ETV Bharat / state

Suicide case in Assam: ৮ মাহত ৰাজ্যত ৭২১ গৰাকী লোকে বাচি ল'লে আত্মহত্যাৰ পথ

author img

By

Published : Dec 25, 2022, 4:58 PM IST

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা (Psychiatric patients increase in Assam)। চলিত বছৰৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত মানসিক সমস্যাক লৈ চিকিৎসকৰ কাষ চাপিছে ৩০,৭৩৩ গৰাকী লোকে । বিগত ৮ টা মাহত কামৰূপ জিলাৰ সৰ্বাধিক ৬৮ গৰাকী লোকে আত্মহত্যা কৰিছে । জীৱিকাৰ অভাৱ, সংস্থাপনহীনতা, দাৰিদ্ৰতা, ড্ৰাগছ আসক্তি, বৈবাহিক সমস্যা, প্রেমজনিত সমস্যা, শাৰীৰিক সমস্যা, পৰীক্ষাৰ বিফলতা আদি বিভিন্ন কাৰকৰ বাবে আত্মহননৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে অনেকে ।

Suicide case in Assam
৮ মাহত ৰাজ্যত ৭২১ গৰাকী লোকে বাচি ল'লে আত্মহত্যাৰ পথ

গুৱাহাটী,২৫ ডিচেম্বৰ : ৰাজ্যখনত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনাৰ লগতে মানসিক ৰোগীৰ সংখ্যা । চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ আঠ মাহত ৩১ খন জিলাত ৭২১ গৰাকী লোকে আত্মহত্যাৰ পথ বাচি লৈছে । এই তথ্য খোদ ৰাজ্য চৰকাৰৰ ।

তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত বহিঃবিভাগলৈ অহা মানসিক ৰোগীৰ সংখ্যা আছিল ১৭,৮৩২ গৰাকী (Psychiatric patients increase in Assam)। ইয়াৰে ১২,৪৯২ গৰাকীয়ে পুনৰ চিকিৎসালয়লৈ অহাৰ বিপৰীতে ৩৪১ গৰাকীক ৰেফাৰ কৰা হয় । তদুপৰি আন ৩,৮০৭ গৰাকীক আন্তঃবিভাগত চিকিৎসাধীন কৰা হৈছিল ।

ইয়াৰ পৰৱৰ্তী ২০২১-২২ বিত্তীয় বৰ্ষত বহিঃবিভাগলৈ অহা ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে ২৯,৫৫৭ জনলৈ বৃদ্ধি পায় । অৱশ্যে ১৮,৪৪২ গৰাকীয়ে পুনৰ চিকিৎসালয়লৈ আহিবলগীয়া হৈছিল । ইয়াৰে ৪৭৭ গৰাকীক ৰেফাৰ কৰাৰ বিপৰীতে ৩,৮৭৩ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় ।

Suicide case in Assam
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা

চলিত ২০২২-২৩ বিত্তীয় বৰ্ষৰ এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত বহিঃবিভাগলৈ অহা মানসিক ৰোগীৰ সংখ্যা হৈছে ৩০,৭৩৩ গৰাকী । এই ৰোগীসকলৰ ১৪,৩০৭ গৰাকীয়ে নিজৰ ৰোগৰ সমস্যাৰ বাবে পুনৰ চিকিৎসালয়লৈ আহে । সেইদৰে ২৯৩ গৰাকীক ৰেফাৰ কৰিবলগীয়া হয় আৰু ৩,০২৯ গৰাকীক ভর্তি কৰোৱা হয় । এনেদৰে চিকিৎসালয়লৈ অহাৰ উপৰিও ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনৰ ৰাজ্যিক হেল্পলাইন নম্বৰ ১০৪ যোগেও বহু ব্যক্তিয়ে মানসিক স্বাস্থ্য আৰু আত্মহত্যাৰ চিন্তা বা প্ৰৱণতাকে ধৰি মানসিক ৰোগ সম্পৰ্কে পৰামৰ্শ গ্ৰহণ কৰিছে ।

