ৰঙিয়া, 19 ছেপ্টেম্বৰঃ ৰঙিয়াৰ মৰাণাজানাত থকা ঔদ্যোগিক পাম এখনে দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কোনো বিধিসন্মত ব্যৱস্থা গ্ৰহণ নকৰা বাবে এতিয়া পামখনৰ প্ৰায় বাইশ টা কলৰ পৰা নিৰ্গত হোৱা তেজষ্কিয় ৰাসায়নিক দ্ৰব্যই ওচৰৰ খেতি পথাৰ আৰু পানীৰ উৎসসমূহৰ লগতে বায়ু প্ৰদূষিত কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।এই অভিযোগ স্থানীয় ৰাইজৰ ৷
অঞ্চলটোৰ এখন বিদ্যালয় বৰশিল বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় নব্বৈ শতাংশ ছাত্ৰ-ছাত্ৰীৰ যোৱা কেইবামাহ ধৰি ছালৰ বিভিন্ন উপসৰ্গই দেখা দিয়া পৰিলক্ষিত হৈছে । স্থানীয় ৰাইজে পামখনৰ আন্তঃগাঁথনিৰ লগতে কাৰখানাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক আৱৰ্জনাৰ উপযুক্ত ব্যৱস্থাপনাৰ ওপৰত বিভিন্ন অভিযোগ কৰি আহিছে যদিও কৰ্তৃপক্ষই এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।