ETV Bharat / state

আছু ত্যাগৰ সিদ্ধান্তত অটল ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আছু ত্যাগৰ সিন্ধান্ত সলনি নকৰে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ মংগলবাৰে সংবাদ মাধ্যমৰ আগত পুনৰবাৰ পূৰ্বৰ আছু ত্যাগ কৰাৰ সিদ্ধান্তত অটল থকাৰ কথা প্ৰকাশ কৰে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

aasu leave  Dr. Samujjwal Kumar Bhattacharya
আছুত নাথাকে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
author img

By

Published : Nov 3, 2020, 9:26 PM IST

কামৰূপ মেট্ট, 3নৱেম্বৰ: আছু ত্যাগৰ সিন্ধান্ত সলনি নকৰে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । এক দিঘলীয়া পৰিক্ৰমা,কেইবা দশক ধৰি সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰি আহিছিল ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । জাতীয় সত্বাক এক সুপৰিকল্পিত দিশত আগবঢ়াই নিয়াত ডঃ ভট্টাচাৰ্যৰ ভুমিকা অলেখ ।যোৱা কিছুদিন পূৰ্বে ছাত্ৰ সন্থাৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিছিল আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে । তাৰ পিছতে আছুৰ কৰ্মকৰ্তাসকলৰ মাজত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। সকলোৱে আছু ত্যাগ নকৰিবলৈ আহ্বান জনাইছিল ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক । কিন্তু বৰ্তমানেও নিজৰ স্থিতিত অটল আছে ডঃ ভট্টাচাৰ্য।

আছু ত্যাগৰ সিদ্ধান্তত অটল ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আগন্তুক দুলীয়াজান অধিৱেশনতে আছু ত্যাগ কৰিব ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । পুনৰ সংবাদ মাধ্যমৰ আগত এই কথা জনালে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে । পূৰ্বে দুবাৰকৈ সদস্য সকলৰ অনুৰোধত আছু ত্যাগৰ সিন্ধান্ত সলনি কৰিছিল ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ে । কিন্তু এইবাৰৰ সিন্ধান্ত সলনি নহয় বুলি একপ্ৰকাৰ নিজৰ দৃঢ় স্থিতি প্ৰকাশ কৰিলে ডঃ ভট্টাচাৰ্যই । লগতে আছু সদায় জাতীয় জীৱনৰ এটা অংগ হৈ ৰ'ব বুলিও উল্লেখ কৰিলে মুখ্য উপদেষ্টাগৰাকীয়ে ।

অন্য এক খবৰৰ বাবে: বিটিচি নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.