ETV Bharat / state

Assam Agri-Horti Show 2022: খানাপাৰাত আৰম্ভ হ'ল সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা - Minister Atul Bora

গুৱাহাটীত অনুষ্ঠিত হৈছে সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা ৷ শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই মেলাৰ ৷ এই মেলাৰ মূল বিষয়বস্তু হৈছে যুৱ শক্তিৰ অংশগ্ৰহণেৰে কৃষি উদ্যানশস্য খণ্ডৰ নৱজাগৰণ ৷

Assam agri-Horti Show 2022
খানাপাৰাত আজিৰে পৰা আৰম্ভ সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা
author img

By

Published : Dec 17, 2022, 4:29 PM IST

খানাপাৰাত আজিৰে পৰা আৰম্ভ সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা

গুৱাহাটী, 17 ডিচেম্বৰ: গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত(khanapara veterinary college field) শনিবাৰৰ পৰা আৰম্ভ হৈছে সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা(Assam Agri-Horti Show 2022) । অহা ১৯ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই মেলা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) উদ্বোধন কৰে এই মেলাৰ ৷ এই মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে সহযোগ কৰিছে স্পাইচ বোৰ্ড, কোকোনাট বোৰ্ড, নেডফি(NEDFi), নাৱাৰ্ড(NADARD) আদি সংস্থাই । লগতে এই মেলাত অংশ গ্ৰহণ কৰিছে ৰাজ্যৰ কৃষক ৰাইজৰ লগতে দেশ বিদেশৰ কৃষি বিজ্ঞানী সকলে ।

মেলাৰ মূল বিষয় হৈছে Youth for Renaissance in Agri-Horticultural Sector বা ‘যুৱ শক্তিৰ অংশগ্ৰহণেৰে কৃষি উদ্যানশস্য খণ্ডৰ নৱজাগৰণ’ । এই মেলা উপলক্ষে এখন স্মৰণিকা উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানত ১০ গৰাকী শ্ৰেষ্ঠ খেতিকক প্ৰদান কৰা হ’ব পুৰস্কাৰ । বঁটা হিচাপে প্ৰতিগৰাকী কৃষকলৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা ।

অনুষ্ঠানত ভাষণ প্ৰসংগত, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘২০২১-২২ চনত অসমে ১৪০০০ মেট্টিক টন কৃষিজাত সামগ্ৰী উৎপাদন কৰিবলৈ সক্ষম হৈছে । অসমৰ কৃষকসকলে বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । ২ লাখ হেক্টৰ মাটিত জৈৱিক খেতি কৰিবলৈ সক্ষম হৈছে ।’’

প্ৰাকৃতিকভাবে ২০ হাজাৰ হেক্টৰ মাটিত খেতি কৰিবলৈ চৰকাৰে পৰিকল্পনা কৰাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় , ‘‘ ২০০ কোটি টকা ফচল বীমাৰ বাবে ৰাজভঁৰালত ধন আছে ।’’ ফচল বীমা(seed crop insurance) কৰাৰ বাবে খেতিয়ক ৰাইজক আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই(Minister Atul Bora) কয় , ‘‘২০১৩ চনৰ পৰা অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা অনুষ্ঠিত হৈ আহিছে । এই মেলাৰ জৰিয়তে অসমৰ কৃষক ৰাইজ উপকৃত হৈছে । পূৰ্বে অসমৰ কৃষকে কৃষিক বাণিজ্যিক ভিত্তিত গ্ৰহণ কৰা নাছিল(commercialization of agriculture) । এতিয়া নতুন প্ৰজন্মৰ কৃষকে কৃষিক বাণিজ্যিক ভিত্তিত গ্ৰহণ কৰিবলৈ লৈছে "।

উল্লেখ্য যে, ম্যানমাৰ, ঘানা, থাইলেণ্ড, চৌদি আৰৱৰ প্ৰতিনিধিসকলেও এই মেলাত অংশগ্ৰহণ কৰিছে । লগতে এই কৃষি মেলাত স্থাপন কৰা হৈছে ৪০০ তকৈ অধিক ষ্টল । অনুষ্ঠানত কৃষি বিশ্ববিদ্যালয় উপাচাৰ্য বিদ্যুৎ চন্দ্ৰ ডেকা , হস্ততাঁত বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম , পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ কুইন ওজা , বিধায়ক তৰংগ গগৈ , কৃষি সঞ্চালক অনন্তলাল জ্ঞানী, কৃষি বিভাগৰ অতিৰিক্ত সচিব তেজপ্ৰসাদ ভূষাল, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাকে ধৰি বিভিন্ন দায়িত্বত থকা বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: Atul Bora replied: কৃষিত দুৰ্নীতি চলিয়েই আছে বুলি মনে নধৰে অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.