ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্য বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্য বাতৰি...

5 বজাৰ দহটা শীৰ্য বাতৰি
5 বজাৰ দহটা শীৰ্য বাতৰি
author img

By

Published : Aug 10, 2020, 5:03 PM IST

দেশী-বিদেশী মঞ্চত চৰ্চা লাভ কৰিছে গুণ মৰাণৰ কবিতাই

কবিতাৰে বিশ্ব জয় কৰা এগৰাকী কবি হৈছে গুণ মৰাণ ৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা কবিগৰাকীৰ বহু কবিতা প্ৰকাশ পাইছে বিদেশী ভাষাতো ৷ গুজৰাট, কলকাতা, চেন্নাই, উত্তৰ প্ৰদেশৰ লগতে ৰাজ্যৰ বহুকেইখন জনপ্ৰিয় আলোচনীতো প্ৰকাশ পাইছে গুণ মৰাণৰ দ্বাৰা ৰচিত কবিতাসমূহ ৷

EIA 2020 ৰ উদ্দেশ্য দেশত লুণ্ঠন চলোৱাঃ ৰাহুল গান্ধী

দেওবাৰেও ৰাহুল গান্ধীয়ে ৰাইজক এই EIA-2020 ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়, কিয়নো এই খচৰা 'ভয়ংকৰ' আৰু যদিহে অধিসূচনালৈ ৰূপান্তৰ হয় তেন্তে অদূৰ ভৱিষ্যতে ইয়াৰ পৰিণাম ভয়ংকৰ হ‘ব ৷

তিনিচুকীয়াত কৰ’ণা ভাইৰাছত আক্ৰান্তক মাৰপিটৰ অভিযোগ

হায়দৰাবাদৰ পৰা অসমলৈ অহা এগৰাকী যুৱকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ভৰ্তি হৈছিল তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই মাত্ৰ এদিন ৰখাৰ পিছতে যুৱকগৰাকীক ঘৰলৈ যোৱাৰ নিৰ্দেশ দিয়াত যুৱকগৰাকীয়ে উভটি প্ৰশ্ন কৰে চিকিৎসালয় কৰ্তৃপক্ষক ৷ ৰিতুপৰ্ণ খাটোৱাল নামৰ যুৱকগৰাকীৰ প্ৰশ্নত ক্ষুণ্ণ চিকিৎসালয় কৰ্তৃপক্ষই মাৰপিট কৰে যুৱকগৰাকীক ৷

তিনিচুকীয়াৰ সাংবাদিক হত্যাকাৰী কোন এই মহিলা ?

7 আগষ্টৰ পুৱা সাংবাদিক বিজন দ্বীপ তাঁতিৰ কাৰ্যালয়ৰ পৰা উলাই গৈছিল এগৰাকী যুৱতী ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ অন্তত তিনিচুকীয়াৰ ফিল’বাৰীৰৰ পৰা আটক কৰে হত্যাকাৰী আছলতি বাগ নামৰ যুৱতীগৰাকীক ৷

লক্ ডাউনতে বিভিন্ন লোকবাদ্য নিৰ্মাণ কৰিলে এগৰাকী চৰকাৰী চাকৰিয়ালে

লক্ ডাউনৰ সময়খিনিৰ সদব্যৱহাৰ কৰি টংলাৰ এগৰাকী ব্যক্তিয়ে সাজি উলিয়াইছে অসমীয়া গীতত ব্যৱহৃত বিভিন্ন লোক বাদ্য ৷

নাৰাযণপুৰত কিষাণ মৰ্চাৰ নৱনিযুক্ত সভাপতি প্ৰফুল্ল বৰাক উষ্ম আদৰণি

ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ নৱনিযুক্ত সভাপতি প্ৰফুল্ল বৰাক দেওবাৰে উষ্ম আদৰণি জনালে নাৰায়ণপুৰত ৷ অনাগত দিনত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো আঁচনিয়েই কৃষিখণ্ডলৈ আনি কৃষি ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰাৰ লক্ষ্য নৱ নিযুক্ত সভাপতি গৰাকীৰ ৷

পাহাৰৰ শিখৰ বগাই বিশ্বৰেকৰ্ড গঢ়াৰ সপোন চেৰুকুন্নিল মনেশৰ

40 বছৰীয়া পৰ্বতাৰোহীগৰাকীয়ে বিগত 16 বছৰত 13 টা পাহাৰৰ শিখৰলৈ বগাইছে আৰু আগন্তুক সময়ত আৰু অধিক পাহাৰৰ শিখৰ বগোৱাৰ সপোন পুহি ৰাখিছে ৷

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত সোমবাৰৰ দিনটোলৈকে মুঠ 22 লাখ লোক কোভিড-19 ত আক্ৰান্ত হৈছে ৷ এই সংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় 69.33 শতাংশ ৷ আইচিএমআৰ ৰ তথ্য অনুসৰি, 9 আগষ্টত 4,77,023 গৰাকী লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

আৰ্তজনৰ কাষত টীয়কৰ যুৱক, নিৰ্মাণ কৰি দিলে বাসগৃহ

টীয়কৰ একাংশ যুৱকৰ মানৱ দৰদী পদক্ষেপ ৷ যুৱক কেইজনে সমবেত হৈ এটা দৰিদ্ৰ পৰিয়ালৰ জৰাজীৰ্ণ ঘৰ মেৰামতিৰ ব্যৱস্থা কৰি কৃতাৰ্থ কৰে দৰিদ্ৰ পৰিয়ালটোক ৷

বঙাইগাঁৱত ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ

হাতে হাতে প্লে' কাৰ্ড লৈ "ৰে'ল বচাওক-দেশ বচাওক" ,"ৰে'ল খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰক" আদি বিভিন্ন শ্ল'গান দিয়ে ৰে'ল বিভাগৰ কেইবাটাও সংগঠনৰ লগতে ট্ৰেড ইউনিয়নৰ নেতা কৰ্মীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.