ETV Bharat / state

7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ - 7PM TOP TEN NEWS

7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

7PM TOP TEN NEWS
7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ
author img

By

Published : Jul 30, 2020, 7:08 PM IST

আছুৰ নতুন ৰাজনৈতিক দলৰ সৈতে আগবাঢ়িব সংগ্ৰামী মঞ্চ: অদীপ কুমাৰ ফুকন

ৰাজ্যৰ বিভিন্ন জাতীয় সমস্যা সমাধানৰ লগতে অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে কৰ্মসূচী গ্ৰহণ কৰিছে অসম সংগ্ৰামী মঞ্চই ৷ তাৰোপৰি কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থত পৰিচালিত বিজেপি চৰকাৰে ৰাজ্যৰ জৈৱ বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ লগতে ৰাজহুৱা খণ্ড ধ্বংস কৰিবলৈ শেহতীয়াভাৱে প্ৰযোজ্য় কৰিবলগীয়া EIA 2020 আইনৰ জাননী জাৰি আদি কাৰ্যত বাধা দিয়াৰ বাবে ৰাজ্যত শক্তিশালী আঞ্চলিক শক্তিৰ প্ৰয়োজন ৷ বৃহস্পতিবাৰে বৰপেটাত অসম সংগ্ৰামী মঞ্চৰ জিলা সমিতিৰ কাৰ্যালয় মুকলি কৰি এই কথা প্ৰকাশ কৰে দলটোৰ সভাপতি অদীপ কুমাৰ ফুকনে ৷

নতুন শিক্ষা নীতি সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য

কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱা নতুন শিক্ষা নীতিক লৈ বিস্তৃত পৰ্যালোচনাৰ প্ৰয়োজন আছে । এই মন্তব্য সদৌ অসম ছাত্র সন্থা (আছু)ৰ । সমগ্ৰ দেশতে বলবৎ হ'বলগীয়া এই নতুন শিক্ষা নীতি সন্দৰ্ভত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে,নতুন শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰাৰ সময়তে আছুৱে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল। তাৰ ভিতৰত আছিল মাতৃভাষাৰ বিষয়টোও। মাধ্যমিক পৰ্যায়লৈকে মাতৃভাষা বাধ্যতামূলক হোৱাটো আছুৱে বিচাৰিছিল। কিন্তু নতুন শিক্ষা নীতিত দেখা গৈছে এই ব্যৱস্থা পঞ্চম শ্ৰেণীলৈকেহে কৰা হৈছে ।

অখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত প্ৰতিবাদ

কৃষকনেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী বিলাসীপাৰাৰ বানিয়ামাৰী আঞ্চলিক কৃষক মুক্তি, ধুবুৰী জিলা কৃষক মুক্তিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলৰ ৷ এই উদ্দেশ্যে বৃহস্পতিবাৰে বানিয়ামাৰী আঞ্চলিক কৃষক মুক্তি আৰু ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বানিয়ামাৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাৰ সদস্য সকলে ৷

মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব, অসমৰ এগৰাকী ৰাইফলমেনসহ 3 শ্বহীদ

মণিপুৰত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ এম্বুশ্ব ৷ 4ৰ্থ আছাম ৰাইফলছৰ এটা তহলদাৰী দলৰ ওপৰত সংঘটিত হোৱা এই আক্ৰমণত শ্বহীদ হয় অসমৰ এগৰাকী ৰাইফলমেনকে ধৰি মুঠ 3 গৰাকী ৰাইফলমেন ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন 5 গৰাকী ৰাইফলমেন ৷

পিতৃ হোৱাৰ সৌভাগ্য লভিলে হাৰ্ডিক পাণ্ডিয়াই

ভাৰতীয় অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া আৰু নাটাশা ষ্টানকোভিকৰ এটি পুত্ৰ সন্তান জন্ম হোৱা বুলি চ'ছিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিয়ে 26 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে ৷ তেওঁ টুইটাৰৰ জৰিয়তে কয়,"আমি এটি পুত্ৰ সন্তানৰ অভিভাৱক হোৱাৰ সৌভাগ্য লাভ কৰিলো ৷" নৱজাতক শিশুটিৰ হাতখনৰ সৈতে এখন ফ'টো পোষ্ট কৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত সৰুক্ষেত্ৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বৃহস্পতিবাৰে সৰুক্ষেত্ৰীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ সদস্য সকলে অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ বৰপেটা জিলা সমিতিৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

'কা' বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত গোৰেশ্বৰত জাতীয় সংগঠনৰ প্ৰতিবাদ

বৃহস্পতিবাৰে গোৰেশ্বৰত অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু SFI ৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ হাতে হাতে প্লে'কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, ৃCAA বাতিল কৰক আদি শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ঈদৰ বাবে সকলো জিলালৈ গৃহ বিভাগৰ জৰুৰী বাৰ্তা

আগন্তুক ঈদৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ গৃহ বিভাগে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ প্ৰেৰণ কৰিছে নিৰাপত্তাজনিত জৰুৰী বাৰ্তা ৷ ঈদৰ দিনা ঈদগাহ বা মছজিদত চাৰিজনতকৈ অধিক লোক নামাজৰ বাবে সমবেত হ'ব নোৱাৰিব ।

ভুৱা বিল প্ৰস্তুত কৰি চিবিআইৰ জালত 4 নৌ-সেনা বিষয়া

কেপ্টেইন অতুল কুলকাৰ্ণি, কামাণ্ডাৰ মন্দৰ গোডৱলে আৰু আৰপি শৰ্মা আৰু পেটি অফিছাৰ (এলঅজি, এফ এণ্ড এ) কুলদ্বীপ সিং বাঘেলক 6.76 কোটি টকাৰ এক ভুৱা বিল প্ৰস্তুত কৰাৰ বাবে চিবিআইৰ জালত পৰিছে ৷ নৌ-সেনাৰ চাৰিওগৰাকী বিষয়াই লগ লাগি আইটি হাৰ্ডৱেৰৰ বাবে এই ভুৱা বিল প্ৰস্তুত কৰি নৌ-সেনাৰ ৱেষ্টাৰ্ণ নাভেল কামাণ্ডক প্ৰদান কৰিছিল ৷

বকোৰ দেউচৰ নদীৰ পৰা উদ্ধাৰ এ টি এম

বৃহস্পতি বাৰে বকোৰ দেউচৰ নদীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা এটিএম মেচিন । যোৱা ২৭ জুনত বকো থানাৰ অন্তৰ্গত ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ পৰিসৰৰ পৰা ডকাইতৰ বৃহৎ দল এটাই ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএম ডকাইতি কৰি লৈ গৈছিল । ইতিমধ্যে ডকাইতৰ দলটোৱে উক্ত এটিএমটোৰ পৰা ২৫ লাখ ৪১ হাজাৰ টকা লুটিছিল বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.