ETV Bharat / state

5 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ - 5 PM TOP TEN NEWS

5 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

5 PM TOP TEN NEWS
5 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ
author img

By

Published : Jul 27, 2020, 5:04 PM IST

মুখ্যমন্ত্ৰীয়ে নগাঁৱত স্থাপন কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা

নগাঁৱত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা ৷ ৰাজ্যৰ নগৰ অঞ্চলত ৭৪৯.৫২ কোটি টকাৰ ব্যয় সাপেক্ষে দ্বিতীয় পৰ্যায়ত নিৰ্মাণ হ’বলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনষ্ঠ উক্ত গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন

ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা যুদ্ধংদেহী পৰিৱেশৰ পিচতেই ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰিবলগীয়া ৰাফেল যুদ্ধবিমানৰ এটা ফ্লীট আজি দেশখনৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছে ৷ জৰুৰীকালীনভাৱে ভাৰতীয় বায়ুসেনাই ডেছাল্ট এভিয়েশ্বন নিৰ্মিত কোম্পানীটোৰ পৰা এইদৰে পাঁচখনকৈ ৰাফেল ভাৰতীয় বায়ুসেনাত সংযোজন কৰাৰ সিদ্ধান্ত লৈছিল আৰু বায়ুসেনাৰ এটা অভিজ্ঞ দলে গৈ ফ্ৰান্সত উপস্থিত হৈছিল ৷ ভাৰতীয় বায়ুসেনাৰ দলটোৱে তিনিখন এক আসনযুক্ত আৰু দুখন দুই আসনযুক্ত ৰাফেল যুদ্ধবিমান অহা 29 জুলাইত লাভ কৰিব 1999 চনত কাৰ্গিল যুদ্ধত বিশেষ ভূমিকা পালন কৰা 17 স্কোৱাড্ৰণ "The Golden Arrows"এ ৷

বানক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবীত ৰাজ‍্যজুৰি আমছুৰ মানৱ শৃংখল প্ৰদৰ্শন

সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে সোমবাৰে সমগ্ৰ ৰাজ্যত অসমৰ বান সমস‍্যা সন্দৰ্ভত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷ চিৰাং জিলাৰ পলাংশুগুৰিৰ আই নদীৰ পাৰত এই শৃংখল প্ৰদৰ্শন কৰে সংগঠনটোৱে ৷ একেদৰে বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথতো ৰূপায়ণ কৰা হয় একে কাৰ্যসূচী ৷ সোমবাৰে দিনৰ প্ৰায় 12 বজাত দুয়োখন জিলাতে পৃথকে পৃথকে আমছুয়ে ৰূপায়ণ কৰে এই মানৱ শৃংখল ৷ তাৰপিছতে সংশ্লিষ্ট জিলা উপায়ুক্তৰ জৰিয়তে ছয় দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ মুখ‍্যমন্ত্ৰীলৈ প্ৰদান কৰে সংগঠনটোৱে ।

কাৰ্বি আংলঙ হত্যাকাণ্ডঃ 5 গৰাকীক আটক

সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত এক হত্যাকাণ্ড সংঘটিত হয় ৷ খেৰণিৰ বৰ-মাটিখোলাত সংঘটিত হৈছে এই ঘটনা ৷ অভিযোগ অনুসৰি,পাঁচ সতীৰ্থই হত্যা কৰিছে জীতেন্দ্ৰ ৰাম নামৰ 20 বছৰীয়া যুৱকজনক ৷ নিশা হত্যা কৰি আমৰেং বনাঞ্চলৰ এডাল গছত ৰছীৰে ওলমাই ৰখাৰ অভিযোগ উখাপন হৈছে ৷

দেশজুৰি প্ৰতিবাদী দিৱস পালন কংগ্ৰেছৰ

মহানগৰীৰ গুৱাহাটী ক্লাৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ । বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ । বিৰোধী দলটোৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ।

ত্ৰিপুৰাত পুনৰ তিনিদিনৰ বাবে লক ডাউন বৃদ্ধি

ত্ৰিপুৰাত পুনৰ তিনিদিনৰ বাবে লক ডাউন ঘোষণা ৷ কেৱল মাত্ৰ প্ৰয়োজনীয় সামগ্ৰীৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে ৷ লগতে,প্ৰয়োজনীয় সামগ্ৰীৰ লগত জড়িত বাহন সমূহ চলাচল কৰাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷

পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল

ধুবুৰী জিলাৰ ভাসানীচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অয়ৰাণ জংলা প্ৰথম খণ্ড গাঁও ৷ গাঁওখনৰ চৌদিশে কেৱল পানী আৰু পানী ৷ তাৰ মাজতে পৰিলক্ষিত হৈছে এটা জৰাজীৰ্ণ জুপুৰি ৷ সেই জুপুৰীটোতে বাস কৰি আছে 5 জনীয়া সদস্যৰে ভৰা এটা পৰিয়ালে ৷ ইতিমধ্যে সংহাৰী বানত প্লাৱিত হৈছে জুপুৰীটোৰ ভিতৰছোৱা ৷ তথাপিও অসহায়,আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে কোনো মতে বাস কৰি আছে এই জৰাজীৰ্ণ ঘৰটোৰ ভিতৰত ৷

বানাক্ৰান্তা লোকৰ কাষত থিয় দিলে ইউটিউবাৰ ভূষণ পাঠকে

ইউটিউবত আছামীছ মিক্সাৰ চেনেলটোৰ জৰিয়তে বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠান পৰিৱেশন কৰি সকলোৰে চিনাকি হৈ পৰে ভূষণ পাঠক নামৰ যুৱকজন ৷ যুৱ ইউটিউবাৰ ভূষণ পাঠকে ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰলয়ংকৰী বানত সৰ্বস্বান্ত হোৱা লোকসকলৰ সহায়ৰ বাবে আহ্বান জনাই ইউটিউবত লাইভ ষ্ট্ৰিমিং আৰু লাইভ চাট কৰি বিভিন্নজনৰ পৰা ইউটিউবযোগে সংগ্ৰহ কৰিছিল প্ৰায় ৬০ হাজাৰ টকা ৷ যুৱ ইউটিউবাৰ গৰাকীয়ে নিজেও কিছু ধন আগবঢ়াই প্ৰায় ৭০ হাজাৰ টকাৰে সৰ্থেবাৰী অঞ্চলৰ কেইবাগৰাকীও যুৱকৰ সহযোগত সৰ্থেবাৰীৰ সীমামূৰীয়া নলবাৰী জিলাৰ খেলুৱা,বৰবিলা,কালাতলি আদি গাঁওসমুহত খাদ্য সামগ্ৰীৰ লগতে মাস্ক,চেনিটাইজাৰ আদি বিতৰণ কৰে ৷

বৰপেটা জিলা কাৰাগাৰৰ 34 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি

বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে জানিবলৈ দিয়া অনুসৰি,জিলা কাৰাগাৰত বৰ্তমানলৈ 34 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা গৈছে বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে,কাৰাগাৰত আছে মুঠ 255 গৰাকী কাৰাবন্দী ৷ তাৰ ভিতৰত বৰ্তমানলৈ 74 গৰাকী কাৰাবন্দীৰ COVID পৰীক্ষা সম্পন্ন হৈছে ৷

গাহৰি আমদানিঃ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ টীয়কৰ গাহৰি পালকৰ

অসম চৰকাৰৰ পশুপালন বিভাগে ৰাজ্যখনত প্ৰয়োজনীয় গাহৰিৰ চাহিদা পূৰণ কৰিবলৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা গাহৰি আমদানি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অসমৰ থলুৱা গাহৰি পালকসকলে । লকডাউন,আফ্ৰিকান ছ'ৱাইন ফ্লু'য়ে ক্ষতিগ্ৰস্ত কৰা অসমৰ গাহৰি পালকসকলে এনে দুৰ্যোগৰ পাছতো গাহৰি পালনৰে ৰাজ্যখনত প্ৰয়োজনীয় গাহৰিৰ পোৱালি,মাংসৰ চাহিদা পূৰণ কৰি আহিছে । এই ক্ষেত্ৰত চৰকাৰৰ পশুপালন বিভাগে যিদৰে এইসকল গাহৰি পালকক সহায় কৰিব লাগিছিল সেইদৰে সহায় নকৰাৰ অভিযোগ কৰিছে গাহৰি পালকসকলে ৷

লগতে পঢ়ক : 3 বজাৰ শীৰ্ষ দহটা খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.