ETV Bharat / state

গুৱাহাটীখন ধ্বংস কৰাৰ দিশে আগবাঢ়িছে চৰকাৰ: আপ - আম আদমি পাৰ্টী

AAP Assam: স্বচ্ছ সৰ্বেক্ষণ বঁটাত গুৱাহাটীৰ স্থান অৱনমিত হোৱাটো লজ্জাজনক বুলি মন্তব্য আপ, অসমৰ ৷ গুৱাহাটীখন প্ৰদূষিত হৈ মৃত্যুমুখী যাত্ৰাৰ ফালে আগবঢ়া বুলি মন্তব্য আম আদমি পাৰ্টীৰ নেতৃত্বৰ ৷

AAP Assam
আপ, অসমৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 10:56 PM IST

আপ, অসমৰ সংবাদমেল

গুৱাহাটী, ১২ জানুৱাৰী : ‘‘ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনে গুৱাহাটী চহৰখন ধ্বংস কৰাৰ দিশে আগবাঢ়িছে ৷ আজি গুৱাহাটী প্ৰদূষিত হৈ মৃত্যুমুখী যাত্ৰাৰ ফালে আগবাঢ়িছে ৷” গুৱাহাটীৰ উন্নয়ন আৰু স্বচ্ছতাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি আপ অসমে চৰকাৰক কৰিলে তীব্ৰ সমালোচনা ৷

সংবাদমেলখনত গুৱাহাটীৰ সন্দৰ্ভত আপ, অসমৰ নেত্ৰী অনুৰূপা ডেকাৰজাকে ধৰি দলটোৰ কেবাগৰাকীও নেতা সৰৱ হৈ পৰে । উল্লেখ্য যে শেহতীয়াভাৱে ২০২৩ৰ স্বচ্ছ সৰ্বেক্ষণ বঁটাত গুৱাহাটীয়ে স্থানক লৈ মূলতঃ সংবাদমেলখন আয়োজন কৰে আপ, অসমে ৷

স্বচ্ছ সৰ্বেক্ষণ বঁটাত গুৱাহাটীৰ স্থান অৱনমিত হোৱাটো লজ্জাজনক বুলি মন্তব্য কৰি ৰাজ্যৰ বিজেপি চৰকাৰখনৰ বাবে এয়া লজ্জাজনক বুলি কয় আপ, অসমৰ নেতৃত্বই ৷ উল্লেখ্য যে দেশৰ ৩৫ খন চহৰৰ ভিতৰত স্বচ্ছতাৰ ক্ষেত্ৰত ৩১ নম্বৰত আছে গুৱাহাটী ৷

আপ, অসমৰ দাবী যে বিজেপিয়ে গুৱাহাটী চহৰখন ধ্বংস কৰাৰ দিশে আগবাঢ়িছে ৷ আজি গুৱাহাটী প্ৰদূষিত হৈ মৃত্যুমুখী যাত্ৰাৰ ফালে আগবাঢ়িছে৷ ইয়াৰোপৰি দলটোৰ নেতৃত্বই কয় যে ডাষ্টবিন ফ্ৰী গুৱাহাটীৰ নামেৰে এক নতুন আঁচনি আৰম্ভ কৰিছিল ৷ কিন্তু তিনিটা বছৰে পৰিত্যক্ত হৈ ৰ’ল জৈৱ গেছ প্ৰকল্প ৷

গুৱাহাটী চহৰখন পৰিস্কাৰ কৰি সাধাৰণ লোকক নিৰোগী কৰি জীয়াই ৰাখিবলৈ মুখ্যমন্ত্ৰীলৈ সংবামেলখনৰ জৰিয়তে আহ্বান জনায় আম আদমি পাৰ্টীয়ে ৷ ইয়াৰোপৰি গুৱাহাটী উন্নয়নৰ নামত অহা ধন সঠিকভাৱে খৰচ কৰিবলৈ আহ্বান জনায় দলটোৰ নেতৃত্বই ৷

ইফালে উন্নয়নৰ বাবে গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলাৰসকলক চৰকাৰে দিবলগীয়া দহ কোটিকৈ টকা আদায় দিবলৈও আহ্বান জনায় দলটোৱে ।

লগতে পঢ়ক: আসন ভাগ-বটোৱাৰাক লৈ আজি কংগ্ৰেছ-আপৰ দ্বিতীয়খন বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.