ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি

7 বজাৰ দহটা শীৰ্ষ বাতৰি

7PM TOP TEN NEWS
7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Jul 20, 2020, 6:54 PM IST

বাক্সা জিলাৰ দুটাকৈ স্থানত উদ্ধাৰ মাৰণাস্ত্ৰ

শিমলা আৰক্ষী থানাৰ লগতে গোৰেশ্বৰ আৰু সুৱাগপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত শিমলা আৰু গোৰেশ্বৰৰ পৰা উদ্ধাৰ হয় কেইবাটাও মাৰণাস্ত্ৰ ৷

ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিব্ৰুগড়ত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত যুৱক সহ 200 মিটাৰ উটি গ'ল AS-07M-7482 ছুইফট ডিজায়াৰ বাহন ।

কেমেৰাৰ সন্মুখতে বাঢ়নী পানীয়ে উটুৱাই নিলে বিদ্যালয়

বানে তাণ্ডৱ সৃষ্টি কৰিছে ধুবুৰীৰ বিলাসীপাৰাত ৷ দ্বিতীয়টো বানে বৃহত্তৰ অঞ্চলটোত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অঞ্চলটোৰ বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ পিছত পুনৰ দেওবাৰে নিশা গৌৰাং নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি প্লাৱিত কৰে এক অঞ্চল ৷

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীৰে সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

অৰুণাচল প্ৰদেশত মুঠ 740 গৰাকী COVID-19 পজিটিভ,ইতিমধ্যে আৰোগ্য লাভ কৰিছে 282গৰাকীয়ে আৰু মহামাৰীৰ ফলত মৃত্যু হৈছে 3 জনৰ। ৰাজধানী চহৰ ইটানগৰত 3 আগষ্টলৈকে অব্যাহত থাকিব লক ডাউন ৷ এইদৰে অৰুণাচলৰ কৰ'ণা বৃত্তান্ত জনালে অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

বিশেষভাৱে সক্ষম শিশুক যৌনতাৰ শিক্ষা প্ৰদান কৰাৰ সহজ উপায়

বিশেষভাৱ সক্ষম শিশুসকলক যৌনতাৰ ব্যাখ্যা দিয়াটো এক প্ৰত্যহ্বানমূলক কাম ৷ কিন্তু সঠিক কৌশল ব্যৱহাৰেৰে এই প্ৰত্যাহ্বানবোৰ কিছু পৰিমাণে উজু কৰিব পৰা যায় ৷ এই বিষয়ে উল্লেখ কৰে মনোবিজ্ঞানী সমৃদ্ধি পাটকাৰে ৷

নিখিল ভাৰত কৃষক সভাৰ অভিনৱ প্ৰতিবাদ

অভিনৱ প্ৰতিবাদ সাব্যস্ত নিখিল ভাৰত কৃষক সভাৰ ৷ ৰূপাকুছিৰ চাউল উখোৱাত দীৰ্ঘদিনৰ পৰা হৈ থকা গৰাখহনীয়া সমস্যাৰ বিৰুদ্ধে স্থানীয় প্ৰশাসন তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পানীত নামি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ একাংশ সদস্যই ৷

যোৰহাটত লক ডাউন অৱজ্ঞা কৰি কিয় ওলাই আহিল একাংশ জনতা ?

যোৰহাটত মৃত্যু হৈছে কেইবাজনো লোকৰ ফলত যোৰহাট জিলা প্ৰশাসনে ঘোষণা কৰিছে অনিৰ্দিষ্টকালীন লক ডাউন । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো বন্ধ যোৰহাট জিলাত ৷ কিন্তু এই বন্ধৰ সময়ত বন্ধ নামানি ওলাই আহিল একাংশ লোক ৷

অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো বানৰ ভয়াৱহ ৰূপ

গোৱালপাৰা জিলাতো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে এতিয়া সমগ্ৰ জিলাখনত চলাই গৈছে ভয়াৱহ তাণ্ডৱ । এফালে লক ডাউন,আনফালে বানৰ তাণ্ডৱ । সৰ্বস্বান্ত হৈ পৰিছে গোৱালপৰীয়া ৰাইজ । আজি আমি আপোনালোকক দেখুৱাম গোৱালপাৰা পুৱ সমষ্টিৰ বান বিধস্ত অঞ্চল সমূহ ।

বিকাশ ডুবেৰ এনকাউন্টাৰ তদন্ত কমিটিত পুনৰ দুজন সদস্য অন্তৰ্ভুক্তৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ

কাণপুৰ গেংগষ্টাৰ বিকাশ ডুবেৰ এনকাউন্টাৰ সন্দৰ্ভত গঠন কৰা তদন্ত কমিটিত পুনৰ দুগৰাকী সদস্য অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ । এজন প্ৰাক্তন ন্য়ায়াধীশ আৰু এজন অৱসৰপ্ৰাপ্ত আৰক্ষীক অন্তৰ্ভুক্ত কৰিব এই তদন্ত কমিটিত ।

অখিল গগৈৰ মুক্তিৰ দাবীৰে বিধানসভাত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

গনেশগুৰিৰ গণেশ উদ্যানত কংগ্ৰেছক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অনুমতি নিদিলে প্ৰশাসনে ৷ অখিল গগৈৰ মুক্তি,বান সাহাৰ্য,মূল্যবৃদ্ধি ৰোধ আৰু ক’ৰণাৰ নামত ৰাজনীতি বন্ধ কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কংগ্ৰেছৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.