ETV Bharat / state

খিলঞ্জীয়াৰ সংজ্ঞা কিদৰে দিছে ন্যায়াধীশ শৰ্মা কমিটিয়ে!

author img

By

Published : Feb 17, 2020, 6:53 PM IST

অসমীয়া জাতিয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন কমিটিখনে কেন্দ্ৰক দাখিল কৰিব লগীয়া প্ৰতিবেদনখন ৰাজহুৱা হোৱালৈ । প্ৰতিবেদন ৰাজহুৱা নোহোৱা পৰ্যন্ত এই বিষয়ে মুখ খুলিব খোজা নাই আয়োগৰ কোনো সদস্যই ।

খিলঞ্জীয়াৰ সংজ্ঞা
খিলঞ্জীয়াৰ সংজ্ঞা কিদৰে দিছে ন্যায়াধীশ শৰ্মা কমিটিয়ে!

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰীঃ অসমীয়া জাতিয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন কমিটিখনে কেন্দ্ৰক দাখিল কৰিবলগীয়া প্ৰতিবেদনখন ৰাজহুৱা হোৱালৈ । কিয়নো, অসমত খিলঞ্জীয়া কোন বা খিলঞ্জীয়াৰ সংজ্ঞা কি সেই বিষয়ে প্ৰতিবেদনত পৰামৰ্শ আগবঢ়োৱা হৈছে । কিন্তু কি পৰামৰ্শ আগবঢ়াইছে ন্যায়াধীশ শৰ্মাৰ কমিটিখনে সেয়া অৱগত নহয় কোনো ৷

তথ্য অনুসৰি, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ সদ্য প্ৰয়াত প্ৰণৱ গগৈয়ে তেওঁৰ কাৰ্যকালত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত বহি যি প্ৰতিবেদন দাখিল কৰি থৈ গৈছিল তাৰেই আধাৰত ন্যায়াধীশ শৰ্মা কমিটিয়েও খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ চেষ্টা চলাইছে । অৱশ্যে প্ৰতিবেদন ৰাজহুৱা নোহোৱা পৰ্যন্ত এই বিষয়ে মুখ খুলিব খোজা নাই আয়োগৰ কোনো সদস্যই । ১৯৫১ চনৰ নাগৰিকপঞ্জীক আধাৰ হিচাপে লৈ সেই সময়ৰ ভাৰত চৰকাৰৰ লোকপিয়লৰ সঞ্চালক বি আৰ ৱাঘাইৱালাই অসমীয়াৰ সংজ্ঞা নিৰূপনৰ যি ফৰ্মূলা দিছিল তাকেই প্ৰতিবেদনখনত সামৰা হৈছে । ৱাঘাইৱালাই প্ৰতিবেদনত উল্লেখ কৰিছিল যে, যিসকল লোকে অসমত অসমীয়া ভাষা বা বিভিন্ন জনজাতীয় দোৱানত কথা কয় আৰু কাছাৰত যিসকল লোকে সেই অঞ্চলৰ স্থানীয় ভাষাত কথা কয় তেওলোকেই অসমীয়া । প্ৰণৱ গগৈয়ে ৱাঘাইৱালাৰ এই ফৰ্মূলাকেই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ উত্তম উপায় বুলি কৈ থৈ যোৱাৰ পিছত এতিয়া ন্যায়াধীশ শৰ্মা কমিটিয়েও একেদৰেই চিন্তা কৰিছে ।

আৰু পঢ়কঃ ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত কাৰাবন্দীৰ হাতৰ চমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.