ETV Bharat / state

Cotton University Election : আছুৰ দখলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা - অসম ছাত্ৰ পৰিষদ

শুকুৰবাৰে ঘোষণা কৰা হ’ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল (Cotton university election result)৷ উক্ত ফলাফলৰ গৰিষ্ঠ সংখ্যক পদ আছু সমৰ্থিত প্ৰাৰ্থীয়ে দখল কৰে ৷

Cotton University Election
আছুৰ দখলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা
author img

By

Published : Nov 11, 2022, 9:25 PM IST

গুৱাহাটী, 11 নৱেম্বৰ : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ বৃহৎ জয় । আছুৰ দখলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা (Cotton University Students Union)। সভাপতি-সম্পাদককে ধৰি কেইবাটাও পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী জয় লাভ কৰে ।

সভাপতি পদত আছুৰ ত্ৰিদীপ ভাগৱতী(Tridip Bhagawati Cotton university), সাধাৰণ সম্পাদক পদত ঋতুৰাজ শইকীয়া, সহঃ সাধাৰণ সম্পাদক পদত নয়না বৰা, লঘু ক্ৰীড়াত সম্পাদক পদত লিছা মেধিয়ে জয় লাভ কৰে ।

আনহাতে তৰ্ক সম্পাদক অসম ছাত্ৰ পৰিষদৰ(Asom Chatra Parishad) সমৰ্থিত প্ৰাৰ্থী পদত বিনয় কলিতা, সাংস্কৃতিক সম্পাদক পদত ৰিমলিম ভূঞাই জয় লাভ কৰে ৷ ক্ৰিকেট সম্পাদকৰ পদত দ্বীপজ্যোতি বৈশ্য, টেনিচ, সাতোঁৰ আৰু শৰীৰচৰ্চাৰ সম্পাদক পদত দেৱজ্ঞান বৰুৱা, সামাজিক সেৱাৰ সম্পাদক পদত বিতোপন দলেই জয় লাভ কৰে । আনহাতে ছাত্ৰ মুক্তিৰ(Chatra Mukti Sangram Samiti) সমৰ্থিত প্ৰাৰ্থীৰ পৰা কটনিয়ানৰ সম্পাদক পদত অংকুৰ জ্যোতি শৰ্মা, ছাত্ৰীৰ জিৰণি কোঠা পদত বিপাশা দাস, সংগীত সম্পাদক পদত বহ্নিমান গোহাঁয়ে জয় লাভ কৰে ।

আছুৰ দখলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা

আনহাত উপ-সভাপতি পদত হিমপৰ্ণা দাস, একমাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী ছাত্ৰৰ জিৰণি কোঠা পদত হৃদয়া নন্দ কলিতাৰ জয় লাভ কৰাৰ লগতে এথলেটিকচৰ সম্পাদক পদত অন্না টিমুংপিয়ে জয় লাভ কৰে ।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বৃহস্পতিবাৰৰ পৰা বিশ্ববিদ্যালয়খনত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় । বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ মুঠ ১৫ টা পদৰ বাবে অনুষ্ঠিত হয় ভোটগ্ৰহণ । ৪৩ গৰাকী প্ৰার্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ মুঠ ৩,৩৬২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভোটদান কৰে । ভোটদানৰ হাৰ আছিল ৬২.৯ শতাংশ ।

ইফালে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাত মুঠ ১৬ টা পদ আছে যদিও এটা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে প্ৰাৰ্থী । ফুটবল আৰু হকী শাখাৰ সম্পাদক পদত বিজয়ী হৈছে পোহৰ দেৱবাৰ্মা । আনহাতে শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় ভোট গণনা । বিয়লি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় ।

মন কৰিবলগীয়া যে বিগত বৰ্ষবোৰত বিশ্ববিদ্যালয়খনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰায়ে বিভিন্ন প্ৰাৰ্থীৰ সমৰ্থনকাৰীসকলৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হয় যদিও এইবাৰ সুকলমে অনুষ্ঠিত হৈ যায় নিৰ্বাচন প্ৰক্ৰিয়া ।

লগতে পঢ়ক : Assam Police reshuffle : অসম আৰক্ষীৰ এপিএছ পৰ্যায়ত পদোন্নতিসহ বৃহৎ ৰদ-বদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.