ETV Bharat / state

তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

author img

By

Published : Nov 12, 2021, 2:24 PM IST

ৰাজ্যত 10 আগষ্টৰ পৰা 10 নৱেম্বৰলৈ ক’ভিড(Covid)ত আক্ৰান্ত হৈ 631 গৰাকী লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা এইসকল লোকৰ ভিতৰত 451 গৰাকীয়েই গ্ৰহণ কৰা নাছিল ক’ভিড ভেকচিন(Covid Vaccine) । আনহাতে 180 গৰাকীয়ে ক’ভিড ভেকচিন লোৱাৰ পাচতো ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিবলগীয়া হৈছে । জি এম চি এইচ(GMCH)ত বিগত তিনি মাহত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে 322 গৰাকী লোকৰ । ইয়াৰে 227 গৰাকী লোকেই ভেকচিন লোৱা নাছিল ।

last-three-months-72-percent-people-of-those-who-died-in-covid-were-not-vaccinated
তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

গুৱাহাটী, 12 নৱেম্বৰ : ক’ভিড(Covid) পৰিস্থিতিক লৈ এতিয়াও দূৰ হোৱা নাই উদ্বিগ্নতা । ক’ভিডৰ তৃতীয় ঢৌক লৈ শংকা অব্যাহত থকাৰ সময়তে আন এক খবৰে স্বাস্থ্য বিভাগ(Health Department)ৰ লগতে সাধাৰণ ৰাইজকো উদ্বিগ্ন কৰি তুলিছে । শেহতীয়া তথ্য অনুসৰি, বিগত তিনি মাহত ক’ভিডত মৃত্যু হোৱা 72 শতাংশ লোকেই গ্ৰহণ কৰা নাছিল ক’ভিড ভেকচিন(Covid Vaccine) ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta)ই প্ৰকাশ কৰা তথ্য মতে, চলিত বৰ্ষৰ 10 আগষ্টৰ পৰা 10 নৱেম্বৰলৈ ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে 631 গৰাকী লোকৰ । মৃত্যু হোৱা এইসকল লোকৰ 45 গৰাকীয়েই লোৱা নাছিল ভেকচিন ৷ অৱশ্যে এইসকলৰ ভিতৰত 180 গৰাকীয়ে ক’ভিড ভেকচিন লৈছিল, যদিও তেওঁলোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হয় ৷

Vaccine
ভেকচিন

ৰাজ্যত ক’ভিড ভেকচিন প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে মেগা টীকাকৰণ(Mega Vaccination) আৰম্ভ কৰাৰ সময়তে এই উদ্বেগজনক খবৰে স্বাভাৱিকতে শংকিত কৰি তুলিছে ৰাজ্যবাসীক । আনহাতে, ক’ভিড ভেকচিন নোলোৱা লোকসকলো চিন্তিত হৈ পৰিছে ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত তিনি মাহত মৃত্যু হোৱা 631 গৰাকী লোকৰ ভিতৰত 180 গৰাকীয়ে ভেকচিন লোৱা আছিল যদিও সেইসকলৰ ভিতৰত 89 গৰাকীয়ে প্ৰথম পালি আৰু 91 গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছিল ।

মৃত্যু হোৱাসকলৰ 90 শতাংশই আছিল বয়সস্থ আৰু বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ থকা লোক । এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে কয় যে, ক’ভিড ভেকচিন হ’ল সুৰক্ষা কৱচ । সেয়েহে এই সুৰক্ষা কৱচ সকলোৱে গ্ৰহণ কৰা উচিত ৷ ভেকচিন গ্ৰহণ কৰিলে ক’ভিডত জটিলভাৱে আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পাব পাৰি ।

Vaccine
ভেকচিন

সেয়েহে ক’ভিড ভেকচিন সকলোৱে লোৱাৰ ওপৰত সৰ্বাধিকভাৱে গুৰুত্ব আৰোপ কৰিছে স্বাস্থ্য বিভাগে ৷ লক্ষণীয় বিষয় যে, স্বাস্থ্য বিভাগে ক’ভিড ভেকচিনক সুৰক্ষা কৱচ বুলি দাবী কৰি অহাৰ বিপৰীতে কিন্তু বিগত তিনি মাহত মৃত্যু হোৱা 180 গৰাকী লোকৰ 91 গৰাকীয়েই আছিল ভেকচিনৰ দুটা ড’জ লোৱা লোক । অৱশ্যে তথ্য মতে এইসকল লোক বয়স্ক আৰু জটিল ৰোগত আক্ৰান্ত হৈ আছিল ।

ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিগত তিনি মাহত ক’ভিডত আক্ৰান্ত হৈ 322 গৰাকী লোকৰ মৃত্যু হৈছে । ইয়াৰে ভিতৰত 227 গৰাকী লোকেই লোৱা নাছিল ভেকচিন । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা এই তথ্যই স্পষ্ট কৰিছে যে, ভেকচিন নোলোৱাকৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক ।

জি এম চি এইচ(GMCH)ৰ অধীক্ষক অভিজিৎ শর্মাই জানিবলৈ দিয়া মতে, ভেকচিন নোলোৱাকৈ জি এম চি এইচত মৃত্যু হোৱা লোকৰ হাৰ হৈছে 71.04 শতাংশ । ইফালে ক’ভিডৰ আতংকৰ মাজতে শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত জিকা ভাইৰাছ(Zika Virus)ৰ সন্ত্ৰাসে ৰাজ্যবাসীকো সন্ত্ৰস্ত কৰি তুলিছে ।

Vaccine
ভেকচিন

বিষয়টোৱে শংকিত কৰি তোলাৰ সময়তে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীক আশ্বস্ত কৰি জানিবলৈ দিয়ে যে, জিকা ভাইৰাছৰ সংক্ৰমণক লৈ স্বাস্থ্য বিভাগ সম্পূর্ণৰূপে সাজু । তেওঁ জনায় যে, জিকা ভাইৰাছৰ সংক্ৰমণ কেৰালাত কিছু ভয়াৱহ হোৱাৰ পাচত কর্ণাটক আৰু উত্তৰ প্ৰদেশতো এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে । সেয়েহে সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

দেশত জিকা ভাইৰাছৰ সংক্ৰমণক লৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ো(Ministry of Health Department) যথেষ্ট উদ্বিগ্ন । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনচুখ মাণ্ডাভিয়া(Union Health Minister Mansukh Mandaviya)ই বৃহস্পতিবাৰে প্ৰতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এক আলোচনাত মিলিত হয় ৷ আলোচনাত ক’ভিড টীকাকৰণ আৰু জিকা ভাইৰাছৰ সংক্ৰমণ সন্দর্ভত ৰাজ্যসমূহৰ প্ৰস্তুতিৰ বুজ লয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

বৰ্তমানেও ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ । বিগত 24 ঘণ্টাত ৰাজ্যখনত নতুনকৈ 251 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় আৰু মৃত্যু হয় 7 গৰাকীৰ । বিগত 24 ঘণ্টাত ৰাজ্যৰ 39,898 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰাৰ অন্তত 251 গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে । আক্ৰান্তৰ হাৰ হৈছে 0.63 শতাংশ । আক্ৰান্তসকলৰ ভিতৰত 130 গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ । বিশেষকৈ গুৱাহাটী মহানগৰীত বৰ্তমানেও অনিয়ন্ত্ৰিত হৈ আছে ক’ভিডৰ সংক্ৰমণ ৷

লগতে পঢ়ক : অইলৰ ৰাসায়নিক দ্ৰব্যই বিনষ্ট কৰিছে খেতিপথাৰ; ক্ষুব্ধ জাগুনবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.