ETV Bharat / state

দ্বিতীয়বাৰৰ বাবে মঞ্চস্থ হ'ব সাংবাদিকৰ নাটক - A drama will be staged by Guwahati press club members

গুৱাহাটীৰ সংবাদকর্মীসকলৰ দ্বাৰা শীঘ্ৰেই মঞ্চস্থ হ'ব এখন পূর্ণাংগ নাটক ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত নাটক খনিৰ শুভ মহুৰত সম্পন্ন হয় ৷ জনপ্ৰিয় অভিনেতা তপন দাস আৰু নতুন দিল্লীস্থিত ইণ্ডিয়ান ইন্সটিটিউট অৱ মাছ কমিউনিকেশ্যনছৰ অধ্যাপক শাশ্বতী গোস্বামীয়ে নাটক খনৰ শুভ মহুৰত কার্য সম্পাদন কৰে ৷

a-drama-will-be-staged-by-guwahati-press-club-members
দ্বিতীয়বাৰৰ বাবে মঞ্চস্থ হ'ব গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ নাটক
author img

By

Published : Jan 18, 2021, 9:18 PM IST

Updated : Jan 18, 2021, 9:52 PM IST

গুৱাহাটী,18 জানুৱাৰী : এইবাৰ অসমৰ অ-পেছাদাৰী নাট্যক্ষেত্ৰখনত খোজ দিব নিজৰ কাম-কাজৰ দ্বাৰা সদায় নতুনত্ব বহন কৰা গুৱাহাটা প্ৰেছ ক্লাবৰ নতুন সমিতিখনে ৷ গুৱাহাটীৰ সংবাদকর্মীসকলৰ দ্বাৰা শীঘ্ৰেই মঞ্চস্থ হ'ব এখন পূর্ণাংগ নাটক ৷ সাংবাদিকসকলে সংবাদ সেৱা আগবঢ়াই থাকোঁতে কেনেধৰণৰ কিছুমান অতি সংবেদনশীল বিষয়ৰ মুখামুখি হ'ব লগা হয় তাৰেই আধাৰত লিখি উলিওৱা এখন নাটক মঞ্চস্থ কৰিব গুৱাহাটী প্ৰেছ ক্লাৱৰ সদস্য সকলে ৷ সাম্প্ৰতিক সময়ৰ এগৰাকী সচেতন নাট্যকাৰ ঋতুপর্ণ দাসে লিখি উলিয়াইে মঞ্চস্থ হ'বলগীয়া "ইত্যাদি" নামৰ নাটক খন ৷ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ "খোজৰ শব্দ" (পাছত প্ৰেমহীনতা নামেৰেও প্ৰকাশিত) আৰু সত্ৰৰ দশকৰ প্ৰগতিশীল শিবিৰৰ কবি-গল্পকাৰ তথা প্ৰয়াত সাংবাদিক পুতুল হাজৰিকাৰ 'বুকুত কাঁইটৰ খোচ' নামৰ গল্প দুটিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই নতুন নাটখন ৰচনা কৰিছে নাট্যকাৰ গৰাকীয়ে ৷ তেৱেঁই নাটখন পৰিচালনাও কৰিব বুলি জনাইছে প্ৰেছ ক্লাৱৰ সদস্য সকলে ৷

দ্বিতীয়বাৰৰ বাবে মঞ্চস্থ হ'ব গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ নাটক

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত 'ইত্যাদি'ৰ শুভ মহুৰত সম্পন্ন হয় ৷ অসমৰ চিনেমা আৰু নাট্যক্ষেত্ৰৰ বলিষ্ঠ আৰু জনপ্ৰিয় অভিনেতা তপন দাস আৰু নতুন দিল্লীস্থিত ইণ্ডিয়ান ইন্সটিটিউট অব মাছ কমিউনিকেশ্যনছৰ অধ্যাপক শাশ্বতী গোস্বামীয়ে শুভ মহুৰত কার্য সম্পাদন কৰে ৷ তপন দাসে নাটখনৰ এটি সংলাপ কৈ নাটখনে দর্শকৰ মন-মগজুক জোকাৰি যাব বুলি আশা প্ৰকাশ কৰে ৷ লগতে শাশ্বতী গোস্বামীয়ে "ঋতুপর্ণৰ নাটকে সদায়ে এক নতুনত্ব বহন কৰে ৷ তেওঁৰ পৰিচালনা ৰীতিও সুকীয়া ৷ নিজস্ব বৈশিষ্ট্যপূর্ণ" বুলি মন্তব্য কৰে ৷ শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকি সাংবাদিক গৌতম শর্মাইয়ো ঋতুপর্ণ দাসৰ নাটকৰ ভূয়সী প্ৰশংসা কৰে ৷

a-drama-will-be-staged-by-guwahati-press-club-members
দ্বিতীয়বাৰৰ বাবে মঞ্চস্থ হ'ব গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ নাটক

উল্লেখ্য যে, মঙলবাৰৰে পৰা আখৰা আৰম্ভ হ'ব লগা নাটখন অহা ফেব্ৰুৱাৰীৰ দ্বিতীয়ার্ধৰ আৰম্ভণিতে মঞ্চস্থ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ৷ গুৱাহাটী প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক মণীষা কলিতাই আঁত ধৰা অনুষ্ঠানটিত নাটকখনৰ সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে সদৰী কৰে সাংস্কৃতিক সম্পাদক পল্লৱী বৰাই ৷ অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়ায় প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে ৷ নাটকখনৰ দুটি দৃশ্যৰ কিয়দাংশৰ শ্ৰব্য-অভিনয় কৰে শান্তনু মহন্ত, জগদীশ ডেকা, মণীষা কলিতা আৰু মিতালী কোঁৱৰে ৷ আজিৰ মহুৰত অনুষ্ঠানত প্ৰেছ ক্লাব সমিতিৰ সদস্যসকলৰ উপৰি ভালেকেইজন বিশিষ্ট সাংবাদিক, সংবাদকর্মী আৰু নাট্যকর্মী উপস্থিত থাকে ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণ সুচল হ’বলৈ নিদিয়ে আছুৱে !

Last Updated : Jan 18, 2021, 9:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.