তথ্য অনুসৰি ২০২০ চনৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহলৈ ১০৪ লৈ ফোন আহিছিল ১১,১৩৯ টা । ইয়াৰ পাছত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত অহা ফোন কলৰ সংখ্যা হ'ল ৩,৫৫০ টা । লক্ষণীয়ভাৱে পুৰুষ আৰু ২০ ৰ পৰা ৩০ বছৰ বয়সৰ লোকসকলে অধিক মানসিক ৰোগৰ চিকাৰ হোৱাটো ১০৪ লৈ অহা ফোনকলৰ তথ্যই প্রতীয়মান কৰে । ২০২০ বৰ্ষৰ জানুৱাৰীৰ পৰা ২০২২ বৰ্ষৰ মাৰ্চ মাহলৈ অহা ১১,১৩৯ টা ফোন কলৰ ভিতৰত ৯,৮১৯ টাই আছিল পুৰুষৰ । সেইদৰে বয়সৰ ভিত্তিত চাবলৈ গ'লে ১০-১৯ বছৰ বয়সৰ ২,২৭৭ টা, ২০-৩০ বছৰ বয়সৰ ৬,৮৪১ টা, ৩১-৪০ বছৰ বয়সৰ লোকে ১,৩৫১ টা আৰু ৪০ৰ ঊৰ্ধ্বৰ বয়সৰ লোকে ৬৭০ টা কল কৰিছিল ১০৪ লৈ ।

চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ এই সম্পৰ্কীয় তথ্য পর্যালোচনা কৰিলে দেখা যায় যে মুঠ ৩,৫৫০ টা ফোন কলৰ ভিতৰত ২,৬৯৬ টাই আহিছিল পুৰুষৰ পৰা । আনহাতে ১০-১৯ বছৰ বয়সৰ ১৩২ টা, ২০-৩০ বছৰ বয়সৰ লোকে ১,৯৭৭ টা, ৩১-৪০ বছৰ বয়সৰ লোকে ৪০২ টা আৰু ৪০ বছৰ ঊৰ্ধ্বৰ লোকে ২৩৯ টা ফোন কল ১০৪ লৈ কৰিছিল । ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মানসিক অশান্তিত ভোগা লোকৰ সংখ্যা ।

ইফালে চলিত বছৰৰ ৮ টা মাহৰ ভিতৰতে ৭২১ গৰাকী লোকে আত্মহত্যা কৰিছে (721 suicides in 31 districts in eight months)। ইয়াৰ বিপৰীতে ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈ আত্মহননৰ পথ বাচি লৈছিল ৯২৭ গৰাকী লোকে । বিগত ৮ টা মাহত কামৰূপ জিলাৰ সৰ্বাধিক ৬৮ গৰাকী লোকে আত্মহত্যা কৰিছে । এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে বৰপেটা । জিলাখনত ৬৫ গৰাকী লোকে জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ বিপৰীতে ওদালগুৰি জিলাৰ ৪৯ গৰাকীয়ে আত্মহত্যা কৰে ।

