গুৱাহাটী, 16 নৱেম্বৰঃ ষট পূজা উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই হাতত লৈছে এক বিশেষ পদক্ষেপ। যাত্ৰীৰ সুবিধাৰ্থে বিশেষ দুৰণীবটীয়া ৰে'ল চলাচল কৰাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই। অসমৰ পৰা পুনৰ ৭খনকৈ নতুন পূজা বিশেষ ৰে'ল চলিব । গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড় আদি স্থানৰ পৰা এই বিশেষ ৰে'ল চলোৱাৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।
ষট পূজা উপলক্ষে অসমৰ পৰা চলিব ৭খনকৈ বিশেষ ৰে'ল
ষট পূজা উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে হাতত লৈছে এক বিশেষ পদক্ষেপ। যাত্ৰীৰ সুবিধাৰ্থে অসমৰ পৰা পুণৰ ৭খনকৈ নতুন পূজা বিশেষ ৰে'ল চলিব।
![ষট পূজা উপলক্ষে অসমৰ পৰা চলিব ৭খনকৈ বিশেষ ৰে'ল as_01_puja_special_train_as10002](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9563351-thumbnail-3x2-guwahati.jpg?imwidth=3840)
যাত্ৰীসকলে ক'ভিড প্ৰটকল মানি যাত্ৰা কৰিব পাৰিব এই ৰে'লসমূহত। ইফালে বৰ্তমানলৈ স্থানীয় কোনো যাত্ৰীবাহী ৰে'ল চলোৱাৰ সিন্ধান্ত লোৱা নাই উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কতৃপক্ষই। ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষেহে স্থানীয় ৰে'ল চলোৱাৰ ব্যৱস্থা কৰিব ৰে'ল বিভাগে।
লগতে পঢ়ক-কালীপূজা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি