ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 12, 2020, 7:07 PM IST

এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটোৰ কথাৰে...

আজি বিশ্ব হস্তী দিৱস ৷ হস্তী দিৱসৰ দিনটোত ক'ত আছে এছিয়াৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটো ? কেনে আছে অসমৰ অন্যতম গৌৰৱ স্বৰূপ হাতীটো ?

বজাৰত পাবলৈ নাই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আয়ুৰ্বেদিক ঔষধ

কৰ'ণাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ বজাৰত এতিয়া চাহিদা বৃদ্ধি হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা ঔষধৰ। কি ফাৰ্মাচী, কি আয়ুৰ্বেদিক ঔষধৰ প্ৰতিষ্ঠান, সকলোতে এতিয়া গ্ৰাহকৰ ভিৰ। এই সময়ছোৱাত ডাবৰ, পতঞ্জলি আদি কোম্পানীয়ে প্ৰস্তুত কৰা বিশেষকৈ গিলয় টেবলেটৰ বিক্ৰী বৃদ্ধি পাইছে ।

স্বাধীনতা দিৱস বৰ্জৰ আহ্বান আলফা(স্বা)-এন এছ চি এনৰ

ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান জনাইছে নগা বিদ্ৰোহী সংগঠন আৰু স্বাধীন অসমৰ দাবীৰে হাতত তুলি লোৱা সংযুক্ত মুক্তি বাহিনী অসমে ৷

বছৰ বছৰ ধৰি অৱহেলিত এটা পথে জ্বলাকলা খুৱাইছে অঞ্চলবাসীক

নলবাৰী জিলাৰ এটা জৰাজীৰ্ণ পথৰে যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে ৷ নিৰ্বাচনৰ আগত পথ মেৰামতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷

দেৱলাল গাৰ্লচাক জাতীয় পতাকা উত্তোলনৰ বিৰোধিতা অগপ নেতা দেৱজিত থাওচেনৰ

74 সংখ্যক স্বাধীনতা দিৱসত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য় দেৱলাল গাৰ্লচাক জাতীয় পতাকা উত্তোলন কৰিব দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন চিইএম তথা অগপ নেতা দেৱজিত থাওচেনে ৷ বুধবাৰে নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি অগপ নেতা গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰিছে ৷

শিলাদিত্যৰ বিতৰ্কিত মন্তব্যঃ ধুবুৰীত অসম সাহিত্য সভাৰ সংবাদমেল

ধুবুৰীত অসম সাহিত্য সভাৰ সংবাদমেল । পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাপ্ৰাপ্ত প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিককলৈ বিধায়ক শিলাদিত্যই কৰা কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এই সংবাদমেল । তীব্ৰ গৰিহণা অসম সাহিত্য সভাৰ ।

দুদিনকৈ সৎকাৰ কৰা হ'ল এগৰাকী লোকৰ মৃতদেহ

কৰিমগঞ্জত সংঘটিত নাভুত-নাশ্ৰুত ঘটনা ৷ দুদিনকৈ সৎকাৰ কৰা হ'ল একেগৰাকী লোকৰে মৃতদেহ ৷ যাক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ৷

CAA আৰু EIA-2020 বাতিলৰ দাবীত নলবাৰীত আছুৰ প্ৰতিবাদ

CAA বাতিলৰ দাবীত নলবাৰীত জিলা ছাত্র সন্থাৰ মানৱ শৃংখল। নলবাৰী চহৰৰ পি এন চি পথত CAA বাতিল কৰক ,EIA - বাতিল কৰক আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তুলিলে প্ৰতিবাদকাৰাসকলে ৷

টিংখাঙৰ ৰাজগড়ত CAA বিৰোধী ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ

টিংখাঙৰ ৰাজগড়ত CAA বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, শশী শেনচোৱা, হেমন্ত কোঁৱৰ, বলিন্দ শইকীয়াৰ সহ সকলো কাৰাবন্দীক মুক্তিৰ দাবীত বুধবাৰে মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

সততাৰে কৰ পৰিশোধ কৰা সকলৰ সন্মানাৰ্থে মঞ্চ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

উল্লেখ্য যে. কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে বিগত বৰ্ষসমূহত প্ৰত্যক্ষ কৰত কেবাটাও মুখ্য বিষয়ত সংস্কাৰ কৰিছে ৷ যোৱা বৰ্ষত কপৰ্ৰেট টেক্সৰ দৰক 30 শতাংশৰ পৰা হ্ৰাস কৰি 22 শতাংশ কৰি দিয়া হৈছিল আৰু নতুন বিনিয়োগকাৰী সকলৰ বাবে এই দৰ আৰু অধিক হ্ৰাস কৰি 15 শতাংশ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.