তদুপৰি বাক্সাত ৩৭ গৰাকীয়ে, বিশ্বনাথত ৩১ গৰাকীয়ে, বঙাইগাঁৱত ২৭ গৰাকীয়ে, কাছাৰত ৪ গৰাকীয়ে, চিৰাঙত ২২ গৰাকীয়ে, দৰঙত ৩৪ গৰাকীয়ে, ধেমাজি-ধুবুৰীত ২১ গৰাকীকৈ, ডিব্ৰুগড়ত ৪০ গৰাকীয়ে, ডিমা হাছাওত ৪ গৰাকীয়ে, গোৱালপাৰাত ৩০ গৰাকীয়ে, গোলাঘাটত ৪৩ গৰাকীয়ে, হাইলাকান্দিত ৪ গৰাকীয়ে, হোজাইত ১ গৰাকী, যোৰহাটত ৬ গৰাকী, কামৰূপ মহানগৰত ৯ গৰাকী, কাৰ্বি আংলঙত ৪ গৰাকীয়ে, কৰিমগঞ্জত ১৪ গৰাকী, কোকৰাঝাৰত ৩২ গৰাকী, লখিমপুৰত ১৪ গৰাকী, মাজুলীত ২ গৰাকী, মৰিগাঁৱত ২১ গৰাকী, নগাঁৱত ১৯ গৰাকী, নলবাৰীত ৩১ গৰাকী, শিৱসাগৰ-শোণিতপুৰত ২২ গৰাকীকৈ, দক্ষিণ শালমাৰা মানকাচৰত ৫ গৰাকী আৰু তিনিচুকীয়া জিলাত ১৯ গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয় ।

আনহাতে এই সময়ছোৱাত পশ্চিম কাৰ্বি আংলং, তামুলপুৰ, চৰাইদেউ আৰু বজালী জিলাত আত্মহননৰ এটাও ঘটনা চৰকাৰী নথিভুক্ত হোৱা নাই । মানসিক ৰোগ তথা আত্মহত্যাৰ প্ৰৱণতা ৰোধ কৰিবলৈ অসমত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত জিলা চিকিৎসালয়ত থকা ৩৩ টা জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী ইউনিট সম্পূর্ণ বা আংশিকভাৱে কার্যক্ষম হৈ আছে । এই ইউনিট মানসিক স্বাস্থ্যৰ প্ৰসাৰ, মানসিক ৰোগ নিৰ্ণয়-চিকিৎসা আৰু ৰি-হেবিলিটিব কার্যকলাপৰ সৈতে জড়িত ।

জিলা মানসিক স্বাস্থ্য কার্যসূচীয়ে গ্ৰহণ কৰা সকলো কার্যকলাপতে আত্মহত্যা আৰু ইয়াৰ প্ৰতিৰোধৰ লগতে মানসিক স্বাস্থ্য আৰু সজাগতা সৃষ্টি কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে । জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ জৰিয়তে ২০২১-২২ বিত্তীয় বৰ্ষত মুঠ ৪২,৫২৩ গৰাকীৰ ৰোগ নিৰ্ধাৰণ কৰা হয় । ইয়াৰে ২৫,১০৮ গৰাকীৰ সাধাৰণ মানসিক বিচ্যুতি আৰু বাকী ৭,৪১৫ গৰাকীৰ গুৰুতৰ মানসিক বিচ্যুতি পোৱা গৈছিল । কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত মানসিক স্বাস্থ্য সেৱাৰ বাবে ঘোষণা কৰা 'টেলি মানস' কাৰ্যসূচী অসমত ৰূপায়ণৰ বাবে এটা ৰাজ্যিক বিভাগ গঠন কৰা হৈছে । বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ দিনা ১০ অক্টোবৰত এই কাৰ্যসূচী প্ৰথম আৰম্ভ কৰা হৈছিল (World Mental Health Day)।

২০২২ চনৰ ১৫ নৱেম্বৰলৈকে মুঠ ৭৩৪ টা ফোন কলৰ যোগেদি পৰামৰ্শ আগবঢ়োৱা হৈছে । তদুপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে অসমত আত্মহত্যাৰ প্ৰৱণতা হ্রাস কৰাৰ লক্ষ্যৰে 'ছুইচাইড প্রিভেনচন ইনিচিয়েটিভ' নামৰ প্ৰকল্প এটা আৰম্ভ কৰিছে (Suicide Prevention Initiative Scheme in Assam)। কিন্তু চৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী আৰু পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো ৰাজ্যখনত অতি উদ্বেগজনকভাৱে আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ।

