ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ - 9 AM TOP TEN BULLETIN

9 বজাৰ শীৰ্ষ দহটা খবৰ

9 AM TOP TEN BULLETIN
9 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 14, 2020, 8:59 AM IST

প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড পৰ্যবেক্ষণ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

দৰঙৰ ছিপাঝাৰ স্থিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড পৰ্যবেক্ষণ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ লক ডাউনৰ অজুহাতত বন্ধ হৈ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগটো । অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিষয়াৰ সৈতে উদ্যোগটো পৰ্যবেক্ষণ কৰি শীঘ্ৰে সম্পূৰ্ণৰূপে ইয়াক কাৰ্যক্ষম কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে ।

ফটকাবিহীন দীপাৱলী উদযাপন কৰাৰ দিশে মহানগৰ প্ৰশাসন

দীপাৱলীত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি, মহানগৰীত ফটকা বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞ জাৰি ৷

মৰাণত শ্ৰীশ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন

ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কোটোহা পঞ্চায়তৰ জকাই দহ ঘৰীয়া কৈৱৰ্ত গাঁৱত পৰম পুৰুষোত্তম শ্ৰী শ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন কৰা হয় । আগমন তিথিত সমগ্ৰ জকাই অঞ্চলৰ লগতে ডিব্ৰুগড় চহৰৰ অসংখ্য ভকত বৈষ্ণৱৰ সমাগম হয় ।

পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনঃ শ্বহীদ অসমৰ বীৰ জোৱান

যুদ্ধবিৰতি উলংঘা কৰি পুনৰ পাক সেনাৰ ভয়ংকৰ আক্ৰমণ । উৰিত হোৱা গুলিবৰ্ষণত শ্বহীদ বীৰ অসম সন্তান হৰধন ৰায় ৷ স্থলসেনাৰ 59 ফিল্ড আৰ্টিলাৰী ৰেজিমেন্টৰ জোৱান আছিল হৰধন ৷

শিশু দিৱসৰ দিনটোত নেহৰুক সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ

: স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী উপলক্ষে শনিবাৰে দেশজুৰি পালন কৰা হৈছে শিশু দিৱস ৷ এই উপলক্ষে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিলে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

জোনাই জিলা ট্ৰাইবেল সংঘৰ অধিবেশনৰ ৰাজহুৱা সভা

13 ডিচেম্বৰত জোনাইৰ লেকু জেলম দক্ষতা বিকাশ কেন্দ্ৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অসমৰ জনজাতি সকলৰ একমাত্ৰ অভিভাৱক সংগঠন সদৌ অসম জনজাতি (ট্ৰাইবেল) সংঘৰ জোনাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশন ৷

বাক্সাৰ গোৰেশ্বৰ-নাওকাটাত অস্ত্ৰসহ আটক যুৱক

সেনাই বাইহাটা চাৰিআলীৰ পৰা গোৰেশ্বৰ-নাওকাটা-বাঙালীপাৰা গড়কাপ্তানী পথেৰে বাঙালীপাৰা অভিমুখে অস্ত্ৰ কঢ়িয়াই অনা তথ্যৰ ভিত্তিত সেনাই চলাইছিল অভিযান ৷ অভিযানত আটক নলবাৰীৰ তফজুল আলী(28) আৰু চইফ আলী(45) ৷

সেনা জোৱানৰ সৈতে দিপাৱলী পালন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

দিপাৱলী সীমান্তত মোতায়েন কৰা সেনা জোৱানৰ সৈতে পালন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, পাকিস্তানৰ সীমান্তত নিয়োজিত সেনা জোৱানৰ সৈতে প্ৰধানমন্ত্ৰী গৰাকীয়ে দিপাৱলী পালন কৰিব ৷

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী 'প্ৰতিদিন টাইম'ৰ

কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ এই দুৰ্ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি বিভিন্ন দল-সংগঠন তথা সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ব্যক্তিগত বৈদ্যুতিক মাধ্যম 'প্ৰতিদিন টাইম'য়ে শুকুৰবাৰে কাৰ্যালয়ৰ সন্মুখত এই ঘটনাৰ উচিত তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট

কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনা আৰু মৃত্যুয়ে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ চৌদিশে চলিছে পৰাগ ভূঞাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ ৷ এই ঘটনা সন্দৰ্ভত টুইটাৰৰ জৰিয়তে নিজৰ মত প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.