ETV Bharat / state

সাংবাদিকৰ নাম লৈ সোনাপুৰৰ হোটেলত লুটপাট - ডকাইতি কাণ্ড

সংবাদ মাধ্যমৰ লোক বুলি পৰিচয় দি দোকানত লুটপাট চলালে 6 জনীয়া এটা যুৱকৰ দলে । মাতৃ-কন্যাৰ পৰা পৃথকে পৃথকে লুটি নিলে পোন্ধৰ হাজাৰ টকা । সোনাপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।

a group of miscreants robbed a shop in sonapur
সাংবাদিকৰ নাম লৈ সোনাপুৰৰ হোটেলত লুট-পাট
author img

By

Published : Jul 23, 2021, 6:44 PM IST

গুৱাহাটী, ২৩ জুলাই : ক'ভিড পৰিস্থিতিৰ বাবে অব্যাহত থকা সান্ধ্য আইনৰ মাজতে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে চুৰি-ডকাইটি তথ‍া লুটপাটৰ ঘটনা। সমান্তৰালভাৱে কাঠফুলাৰ দৰে গজি উঠা একাংশ ৱেব প'ৰ্টেলৰ স‍াংবাদিকৰ বিৰুদ্ধেও ধন দাবী তথা লুটপাট চলোৱা ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ আহিছে সোণাপুৰত ৷

ঘটনাটো সংঘটিত হৈছে সোনাপুৰ থানাৰ অন্তৰ্গত বৰ্ণিহাটৰ পোন্ধৰ মাইলত । ঘটনাৰ বিৱৰণ মতে, বৃহস্পতিবাৰে নিশা ৰীতা দে নামৰ এগৰাকী মহিলাৰ পোন্ধৰ মাইলত থকা দোকান ত তিনিগৰাকী যুৱতীসহ চাৰি জনীয়া এটা যুৱকৰ দল প্ৰৱেশ কৰে ৷ জানিব পৰা মতে AS-০১AW-৩৬২৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনত আহিছিল দলটো ৷

সাংবাদিকৰ নাম লৈ সোনাপুৰৰ হোটেলত লুট-পাট

যুৱক-যুৱতীৰ দলটোৱে মহিলাগৰাকীৰ দোকান ঘৰত প্ৰৱেশ কৰি ভয়-ভাবুকিৰে 10 হাজাৰ টকা দাবী কৰে ৷ দোকান তথা হোটেল খনৰ গৰাকী ৰীতা দেই জানিবলৈ দিয়া মতে, প্ৰথমে যুৱক-যুৱতীৰ দলটোৱে নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে ৷ ইয়াৰ পাচতে হোটেলখনত লুটপাট আৰম্ভ কৰে আৰু নগদ দহ হাজাৰ টকা কাঢ়ি লৈ যায় বুলি সদৰি কৰিছে মহিলা গৰাকীয়ে ৷

আনহাতে, ১৯ জুলাইৰ নিশাও ৰীতা দেৰ জীয়ৰী চুমা দেৰ পোন্ধৰ মাইলত থকা দোকান ঘৰত তিনিখন বাইকত অহা ছয়জনীয়া যুৱকৰ দল এটাই লুটপাট চলাইছিল । যুৱকৰ দলটোৱে নিজকে সংবাদ মাধ্যমৰ লোক বুলি পৰিচয় দি চুমা দেৰ পৰা নগদ পাঁচ হাজাৰ টকা কাঢ়ি লৈ যায় । লুটপাটৰ এই দুয়োটা ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰীতা দেয়ে সোনাপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

বৰ্তমান উক্ত এজাহাৰৰ ভিত্তিত দুয়োটা ডকাইতি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সোনাপুৰ আৰক্ষীয়ে ৷ ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি পোন্ধৰ মাইল অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ সংবাদ মাধ্যমৰ নামত লুট-পাট চলোৱাৰ বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:ক’ত হেৰাল APSC- পৰীক্ষাৰ ৭০ খন উত্তৰবহী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.