উল্লেখ্য যে মানসিক ৰোগ বিশেষজ্ঞৰ মতে ক'ভিড পৰিস্থিতিৰ পিছৰে পৰা যথেষ্ট হাৰত মানসিক ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । লক্ষণীয় বিষয় যে ক'ভিডৰ সময়ত ৰাজ্যখনত ২৭ লাখ লোকে জীৱিকা অৰ্জনৰ পথ হেৰুৱাইছিল । ক'ভিড পৰিস্থিতিত ৰাজ্যত জীৱিকা হেৰুওৱাসকলৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্রতিশ্রুতি পূৰণ কৰা নহ'ল (Suicide case in Assam after covid situation)।

বহিঃৰাজ্যত কর্মহীন হৈ অসমলৈ ঘূৰি অহা প্রায় ৩ লাখ শ্রমিকৰ পৰোক্ষ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিও বাস্তৱত ৰাজ্য চৰকাৰে একো নকৰিলে ৷ আনকি এই সন্দৰ্ভত প্রাক্তন প্রশাসনীয় বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন হোৱা কমিটীয়ে দিয়া পৰামৰ্শও চৰকাৰে কাৰ্যকৰী কৰা নাই । লকডাউনৰ ফলত অসমৰ অৰ্থনীতিৰ ওপৰত পৰা প্ৰভাৱ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগে অসমৰ প্ৰায় ১১০ লাখ লোকৰ ভিতৰত ৬৭ লাখ লোকৰ নিয়োগ আৰু জীৱিকাৰ ওপৰত কম-বেছি প্ৰভাৱ পৰিছে বুলি উদ্বিগ্নতা প্ৰকাশ কৰিছিল । এই প্ৰভাৱ আজিও যে নিৰাসন নহ'ল, সেই কথা শেহতীয়া মানসিক ৰোগত আক্রান্ত লোকৰ সংখ্যাধিক্যই প্রমাণ কৰিছে ।

পৰিণতিত ৰাজ্যখনত অধিক হাৰত আত্মহননৰ ঘটনা ঘটিছে (Total number of suicide case in Assam this year)। জীৱিকাৰ অভাৱ, সংস্থাপনহীনতা, দৰিদ্ৰতা, ড্ৰাগছ আসক্তি, বৈবাহিক সমস্যা, প্রেমজনিত সমস্যা, শাৰীৰিক সমস্যা, পৰীক্ষাৰ বিফলতা আদি জীৱনৰ বিভিন্ন কাৰকৰ বাবে আত্মহননৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে অনেকে । তাৎপর্যপূর্ণভাৱে গুৱাহাটী মহানগৰতো আত্মহত্যা এক মহাব্যাধিৰূপে চিহ্নিত হৈছে ।

বিগত বৰ্ষটোত মহানগৰীত ৪১৪ টা আত্মহত্যাৰ ঘটনা ঘটিছে । ২০২১ চনত ৰাজ্যখনত ঘটা ৩,২৬২ টা আত্মহত্যাৰ ঘটনাৰ ভিতৰত ৬৫৯ টা আত্মহত্যাৰ ঘটনা সংঘটিত কৰিছে দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ব্যক্তিয়ে । এই ঘটনাত জড়িত থকাসকলৰ ভিতৰত সর্বাধিক আছিল লকডাউনৰ সময়ত বহিঃৰাজ্য অথবা চহৰৰ পৰা ঘৰলৈ উভতি যোৱা লোক । তদুপৰি ২০২১ চনত আর্থিক অনাটনৰ প্ৰভাৱত আত্মহত্যা কৰা খেতিয়কৰ সংখ্যাও বৃদ্ধি পাইছে । বিশেষজ্ঞ চিকিৎসকৰ মতে এই আত্মহনন কাৰ্যৰ আঁৰত প্ৰধানতঃ মানসিক ৰোগ । মানসিক অস্থিৰতাইহে আনিব পাৰে জীৱনৰ এনে চৰম সিদ্ধান্তক ।

লগতে পঢ়ক :Assam youth died: বেংগালুৰুত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.