ETV Bharat / state

AAP Press Meet : মুখ্যমন্ত্ৰীৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিবলৈ দাবী আপৰ

author img

By

Published : Jun 15, 2023, 9:18 PM IST

"উগ্ৰপন্থীৰে পূৰ্বৰে পৰা সম্পর্কিত বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে, সেয়েহে এই চিঠিখনৰ ভিত্তিত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া)ৰ অধীনত তেওঁৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চলাব লাগে"- আপৰ ৰাজ্যিক উপসভাপতি কমল কুমাৰ মেধি...

AAP PRESS MEET IN GUWAHATI
মুখ্যমন্ত্ৰীৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিবলৈ আপৰ দাবী উত্থাপন

গুৱাহাটী, 15 জুন : মণিপুৰৰ কুকি উগ্রপন্থী সংগঠনৰ নেতা এচ এচ হাউকিপে 2019 চনৰ 7 জুনত কেন্দ্ৰীয় গৃহ মন্ত্রণালয়লৈ লিখা এখন পত্ৰত বিজেপি নেতা ৰাম মাধৱ আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মণিপুৰত নিৰ্বাচন জিকিবলৈ ইউনাইটেড কুকি লিবাৰেচন ফ্ৰন্টৰ সহায় লৈছিল বুলি ইণ্ডিয়া টুডেত প্ৰকাশিত প্রতিবেদনৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে ৷

বৃহস্পতিবাৰে দলটোৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত বিষয়টো উত্থাপন কৰি আপৰ নেতা মামুন ইমদাদুল হক চৌধুৰীয়ে কয় যে, চিঠিখনেই প্রমাণ কৰে বিজেপি দলে নির্বাচন জিকিবলৈ ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ লগতো হাত মিলাব পাৰে ৷ লগতে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অনা উগ্রপন্থী নেতাসকলকো নির্বাচনী হাথিয়াৰ হিচাপে ব্যবহাৰ কৰিব পাৰে ৷ দেশৰ জনগণে তথাকথিত দেশভক্তৰ দল বিজেপিৰ স্বৰূপ সোনকালেই বুজি উঠিব কিয়নো এই চিঠিখনৰ দৰে আন বহু গুৰুত্বপূৰ্ণ দলিল অতিশীঘ্ৰেই পোহৰলৈ আহিব বুলি মন্তব্য প্ৰকাশ কৰে হক চৌধুৰীয়ে ৷

তেওঁ লগতে কয় যে, সম্প্রতি মণিপুৰত চলি থকা ভয়াবহ গোষ্ঠী সংঘৰ্ষত এই কুকি উগ্রপন্থী সংগঠনটো জড়িত বুলি এতিয়া খোদ বিজেপি নেতৃত্বই কৈ ফুৰিছে ৷ অথচ তেওঁলোকৰ সহায়তে বিজেপি দলে ইমান দিনে নির্বাচনী বৈতৰণী পাৰ হৈ আহিছিল ৷

আনহাতে সংবাদ মেলখনত আপৰ ৰাজ্যিক উপসভাপতি কমল কুমাৰ মেধিয়ে কয় যে উগ্ৰপন্থীৰে পূৰ্বৰে পৰা সম্পর্কিত বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে, সেয়েহে এই চিঠিখনৰ ভিত্তিত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া)ৰ অধীনত তেওঁৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চলাব লাগে ৷ লগতে এই বিষয়টোত তৎকাল অসমৰ ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰে মেধিয়ে ৷

সামান্য অজুহাততে ৰাজ্যৰ সংগ্ৰামী সত্বাসমূহৰ ওপৰত নিয়াৰৰ গোচৰ জাপি দিয়া মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পিচত আৰু শাসনত থকাৰ নৈতিক অধিকাৰ নাই বুলিও তীব্র ক্ষোভ প্ৰকাশ কৰে আপ নেতা মেধিয়ে ৷ তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীক তৎকালে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱক গ্রেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিবলৈও আহ্বান জনায় ৷ সংবাদমেলত আপৰ ৰাজ্যিক মুখপাত্র দীপাংকৰ কলিতাও উপস্থিত থাকে।

লগতে পঢ়ক: ২১ কিয় ৫১ টা দল মিলিও বিজেপি পৰাভূত কৰিব নোৱাৰে : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.