৰ্বৰ ব্যৱহাৰৰ উচিত বিচাৰ হ'ব লাগিব । ৰাজনৈতিক নেতাৰ প্ৰৰোচনাত আৰক্ষী অধীক্ষক শ্বেতাংগ বিশ্বাসে এনে কাম কৰিছে বুলিও তেওঁ অভিযোগ তোলে । লগতে আছুৰ সভাপতিগৰাকীয়ে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায় ।
উল্লেখ্য যে, আছু কৰ্মীক আৰক্ষীয়ে নিৰ্মমভাৱে কৰা প্ৰহাৰৰ প্ৰতিবাদত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ইতিমধ্যে ১৩ জানুৱাৰীলৈ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে ।
লগতে পঢ়ক:কিয় একালৰ আছুৰ একেখন কেন্দ্ৰীয় সমিতিৰ সতীৰ্থই লুৰীণক বুলিলে Flop master ?